সুকন্যা : সুকণ্ঠী গায়িকা ড০ মৌচুমী চহৰীয়াৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ : মামণি শর্মা
ফোন : ৮৪০২৯–১৫০৫৫
আপোনাৰ জন্ম তথা শৈশৱৰ সময়ছোৱাৰ বিষয়ে অলপ জনাবচোন?
মোৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধাত৷ দেউতা হেমেন চহৰীয়া আৰু মা কনকলতা চহৰীয়া৷ প্রায় চাৰি বছৰ বয়সৰ পৰাহ মই মাৰ অনুপ্রেৰণাত সংগীতৰ পৃথিৱীখনত খোজ দিছিলোঁ৷ লোকসংস্কৃতিৰ কঠীয়াতলীস্বৰূপ ছিপাঝাৰৰ ঘোঁৰাবান্ধাৰ পৰাই আৰম্ভ হৈছিল মোৰ সাংগীতিক যাত্রা৷
সংগীতৰ সমান্তৰালকৈ শিক্ষাগত দিশ চম্ভালি লৈ আগুৱাই যোৱাত আপুনি সম্পূর্ণ সফলতা লাভ কৰিছে৷ দুয়োটা দিশত ভাৰসাম্য বর্তাই যিদৰে আগুৱাই আহিল, ইয়াৰ আঁৰৰ কথা অলপ জনাবনে?
ইয়াৰ বিষয়ে ক’বলৈ হ’লে এই প্রসংগতো মই মাৰ কথাই উল্লেখ কৰিব লাগিব৷ দৰাচলতে সংগীতৰ পৃথিৱীখনত মই খোজ দিয়াৰ অন্তৰালত আছিল মাৰ আন্তৰিক ইচ্ছা যাৰ বাবে মায়ে মোৰ পঢ়া–শুনা আৰু সংগীত চর্চা দুয়োটাতে অধিক গুৰুত্ব আৰোপ কৰিছিল৷ ’৮০ৰ দশকত মোৰ জন্ম৷ সেই সময়ছোৱাত পঢ়া–শুনাত মন নিদি গান–নাচ–অভিনয় কৰি ফুৰা কথাটো ইমান সুলভ নাছিল৷ সাম্প্রতিক সময়ৰ দৰে যেন সহজলভ্য নাছিল অসমীয়া সমাজ ব্যৱস্থা যাৰ বাবে বাবাৰ (আমি দেউতাক বাবা বুলিয়েই কওঁ) ভয় বেছি হৈছিল, গান গাই ফুৰিলে পঢ়া–শুনাত পিছপৰি যাম বুলি৷ এজনী ছোৱালীৰ শিক্ষাৰ সমান্তৰালকৈ সংগীতেই হওক কিম্বা আন দিশতেই হওক আগুৱাই যোৱা ইমান সহজসাধ্যও নাছিল৷ দেউতাই বিচাৰিছিল পঢ়া–শুনা কৰি ভালদৰে আগুৱাই যোৱাটো৷ একমাত্র মায়েহে বিচাৰিছিল পঢ়া–শুনাৰ লগতে গান গাই আগুৱাই যোৱাটো৷ সেয়ে দেউতা ঘৰত নথকা সময়তহে মায়ে মোৰ সংগীত চর্চাত গুৰুত্ব দিছিল৷ দেউতা ঘৰত নথকা সময়তহে মায়ে মোক দাদাৰ লগত গান গাবলৈ পঠিয়াই দিছিল৷ সৰুৰ পৰা মই অলপ গভীৰভাৱে চিন্তা কৰা ছোৱালী আছিলোঁ বাবেই নেকি সময় মিলোৱা কার্যসূচীখনো মাৰ সৈতেই প্রস্তুত কৰি লৈছিলোঁ৷ দুয়োটা দিশ চম্ভালি আগুৱাই যোৱাত অলপ জটিলতা আহি পৰাত মই মাৰ আশ্রয় লৈছিলোঁ৷ সিদ্ধান্ত ল’ব নোৱাৰি পিছলৈ সংগীত সাধনা বন্ধ কৰিম বুলিয়েই একপ্রকাৰ সিদ্ধান্ত লৈছিলোঁ৷ সেই সময়ত মায়ে মোক ২৪ ঘণ্টাৰ অর্থ বৰ ধুনীয়াকৈ বুজাই দিছল৷ মাৰ পৰা এটা কথা বুজি পাইছিলোঁ যে ২৪ ঘণ্টাৰ ভিতৰতেহ মই