নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : মৃত কন্যা সন্তানতকৈ বিবাহ বিচ্ছেদিত কন্যাই শ্রেয়

যিকোনো মানুহৰ বাবে তেওঁৰ ঘৰখনেই সকলোতকৈ নিৰাপদ স্থান৷ ঘৰখনে আমাক কেৱল আশ্রয়েই প্রদান নকৰে, ঘৰখনে আমাক দিয়ে সকলো বিপদ–আপদৰ পৰা নিশ্চিত সুৰক্ষা৷ প্রাকৃতিক দুর্যোগেই হওক অথবা কোনো অপ্রত্যাশিত আকস্মিক আক্রমণেই হওক, আমি সুৰক্ষা আবেষ্টনী বিচাৰি ঢপলিয়াই আহোঁ ঘৰখনলৈ৷ কিন্তু সেই পৰম নিশ্চিত ঘৰখনৰ চাৰিবেৰেই যদি আপোনাৰ–মোৰ ছোৱালীজনীৰ বাবে সকলোতকৈ অসুৰক্ষিত স্থান হৈ পৰে তেন্তে উপায় কি? ছোৱালীজনীক নিৰাপদে জীৱনটো জীয়াবলৈ আমি ক’ত স্থান দিম। ছোৱালী এজনীক বিয়া দিয়াৰ পিছত তেওঁৰ স্বামীৰ ঘৰখনেই হৈ পৰে আপোন ঘৰ৷ যিগৰাকী ছোৱালীক আপুনি জন্মৰ পৰা আতোলতোলকৈ ডাঙৰ–দীঘল কৰি উপযুক্ত বয়সত বিয়া দিয়ে, তেতিয়া আপুনি পৰম বিশ্বাস আৰু প্রত্যয়েৰে ভাবে যে স্বামীৰ সেই গৃহতেই সকলো সুৰক্ষা বেষ্টনী আৰু মৰমৰ মাজত ছোৱালীজনী জীৱনটোৰ বাকী কালছোৱা কটাব৷ কিন্তু এতিয়া হৈছে কি? স্বামীৰ সেই আপোন ঘৰখনেই অসংখ্য কন্যা সন্তানৰ বাবে সকলোতকৈ অসুৰক্ষিত স্থান হৈ পৰিছে৷ স্বামীগৃহৰ চাৰিবেৰ অথবা শোৱনী কোঠাই এতিয়া সেই দুর্ভগীয়া কন্যা সন্তানসকলৰ বাবে একো একোটা কফিন হৈ পৰিছে৷ সমগ্র দেশতে শেহতীয়াকৈ অস্বাভাৱিকভাৱে বৃদ্ধি পাই আহিছে যৌতুকজনিত অত্যাচাৰ আৰু হত্যা৷ শেহতীয়াকৈ ভূপালৰ তিশ্বা শর্মাৰ মৃত্যুৱে সমগ্র দেশ জোকাৰি গৈছে৷ এসময়ৰ ম’ডেল, অভিনেত্রী তথা সুন্দৰী প্রতিযোগিতাৰ বিজয়ী প্রতিভাৱান তিশ্বাই পাঁচ মাহ পূর্বে ভূপালৰ আইনজীৱী পৰিয়াল এটাৰ বোৱাৰী হৈ আহিছিল৷ বেচ ধুমধামেৰে ব্যয়বহুলভাৱে তিশ্বাৰ বিয়া হৈছিল অধিবক্তা সমর্থ সিঙৰ সৈতে৷ সমর্থৰ মাতৃ তথা তিশ্বাৰ শাহুৱেক আছিল অৱসৰপ্রাপ্ত ন্যায়াধীশ৷ এনে এখন ঘৰলৈ বিয়া হৈ অহা তিশ্বাৰ প্রথম কেইটামান মাহ আনন্দ–উছাহৰ মাজেৰেই পাৰ হৈছিল যদিও দুমাহমান পূর্বৰ পৰা স্বামীৰ ঘৰত অশান্তি আৰম্ভ হয়৷ মানসিকভাৱে ভাগি পৰা তিশ্বাৰ যোৱা ১২ মে’ত এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়৷ প্রথম অৱস্থাত সমর্থৰ পৰিয়ালে তিশ্বাই আত্মহত্যা কৰা বুলি প্রকাশ কৰিছিল যদিও দিন যোৱাৰ পিছত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উঠে৷ ইতিমধ্যে ভূপাল আৰক্ষীয়ে সমর্থ আৰু তিশ্বাৰ শাহুৱেকক গ্রেপ্তাৰ কৰিছে৷ এই হাইপ্রফাইল পৰিয়ালটোৰ প্রতিভাৱান বোৱাৰীগৰাকীৰ মৃত্যুৱে স্বাভাৱিকতে দেশত খলকনি তুলিছে৷
