সম্পাদকীয় : প্রকৃতিৰ অনুপ্রেৰণা
প্রকৃতি অভিধাটোৰ অর্থ বহু বিশাল৷ সাধাৰণ অর্থত আমাৰ চাৰিওফালৰ দৃশ্য–অদৃশ্য জগতখন আৰু তাত বর্তি থকা জীৱকুলক সামৰিয়েই এই বিশাল প্রকৃতি৷ সমগ্র ভৌতিক বিশ্বব্রহ্মাণ্ড ইয়াৰ অন্তর্ভুক্ত৷ সেইবাবেই কেৱল গছ–লতিকা, নদ–নদী, পাহাৰ–পর্বত, মাটি–পানী, হাবি–বননি, জীৱ–জন্তু আদি সকলোকে সামৰি এই প্রকৃতি৷ মানৱ জাতিও ইয়াৰ ঊর্ধ্বত নহয়, ইয়াৰ অন্তর্ভুক্তহে৷ অৱশ্যে মানৱসৃষ্ট উপাদানসমূহ প্রকৃতিৰ অন্তর্ভুক্ত নহয়৷ আদিম যুগত মানৱ জাতিয়েও এই সামগ্রিকতাক আঁকোৱালি লৈয়েই জীৱন নির্বাহ কৰিছিল৷ জীৱনৰ প্রতিটো পদক্ষেপেই আছিল প্রকৃতি নির্ভৰ৷ প্রকৃতিয়েও এইক্ষেত্রত সহযোগিতা কৰাত কার্পণ্য কৰা নাছিল৷ কিন্তু মানুহে সভ্যতাৰ জখলা বগাবলৈ লোৱাৰে পৰা যেন আৰম্ভ হ’ল প্রকৃতি আৰু মানুহৰ মাজৰ সম্পর্কৰ ব্যৱধান৷ মানুহে নিজৰ প্রয়োজনত বিভিন্ন বস্তু উদ্ভাৱন বা আৱিষ্কাৰ কৰিবলৈ লোৱাৰে পৰাই এই ফাটটো ক্রমে বেছি বহল হৈ যাবলৈ ধৰিলে৷ মানুহে নিজকে জীৱশ্রেষ্ঠ বুলি ভাবিবলৈ লোৱাৰ দৰেই প্রকৃতিকো নিজৰ বহতীয়া বুলি ভাবিবলৈ ল’লে৷ আৰম্ভ হ’ল প্রকৃতিৰ ওপৰত নির্যাতন৷ মানুহৰ নিজৰ ভোগ–বিলাসৰ বাবে নিতৌ প্রকৃতিৰ ওপৰত কুঠাৰাঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ এই অত্যাচাৰ সহি সহি উদাৰ প্রকৃতি সাধাৰণতে নীৰৱ হৈ থাকিলেও মানুহৰ এই কার্য প্রায়ে বুমেৰাং হোৱাহে দেখা গৈছে৷ মহাত্মা গান্ধীয়ে কৈছিল– ‘পৃথিৱীখনত যথেষ্ট সম্পদ আছে আমাৰ অভাৱ পূৰাবলৈ, আমাৰ লালসা পূৰাবলৈ নহয়৷’ মানুহৰ এই লালসা বাঢ়ি যোৱাৰ লগে লগে প্রকৃতিৰ ৰোষত পৰিবলৈ লৈছে সমগ্র মানৱ জাতি৷ অকল মানৱ জাতিয়েই নহয় উলুৰ লগত বগৰী পোৰাৰ দৰে সমগ্র প্রাণীকুলৰ ভৱিষ্যতলৈ নামি আহিছে ভয়াৱহ অশনি সংকেত৷ আমাৰ সৌৰজগতখনত পৃথিৱীসদৃশ গ্রহ আৰু এটাও নাই৷ আন কোনো বহিঃবিশ্বত আছেনে নাই তাৰো সঠিক সম্ভেদ উলিয়াব পৰা নাই বিজ্ঞানীসকলে৷ গতিকে এনে এখন বিনন্দীয়া পৃথিৱীৰ ধ্বংসৰ কাৰণ যদি মানুহেই হয়, তেন্তে তাৰ দৰে আত্মঘাতী কথা আৰু কি হ’ব পাৰে? মানুহৰ এনে বর্ধিত প্রৱণতাবোৰ দেখি পৃথিৱীৰ এচাম সচেতন লোকে ইয়াৰ বাবে কিবা কৰাৰ উপায় ভাবি উলিয়ালে৷ এইক্ষেত্রত একমাত্র ফলপ্রসূ উপায় হ’ব পাৰে জনসচেতনতা সৃষ্টি৷ ১৯৭২ চনত ছুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত হ’ল ৰাষ্ট্রসংঘৰ মানৱ পৰিৱেশ সম্পক্য় সন্মিলন৷ এই সন্মিলনতে প্রতিবছৰে ৫ জুনৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস পালনৰ সিদ্ধান্ত