দুয়োটা দিশ আগুৱাহ নিবই লাগিব৷ ২৪ ঘণ্টাৰ সময়খিনিনো কিদৰে সজাম তাক লৈ মোৰ অহৰহ চিন্তা হৈছিল৷ হঠাৎ এদিনাখন পুৱা শুই উঠিয়েই মাৰ ওচৰলৈ গৈ কৈছিলোঁ– ‘মা মই এটা ফর্মূলা পাইছোঁ…’ এহ পুৱাতেই কি ফর্মূলানো পালা বাৰু? তেতিয়া মই মাক কৈছিলোঁ যে মৌচুমী শিক্ষা সংগীত মানে শিক্ষা আৰু সংগীত যোগ হ’লেহে মৌচুমী সম্পূর্ণ হ’ব… মায়ে খুব হাঁহিছিল আৰু চুমা এটা খাই আশীর্বাদ দি কৈছিল– ‘ঠিক আছে মা তুমি ধুনীয়াকৈ গান গাই যোৱা আৰু পঢ়া–শুনাও কৰা৷’ সেই তেতিয়াৰ পৰাই সময়ক খুব ভয় কৰি চলাৰ লগতে সময়ক যথেষ্ট সন্মান কৰিও চলোঁ৷ সময়ৰ নিচিনা শক্তিশালী আৰু এই পৃথিৱীত একোৱেই নাই৷ সময়ক গুৰুত্ব নিদিলে সময়ে কেতিয়াও গুৰুত্ব নিদিয়ে৷ ল’ৰালিৰ সেই দিনটোৰ পৰাই সময় সচেতনতাৰে কামবোৰ আগুৱাই নিয়াত মই গুৰুত্ব আৰোপ কৰোঁ৷ সময়ক নিজৰ ধৰণে সজাই সময়ৰ কাম সময়ত কৰি যোৱা হ’লোঁ৷ এয়া সম্ভৱ হৈছিল কেৱল মাথোঁ মাৰ বাবেহে৷ এই ছেগতে মালৈ… আচলতে ধন্যবাদ শব্দটো মাৰ বাবে বৰ সৰু হৈ যায় যদিও আন্তৰিক কৃতজ্ঞতা জনাবই লাগিব৷
এসময়ৰ তাৰিণী চৌধুৰী বালিকা বিদ্যালয়, কটন মহাবিদ্যালয়ৰ সফল ছাত্রীগৰাকীয়েই এতিয়া এগৰাকী সফল তথা দায়িত্বশীল সংগীত শিল্পীৰ লগতে শিক্ষা বিভাগৰ দায়িত্বশীল শিক্ষক৷ এই যে সন্তুলিত একাত্মতা এই বিষয়ে অলপ জনাবনেবাৰু?
হয়, সংগীতৰ সমান্তৰালকৈ মই এতিয়া শিক্ষা বিভাগৰ সৈতে জড়িত৷ শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰি ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কার্য সম্পূর্ণ কৰোঁ৷ দৰাচলতে এইখিনিতে মোৰ কিছু কথা ক’ব লগা আছে৷ এগৰাকী ব্যক্তিৰ জীৱনত সুখ–দুখ, উত্থান–পতন, হাঁহি–কান্দোনৰ সংমিশ্রণ ঘটেই আৰু ঘটি থাকেই৷ জীৱন কেতিয়াও এটা গতিত সুখতেহ নাথাকে… ভাল–বেয়াৰ মিশ্রণ হয়েই৷ সংগ্রামৰ মাজেৰেই সেয়ে নিজকে আগুৱাই নিব লাগিব৷ মোৰ জীৱনতো তেনেকুৱাই হৈছিল৷ বহু কাৰণত মহ কিছু বছৰ অলপ থমকি ৰ’বলগীয়া হৈছিল যদিও সেয়া নেতিবাচকতাত ডুব যাবলৈ দিয়া নাছিলোঁ৷ সম্প্রতি ডাইৰেক্টৰিয়েট অৱ এছ চি আৰ টিত প্রবক্তা ৰূপে থকাৰ উপৰি দীর্ঘ বিৰতিৰ অন্তত ২০২৪ বর্ষৰ পৰা সংগীততো সক্রিয়ভাৱে আন্তৰিকতাৰে কাম কৰি আছোঁ৷
আপোনাৰ বিবাহোত্তৰ জীৱন তথা মাতৃত্বৰ বিষয়ে কিছু কথা ক’বনে?
