নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ প্ৰতিদিনে দেশত ক’ভিড-১৯ আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে । ক’ৰোনা ভাইৰাছৰ শৃংখল ভংগ কৰাৰ বাবে দেশজুৰি লকডাউন চলি থকাৰ পাচতো ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে । বিগত ২৪ ঘণ্টাত ৯৪৫ লোক বিভিন্ন ৰাজ্যত আক্ৰান্ত হোৱাত দেশজুৰি ভাইৰাছটোত আক্ৰান্তৰ সংখ্যা হ’ল ৭,৫৯৮ । তেনেদৰে বিগত ২৪ ঘণ্টাত ইন্দোৰৰ এজন চিকিৎসক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটাত দেশত মুঠ ৪৭ জন লোকৰ মৃত্যু ঘটে বিগত ২৪ ঘণ্টাত । ইয়াকে লৈ মৃতকৰ সংখ্যা ২৪৬ লৈ বৃদ্ধি পাইছে । ইপিনে, ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত সামূহিক সংক্ৰমণে দেশত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন ৰাজ্যত উদ্বেগজনক পৰিৱেশ সৃষ্টি হৈছে । পঞ্জাৱ চৰকাৰে ৰাজ্যখনত সামূহিক সংক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । দ্ৰুতগতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও দেশত সামূহিক সংক্ৰমণ হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সংবাদমেলযোগে সদৰী কৰিছে । নতুন দিল্লীত আয়োজিত সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে প্ৰকাশ কৰা মতে, দেশত যিহেতু সামূহিক সংক্ৰমণ হোৱা নাই , গতিকে দেশবাসীৰ শংকাৰ কোনো কাৰণ নাই ।