এই ঘটনাৰ সমান্তৰালকৈ নিকিতা ভাটিৰ যৌতুকজনিত হত্যাৰ ঘটনায়ো চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিবাহৰ সময়ত প্রায় কোটি টকাৰ নগদ ধন আৰু আ–অলংকাৰ দিয়াৰ পিছতো বিয়াৰ পিছৰে পৰাই স্বামীগৃহই এখন বিলাসী ফৰচুনাৰ আৰু নগদ ৩০ লক্ষাধিক টকা দাবী কৰি আহিছিল৷ কিন্তু সেই দাবী পূৰণ কৰিবলৈ অসমর্থ হোৱাৰ বাবেই নৱবিবাহিতা কন্যাগৰাকীক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ দেশত প্রতিনিয়ত ঘটি থকা যৌতুক অপৰাধ আৰু হত্যাৰ দুটা বিক্ষিপ্ত উদাহৰণহে এয়া৷ এই ঘটনালানিৰ পৰিপ্রেক্ষিততে এখন আদালতে এক ৰায় সন্দর্ভত কন্যা সন্তানৰ পিতৃ–মাতৃৰ সমুখত এটা গভীৰ প্রশ্ণৰ অৱতাৰণা কৰিছে– ‘আপুনি বিবাহ বিচ্ছেদিত কন্যা সন্তান বিচাৰে নে, বিবাহিত মৃত কন্যা বিচাৰে?’ এই প্রশ্ণই কন্যা সন্তান থকা কোটি কোটি পিতৃ–মাতৃৰ হূদয়ত ধুমুহাৰ সৃষ্টি কৰিছে৷ নিশ্চিতভাৱে বিবাহিত মৃত কন্যাতকৈ বিবাহ বিচ্ছেদিত কন্যায়েই শ্রেয়৷ স্বামীগৃহত প্রতিদিনে অমানুষিক অত্যাচাৰ–উৎপীড়ন সহ্য কৰি তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ সলনি সময় থাকোঁতেই নিজ কন্যাক বিবাহ বিচ্ছেদ কৰি এক সুস্থ জীৱন যাপন কৰাৰ বাবে উৎসাহিত কৰাটো অধিক উৎকৃষ্ট৷ পৰিসংখ্যা অনুযায়ীয়ে দেশত প্রতিবছৰে গড়ে যৌতুকজনিত ঘটনাত ৬,৮০০ কন্যাই অকাল নির্মম মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ এই পৰিসংখ্যাৰ পৰাই অনুমান কৰিব পাৰি যে কিমান লক্ষ লক্ষ কন্যাই স্বামীগৃহত মৃত্যু নোহোৱাকৈ চৰম অপমান–অত্যাচাৰ সহ্য কৰি থাকিবলগীয়া হৈছে৷ আশ্চর্যজনকভাৱে দেশত প্রতিবছৰে ৰাষ্ট্রীয় প্রাকৃতিক বিপর্যয়ত যিমান লোকৰ মৃত্যু হয় তাতোকৈ অধিক কন্যাৰ অকাল মৃত্যু হয় যৌতুকজনিত অত্যাচাৰত স্বামীগৃহত৷ প্রাকৃতিক বিপর্যয়ত দেশত গড়ে প্রতিবছৰে ৪,৫০০–৫,০০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যৌতুকজনিত মৃত্যু গড়ে ৬,৮০০৷ নিঃসন্দেহে এয়া এক ভয়ংকৰ উদ্বেগজনক তথ্য৷

You might also like