২০০৮ চনত ভাৰতীয় স্থল সেনাবাহিনীৰ মেজৰ ৰূপজ্যোতি দাসৰ সৈতে মোৰ বৈবাহিক জীৱন আৰম্ভ হয়৷ এগৰাকী পত্নী হিচাপে, মাতৃ হিচাপে মই নিজকে সুখী বুলিয়েহ অনুভৱ কৰোঁ৷ এই সৰু পৃথিৱীখনক লৈয়েই মোৰ অন্তহীন ব্যস্ততা৷ হয়তো পৰিয়ালটোক অত্যধিক সময় দিবলগীয়া হোৱাও এটা সময়ত মই মৌচুমীয়ে শিক্ষা–সংগীতৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল৷ ভাৰতীয় সেনাবাহিনীত কর্মৰত বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মানেই যেন এটা প্রত্যাহ্বানপূর্ণ জীৱন গ্রহণ কৰা৷ পিছলৈ দুটাকৈ যমজ ল’ৰা সন্তানৰ মাতৃত্ব লাভেও মোক অনন্য অনুভূতি প্রদান কৰে৷ বর্তমান সন্তান দুটা ডাঙৰ হৈ অহাত মুকলি মনেৰে ভালপোৱা কামত মনোনিৱেশ কৰিব পাৰিছোঁ৷ স্বামীৰ কর্মসূত্রে ভাৰতবর্ষৰ বিভিন্ন ঠাহত ঘূৰি–ফুৰি ২০২১ চনৰ পৰা অসমত থিতাপি লওঁ৷ সেয়ে এতিয়া নিজকে সম্পূর্ণৰূপে কর্মক্ষেত্রত উজাৰি দিবলৈ সক্ষম হৈছোঁ৷
এগৰাকী ব্যক্তি হিচাপে নিজস্ব দর্শনৰাজি ফলৱতী কৰাত বৈবাহিক জীৱনৰ বিৰূপ প্রভাৱ পৰিব পাৰে বুলি আপুনি ভাবেনে?
প্রতিটো দিশৰ ভাল–বেয়া, সুখ–দুখেই জীৱনৰ সঁচা ছবি৷ প্রজন্মৰ পিছত প্রজন্মজুৰি জীয়ৰীৰ ৰূপত এগৰাকী ছোৱালী যিদৰে পিতৃ–মাতৃৰ বাবে মৰমৰ বান্ধোনত বান্ধ খাই থাকে, সেই ছোৱালীজনীয়েই আকৌ পিছলৈ বিবাহিত জীৱনত সম্পূর্ণ বিপৰীত জীৱন এটাৰ মুখামুখি হয়৷ জীৱন সলনি হয়েই আৰু এয়াই স্বাভাৱিক কথা যদিও হয়াক আমি কিদৰে গ্রহণ কৰোঁ সেয়াহে মূল কথা৷ আত্মতুষ্টিৰে, আত্মপ্রেমেৰে, যোগাত্মক চিন্তাৰে জীৱনটোক আগবঢ়াই নিয়াহে জীৱনৰ প্রধান উদ্দেশ্য হোৱা প্রয়োজন৷ জীৱনৰ প্রতিটো স্তৰ কিদৰে মুখামুখি হওঁ বা হ’ব পাৰোঁ সেয়াহে আটাইতকৈ ডাঙৰ কথা৷ আন্তৰিকতাৰে গ্রহণ কৰা জীৱনৰ প্রতিটো দিশে সেয়েহে বিবাহিত জীৱনত বিৰূপ প্রভাৱ পেলোৱাৰ প্রশ্নই নুঠে৷
ৰাজহুৱা জীৱন, সামাজিক জীৱন আৰু ব্যক্তিগত জীৱনৰ সীমাৰেখাৰ মান নিৰূপণ আপুনি কিদৰে কৰি ভাল পায়?
