লখিমপুৰৰ দুলুঙত বন বিভাগৰ উচ্ছেদ অভিযান
লখিমপুৰৰ দুলুঙত বন বিভাগে উচ্ছেদ অভিযান চলায়। সংৰক্ষিত বনাঞ্চল খনত এক বৃহৎ এলেকা সামৰি চাহ বাগিচা পাতিবলৈ যো জা কৰি সামগ্রী মজুত কৰা অৱস্থাত বন বিভাগে সফল অভিযান চলাই সা সামগ্রী সমুহ জব্দ কৰি আনে।
বন বিভাগৰ বিষয়াই জনোৱা মতে, শেহতীয়াকৈ বহু বিঘা বনাঞ্চল ভূমিত অৰুণাচলৰ একাংশ লোকে মুকলি কৰিছিল। বেদখলকাৰীয়ে কাঠৰ খুঁটা স্থাপন কৰি বনভূমি দখল কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল।
এই খবৰ পাই তৎকালীনভাৱে লখিমপুৰ বন সংমণ্ডলৰ এটা দলে অভিযান চলাই বেদখল কৰা অঞ্চলটোৰ পৰা কাঠৰ খুঁটা আৰু অন্যান্য অস্থায়ী সামগ্রী আঁতৰাই পেলায়। শান্তিপূৰ্ণভাৱে এই অভিযান চলোৱা হৈছিল আৰু বেদখল কৰা বনাঞ্চলৰ মাটি পুনৰ উদ্ধাৰ কৰা হয়।
বন বিষয়াসকলে আৰু উল্লেখ কৰে যে সংৰক্ষিত বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণে অধিক বেদখল ৰোধ কৰাৰ লগতে বন পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে অভিযান অব্যাহত ৰাখিব।
লখিমপুৰ বন সংমণ্ডলে সংৰক্ষিত বনাঞ্চলসমূহক অবৈধ আৰু অকৰ্তৃত্বশীল দখলৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয়। এই অভিযানৰ নেতৃত্ব দিয়ে ৰেঞ্জ অফিচাৰ উৎপল বৰুৱা, আমিনুল ইছলাম আৰু বিট অফিচাৰ ৰাজ কিশোৰ দলেই।
বিশেষ বাৰ্তা, লখিমপুৰ, ২ জুন