নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনশ্ৰীঘাটত দুই কুইন্টল ভাংসহ এজনক আটক

আজি (৪ জুন) দিন-দুপৰতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীঘাটত  আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২ কুইন্টল ৮৬ কেজি ৪৮গ্ৰাম ভাং। ওৰাং আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত সুৰজিত হাজৰিকা সমন্বিতে আৰক্ষী কনিষ্টবল কঞ্জনা ৰাভা, ২৭নং এপিবিএনৰ বেটেলিয়ন উৎপল সূত্ৰধৰ, মহানন্দ বড়ো, আৰক্ষী হোমগাৰ্ড মাণিক দেই এক গোপন সূত্ৰৰ পম খেদি দিনৰ ১১.২০ মান বজাত মাজবাটৰ পৰা ধনশ্ৰীঘাট হৈ বৰঝাৰ অভিমুখে আহি থকা এখন এক্স ইউ ভি (এ এছ-০১জি এফ-৬৭০৬) গাড়ীৰ পৰা গ্ৰাম্য নগৰী ধনশ্ৰীঘাটত দুই কুইন্টল ৮৬ কেজি ৪৮ গ্ৰাম ভাং জব্দ কৰিবলৈ  সক্ষম হয়।

জব্দকৃত ভাং আৰু গাড়ীৰ সৈতে মাজবাট আৰক্ষী থানাৰ অধীনস্থ বাহাদুৰ আৰ্দশ গাঁও ৰূপাজুলিৰ মোহন দৈমাৰীৰ ২৫ বছৰীয়া পুত্ৰ তথা ভাং ব্যৱসায়ী ৰিংচাৰ দৈমাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ ওৰাং, মাজবাট, লালপানী, ধনশ্ৰীঘাট আদি অঞ্চলত সঘনাই বৃহৎ  পৰিমাণৰ ভাং উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰি আহিছে যে এই অঞ্চলবোৰত নিত্য নৈমিত্তিকভাৱে  মজুত তথা সৰবৰাহ  হৈ আহিছে এই ৰাগিয়াল দ্ৰব্যবিধ। উল্লেখ্য যে ৩০ মে’ত লালপানীত ৩কুইণ্টল ৪৯ কেজি গাঞ্জা উদ্ধাৰ হোৱাৰ দুদিন পিছতেই ২ জুনত পুনৰ ডিমাছাং অঞ্চলত ১ কুইণ্টল ৮১ কেজি ৯৪ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এনে সফলতাৰ বিপৰীতে অঞ্চলকেইটাৰ সচেতন নাগৰিকসকলক এই নিৰ্মূলহীন  তথা ধাৰাবাহিক গাঞ্জা  সৰবৰাহৰ কৰ্মকাণ্ডই দুশ্চিন্তাত পেলাইছে । এই অসামাজিক কাৰ্যকলাপ ৰোধৰ হেতু সামাজিক সংগঠন আৰু আৰক্ষী প্ৰশাসনক সক্ৰিয় ভূমিকা পালনৰ আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে ।

নিয়মীয়া বাৰ্তা, ওৰাং, ৪ জুন : 

You might also like