এই প্রসংগত ক’বলৈ ভাল পাম যে যথেষ্ট পৰিমাণে মই নিজকে সচেতন আৰু সংযত কৰি ৰাখোঁ যাৰ বাবে মই কেতিয়াও ব্যক্তিগত জীৱনৰ সৈতে ৰাজহুৱা কিম্বা সামাজিক জীৱন সানমিহলি হ’বলৈ নিদিওঁ৷ ৰাজহুৱা জীৱন সদায় ৰাইজৰ মাজত থাকে…
তেওঁলোকৰ দৃষ্টিত মই কি…
মোৰ ভাবমূর্তি কেনেধৰণৰ সেই অনুসৰিহে মই মোৰ দায়িত্ব পালন কৰিব লাগে বুলি অনুভৱ কৰোঁ৷ ঠিক তেনেদৰে সামাজিক জীৱনো ভাবমূর্তিৰ ওপৰত নির্ভৰ কৰিহে আগবাঢ়ে৷ ইয়াৰ বিপৰীতে ব্যক্তিগত জীৱনত এইৰূপে নাথাকি পার্যমানে সময় দিবলৈ চেষ্টা কৰোঁ৷ সানমিহলি নোহোৱাকৈ সমানুপতিকভাৱে জীৱনক আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ৷ পার্যমানে পৰিয়ালক সময় দিবলৈ চেষ্টা কৰোঁ৷ দায়িত্ববোৰ পালন কৰিবলৈ লওঁতে সেয়ে সীমাৰেখা মানি চলিবলগীয়া হয়৷ কিছু কঠিন হৈ পৰে যদিও তিনিওটা স্তৰতেই মই সততাৰে দায়িত্ব পালন কৰি সীমাৰেখাৰ মান নিৰূপণ কৰি জীৱন আগুৱাই নিবলৈ অহৰহ চেষ্টা কৰোঁ৷
আপুনি মৌচুমী চহৰীয়া হোৱাৰ আগেয়ে এগৰাকী জীয়ৰী, পিছলৈ বোৱাৰী, পত্নী হোৱাৰ লগতে এগৰাকী মাতৃও৷ আন্তৰিক সম্পর্কৰ এই বান্ধোন মজবুত কৰাত কেতিয়াবা কষ্টকৰ হয় বুলি ভাবেনে বাৰু?
হয় মিলাবলৈ অলপ কষ্টকৰ হয়, তথাপি মই পার্যমানে সময় মিলাই আগবাঢ়িবলৈ চেষ্টা কৰোঁ যাৰ বাবে আজি পর্যন্ত সময়ৰ আঁচনি বনাই এখন ৰুটিনৰ মাজেৰেহে নিজকে আগবঢ়াবলৈ অহৰহ চেষ্টা কৰোঁ৷ মোৰ ব্যস্ততাৰ বিৰূপ প্রভাৱ যাতে মোৰ সৰু পৃথিৱীখনত নপৰে, তাৰ বাবে কেতিয়াও চেষ্টাৰ ত্রুটি নকৰোঁ৷
সৃষ্টিয়ে সদায় গঢ়ি তোলে… সজাই–পৰাই তোলে৷ নেতিবাচকতাক পৰিহাৰ কৰি সৃষ্টিশীল মনটো ধৰি ৰখাও কেতিয়াবা কষ্টকৰ হৈ পৰে৷ এই সৃষ্টিশীল মনটোক ধৰি ৰাখিবলৈ জীৱনৰ ভিটামিন ৰূপত আপুনি কিহক আগস্থান দিব?
নাৰীৰ জীৱন এক অর্থত প্রত্যাহ্বানস্বৰূপ৷ প্রতিগৰাকী নাৰীয়েই জীৱনত কোনো নহয় কোনো প্রত্যাহ্বানৰ সন্মুখীন হয়েই৷ প্রত্যাহ্বানপূর্ণ এই জীৱনত ভিটামিন ৰূপত বুলিবলৈ দৰাচলতে মই সংগীত সাধনাৰ লগতে ধ্যান–যোগ সাধনা তথা পূজা–অর্চনা, প্রার্থনাক আগস্থান দিওঁ আৰু সময়ত হয়েই জীৱনৰ ভিটামিন হৈ থিয় দিয়ে৷ জীৱনৰ বাবে এখন ঢ়ালস্বৰূপ সংগীত সাধনা কিন্তু আমি শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ লগতে আটাহতকৈ প্রয়োজন হয় নিজকে মানসিকভাৱে সুস্থ কৰি ৰখা৷ শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে মনটোক সুস্থ কৰি ৰাখিবলৈ বহুতো কাম কৰিবলগীয়া হয়৷ যোগাত্মক চিন্তা–চর্চাৰ পৰা যোগাত্মক চিন্তাসমৃদ্ধ কিতাপ পঢ়ালৈ সকলো সমলেহ এই প্রসংগত ফলদায়ক হৈ উঠে৷ তাৰ উপৰি চিন্তাশক্তিক পার্যমানে গতি দিবলৈ আপ্রাণ চেষ্টা কৰোঁ৷ নেতিবাচকতাৰ পৰা আঁতৰি নিজকে সজীৱ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখোঁ৷
‘সৃষ্টি’ আপোনাৰ মানস সন্তান৷ মই জনাত ‘সৃষ্টি’ অনুষ্ঠানৰ সৈতে আপোনাৰ আছে নিবিড় সম্পর্ক৷ এই বিষয়ে অলপ জনাবচোন?
হয় ‘সৃষ্টি’ মোৰ মানস সন্তান৷ ‘সৃষ্টি’ৰ সৈতে আছে মোৰ গভীৰ সম্পর্ক৷ সংগীত আৰু শিক্ষাৰ পৰা আঁতৰি থকা সময়তেই গতানুগতিক জীৱনটোৰ পৰা আঁতৰি থাকিবলৈ সমাজৰ হকে কিবা এটা কৰাৰ মানসেৰেই ‘সৃষ্টি’ শীর্ষক অনুষ্ঠানটোৰ জন্ম দিওঁ৷ ভাৰতীয় সেনাবাহিনীত স্বামী কর্মৰত হেতুকে সমাজৰ বাবে কিবা অলপ কৰিবলৈ প্রথম অৱস্থাত নিজৰ ৰাহি ধনেৰেই আৰম্ভ কৰিছিলোঁ ‘সৃষ্টি’ৰ এই যাত্রা৷
ড০ মৌচুমী চহৰীয়া হোৱাৰ লগতে আপুনি এগৰাকী সেনা বিষয়াৰ পত্নীও৷ সৈনিক পত্নী ৰূপে আপুনি জনাওক মনৰ অৱস্থা তথা দায়িত্ব আৰু কর্তব্য৷
এগৰাকী সেনা বিষয়াৰ পত্নী হোৱা কথাটো ইমান সহজ নহয়, যিহেতু যথেষ্ট প্রতিকূল পৰিৱেশ–পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ যোগাত্মক চিন্তাৰে চাবলৈ ল’লে ভাৰতীয় সেনাবাহিনীৰ পৰা যথেষ্ট শিকিব পাৰিছোঁ৷ সংঘর্ষজর্জৰ অঞ্চলত থকা সময়ত আমাৰ বিষয়া পত্নীসকলৰ দায়িত্ব প্রতিমুহূর্ততে বহু বেছি বাঢ়ি যায়৷ জম্মুত থকা সময়ছোৱাত যুদ্ধলৈ যোৱাৰ সময়ত ভয় লাগিছিল যদিও ভয় একেবাৰেই দেখুৱাব পৰা নাছিলোঁ৷ সেহ সময়ছোৱাত আমিহে জোৱানবিলাকৰ পত্নীৰ ওচৰত সাহস হৈ থিয় দিব লাগিছিল৷ ভাৰতীয় সেনাবাহিনীৰ আটাহতকৈ ভাল লগা আদর্শহ হ’ল সর্বধর্মৰ সমন্বয়… সর্বধর্মস্থল মাথোঁ হৈ পৰিছে সমন্বয়ৰ তীর্থ৷ ইয়াত নাই কোনো জাতিভেদ৷ হিন্দু, মুছলিম, শিখ, খ্রীষ্টান সকলো ধর্মাৱলম্বী লোকৰেহ আছে সমূহীয়া আধ্যাত্মিক স্থল৷ হিন্দু–মুছলিমৰ সমন্বয়স্থলী অসমভূমিত ডাঙৰ হৈও যেন ভাৰতীয় সেনাবাহিনীত সুকীয়া এক সমন্বয়তীর্থত পদধূলা দি নিজকে ধন্য মানিছোঁ৷ ‘সবকা মালিক এক হে’ৰ আদর্শহহে যেন ভাৰতীয় সেনাবাহিনীত বিজয় নিচান উৰুৱায় যাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ এটা অংশ হ’বলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ৷
আপুনি বাৰু কণ্ঠ সাধনাৰ পৰা নিজকে নিলগাই গীত সৃষ্টি তথা সুৰ সংযোজনত মনোনিৱেশ কৰিছে নেকি?
হয়, মই গান গোৱাৰ লগতে লিখোঁ, সুৰ কৰোঁ, কম্পোজ কৰোঁ আৰু যথেষ্টখিনি সৃষ্টিশীল কামত নিজকে জড়িত ৰাখি সুখী হৈ থাাকোঁ৷ ড০ ভূপেন হাজৰিকাৰ গীতৰ শুদ্ধ উচ্চাৰণ তথা শুদ্ধ গায়নশৈলী সম্পর্কিত বিভিন্ন বিদ্যায়তনিক অনুষ্ঠানতো নিজকে জড়িত কৰি ৰাখিছোঁ৷
সাহিত্য–সংগীতৰ লগতে দৰাচলতে মানুহৰ জীৱন ধাৰণ প্রণালীতো মোৰ বোধেৰে প্রয়োজন হয় ব্যাকৰণৰ আৰু এই ব্যাকৰণৰ অভাৱতেই সম্ভৱতঃ মানসিকভাৱে অসুখী হয় মানুহ৷ এই বিষয়ে আপোনাৰ মন্তব্য জনাবচোন?
হয়, মানুহৰ জীৱন ধাৰণ প্রণালীত ব্যাকৰণৰ খুবেই প্রয়োজন৷ শৃংখলাবদ্ধ জীৱন এটাৰ বাবে নিয়মানুৱর্তিতা, সময়ানুৱর্তিতা লাগিবই৷ অসমীয়া শিকিবলৈ যিদৰে অ–ফলা, ক–ফলাৰ প্রয়োজন, ঠিক তেনেদৰে সংগীত সাধনা কৰিবলৈও শাস্ত্রীয় সংগীত শিক্ষাৰ প্রয়োজন৷ ব্যাকৰণ অবিহনেহ অসুখী হৈ পৰে মানুহ৷ মানুহ সুখী হ’বলৈ কিন্তু জীৱনত কিছু ব্যাকৰণ মানি চলিবই লাগে৷ তাৰ বাবে সময়ক প্রাধান্য দিব লাগিবই৷ ‘সময়ৰ টিকনি আগফালে উৰে মামা’ৰ লেখীয়াকৈ সময়ৰ হাতে হাত ধৰি আগুৱাবই লাগিব৷ সুশৃংখলিত জীৱন এটা পাবলৈ হ’লে মনটোক সুস্থ ৰাখি নিয়মানুৱর্তিতা–সম মানি চলিবই লাগিব৷ ব্যাকৰণ অবিহনেই অসুখী হৈ পৰে মানুহ৷ তাৰ বাবে মানুহে সুস্থ মন এটাৰ বাবে ধ্যান, পূজা–প্রার্থনাৰে মনটোক প্রশমিত কৰি ৰাখিবহ লাগিব৷ আধ্যাত্মিক পৰিৱেশ এটাৰ মাজেৰে নিজকে ভিতৰৰ পৰাই সুস্থ কৰি ৰাখিব লাগিব৷ তাৰ বাবে মানুহে কিছু নীতি–নিয়মৰ জৰিয়তে নিজকে যুক্ত কৰি ৰাখিব লাগিব৷ অৱশ্যেই ভিন্ন ধর্মাৱলম্বী লোকভেদে হ’ব পাৰে সেই নীতি–নিয়মৰ ভিন্ন ধৰণ৷
আপোনাৰ সংগীত জীৱনৰ গুৰু কোন বাৰু? বিশেষ সেইগৰাকী গুৰুৰ প্রভাৱ আপোনাৰ জীৱনত কিদৰে পৰিছিল আৰু তেওঁৰ সান্নিধ্য আপুনি কিদৰে পাহছিল?
মোৰ সংগীত জীৱনৰ প্রথম গুৰু মোৰ মা আৰু শাস্ত্রীয় সংগীতৰ প্রথম গুৰু হৈছে ছিপাঝাৰত থকা সময়ছোৱাত পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়া, মঙলদৈত থকা সময়ত পাৰুল বাইদেউ, শ্রদ্ধাৰ অমৰেন্দ্র নাৰায়ণদেৱ৷ তেনেদৰে গুৱাহাটীলৈ অহাৰ পিছত শিৱেন বেনার্জী ছাৰ আৰু বৰগীতৰ বাবে নৰেন দাস ছাৰ মোৰ গুৰু হৈ পৰিল৷ সংগীতৰ উচ্চ শিক্ষাৰ বাবেহ পিছলৈ মুম্বাহৰ প্রসিদ্ধ সংগীত শিল্পী সুৰেশ ৱাদেকাৰ, পণ্ডিত পৰেশ জানা, মুকেশ পাৰমাৰদেৱৰ তত্ত্বাৱধানত সংগীতৰ শিক্ষা লৈ মুম্বাহৰ গন্ধর্ৱ বিদ্যালয়ৰ পৰা বিশাৰদ ডিগ্রী গ্রহণ কৰোঁ৷ তাৰ উপৰি মোৰ জীৱনৰ অন্যতম এগৰকী গুৰু হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা যিগৰাকী ব্যক্তিৰ শিষ্য হ’বলৈ পাই বহু কথাই আয়ত্ত কৰি নিজকে নিজে গৌৰৱান্বিত অনুভৱ কৰোঁ৷ শ্রদ্ধাৰ ড০ ভূপেন হাজৰিকাৰ সৈতে গুৰু–শিষ্যৰ সান্নিধ্যই মোক এটা অনন্য ৰূপত গঢ়ি তুলিলে৷ দায়িত্ববোধৰ প্রতি সজাগ কৰি তোলাৰ লগতে সুকীয়াকৈ গঢ়ি তুলিলে যাৰ বাবে হয়তো মহ অধিক সচেতনতাৰে আগুৱাব পাৰিলোঁ৷
এসময়ত ‘মই মৌচুমী’, ‘তুমি মৌচুমী’, ‘মৰমী মৌচুমী’ আদি কেছেটৰ গানেৰে প্রভূত জনপ্রিয়তা অর্জা মৌচুমী চহৰীয়াই চলচ্চিত্রত কণ্ঠদান কৰিছে নেকি, লগতে জানিব বিচাৰিম আজিৰ ড০ মৌচুমী চহৰীয়াৰ পৰিকল্পনাৰ বিষয়ে৷
হয়, খুব কমসংখ্যক চলচ্চিত্রত মই কণ্ঠদান কৰিছোঁ৷ চলচ্চিত্রত প্রথম মই ‘অগ্নিসাক্ষী’ত জুবিনদাৰ সৈতে কণ্ঠ নিগৰাহছিলোঁ (জীৱনৰ প্রথম বাংলা গীতৰ কেছেটখন জুবিনদাৰ সৈতে কণ্ঠ নিগৰোৱাৰ সুযোগ পাহছিলোঁ)৷ ‘তুমি সোণ আমাৰে মৰমৰ’ ‘মহাদেৱ কেনি গ’ল’ ‘শিৰতে সেন্দূৰ’ আদি গীতত কণ্ঠদান কৰিছিলোঁ৷ ‘জোনদা ইমান গুণ্ডা’, ‘মনে মোৰ কইনা বিচাৰে’ আদিকে ধৰি খুব কমসংখ্যক ছয়–সাতখনমান ছবিত কণ্ঠদান কৰিছোঁ৷ পৰিকল্পনা বুলিবলৈ বহুতেই আছে৷ শিক্ষাৰ লগতে সংগীতৰ ক্ষেত্রখনত কাম কৰা তথা মোৰ মানস সন্তান ‘সৃষ্টি’ক আগুৱাই নিয়াৰ পৰিকল্পনা যুগুতাই থৈছোঁ৷
আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পৰা ব্যক্তিগৰাকী কোন বাৰু?
জীৱনত সর্বাধিক প্রভাৱ পৰা ব্যক্তিগৰাকী কোন বুলি ক’লে এই প্রসংগতো মাৰ কথাই ক’ম৷ আজিপর্যন্ত তথা সদায়েই মাৰ সৈতে মই একাত্ম হৈ আছোঁ… আকৌ জীৱনৰ শ্রেষ্ঠ বন্বুূগৰাকীও হ’ল মোৰ মা৷ স্বামী তথা ল’ৰা দুজনসহ অকণমানি পৃথিৱীখনো মোৰ বাবে জীৱনত অন্যতম প্রভাৱিত মানুহ৷ প্রয়াত ভিনদেউ পৱন কুমাৰ নাথ আছিল মোৰ জীৱনৰ অন্যতম এগৰাকী অভিভাৱক তথা বন্বুূ৷ তেওঁ আজি আমাৰ মাজত নাই যদিও ভিনদেউৰ শূন্যতা মই অহৰহ অনুভৱ কৰোঁ৷