লোৱা হ’ল৷ ১৯৭৪ চনৰ পৰাই আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰিবলৈ লোৱা হ’ল সমগ্র বিশ্বতে৷ প্রতিবছৰে এই দিৱস পালনৰ একোটা মূল বিষয় বা থিম নির্ধাৰণ কৰা হ’ল৷ ২০২৬ বর্ষত ‘বিশ্ব পৰিৱেশ দিৱস’ৰ মূল বিষয় নির্ধাৰণ কৰা হৈছে– নতুন জলবায়ুৰ বাবে এতিয়াই Now for Climate) আৰু শ্ল’গান হৈছে–আমাৰ জলবায়ু, আমাৰ ভৱিষ্যতৰ বাবে প্রকৃতিৰ দ্বাৰা অনুপ্রাণিত Inspired by Nature, for our Climate, for our future)৷ জলবায়ু পৰিৱর্তনৰ ফলত সৃষ্টি হোৱা সংকট নিৰাময় আৰু প্রাকৃতিকভাৱে ইয়াৰ সমাধান উলিওৱাৰ ওপৰত এই বিষয়বস্তুৱে গুৰুত্ব প্রদান কৰিছে৷ বিশ্বব্যাপী উদ্যাপন হোৱা এই ‘বিশ্ব পৰিৱেশ দিৱস’ৰ মূল অনুষ্ঠানটো এইবাৰ অনুষ্ঠিত হ’ব আজাৰবাইজানৰ বাকু চহৰত৷ পিছে এয়া কেৱল আনুষ্ঠানিকতা নে আন্তৰিকতা? যোৱা প্রায় অর্ধশতিকা ধৰি এনে আনুষ্ঠানিকতা পালন কৰি অহা হৈছে যদিও প্রকৃতি সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্রত আশাপ্রদ সাফল্য কিবা দেখিবলৈ পোৱা গৈছেনে?
সভ্যতাৰ আগ্রাসনে প্রকৃতিৰ ওপৰত যি হেঁচাৰ সৃষ্টি কৰিছে, সেয়া অত্যন্ত উদ্বেগজনক৷ উদ্যোগ, কল–কাৰখানা, ৰাস্তা–পদূলি আদি নির্মাণৰ বাবে নিতৌ বনাঞ্চল ধ্বংস হ’ব লাগিছে, পাহাৰবোৰ টকলা হোৱাই নহয় তাৰ বুকু বিদাৰি পেলোৱা হৈছে, বায়ু প্রদূষণ, পানী প্রদূষণ আদিয়ে ছানি ধৰিছে৷ ফলত গোলকীয় উত্তাপ হোৰাহোৰে বৃদ্ধি পাব লাগিছে৷ শস্যৰ উৎপাদন হ্রাস পাইছে৷ তদুপৰি প্লাষ্টিক প্রদূষণ, ই–আৱর্জনা প্রদূষণ আদিয়ে নিত্য নতুন সমস্যাৰ সৃষ্টি কৰিব ধৰিছে৷ তাৰ মাজতো প্রতিবছৰে বিশ্ব পৰিৱেশ দিৱসৰ দৰে অনেক সজাগতামূলক অনুষ্ঠান আমি পাতি আহিছোঁ৷ কিন্তু বাস্তৱত হৈছে কি? আমি আজিকালি কিবা এটা অনুষ্ঠান হ’লেও গছপুলি ৰোপণৰ কার্যসূচী এটা ৰাখোঁৱেই৷ বৰ ভাল কথা৷ এয়াও এনে এক সজাগতাৰে ফচল নিশ্চয়৷ কিন্তু আনুষ্ঠানিকতাৰ নামত গছপুলিকেইটা ৰোপণ কৰাৰ পিছত তাক প্রতিপালন কৰি জীয়াই ৰাখিবলৈ তালৈ উভতি চোৱাৰো আমাৰ সময় নাথাকে৷ ফলত এনে আনুষ্ঠানিকতাৰ নামত প্রতিবছৰে শ শ গছপুলিৰ অপমৃত্যু ঘটে৷ তেনেদৰে বিভিন্ন প্রকাৰৰ প্রদূষণ সৃষ্টিৰ ক্ষেত্রতো আমি যেন আগৰণুৱা৷ অৱশ্যে এনেবোৰ ক্ষেত্রত সজাগতা সৃষ্টিৰ বাবে আজি বহুতো লোকে দেহে–কেহে খাটি আছে৷ একাংশ লোকে আকৌ প্রচাৰৰ প্রতি আগ্রহী নোহোৱাকৈয়ে আন্তৰিক দায়বদ্ধতাৰ অনুভৱেৰে প্রকৃতি সুৰক্ষা আৰু সংৰক্ষণৰ হকে কাম কৰি আছে৷ তেনে এটি উদাহৰণ হ’ল ‘অৰণ্য মানৱ’ যাদৱ পায়েং৷ সম্পূর্ণ নিজাববীয়া প্রচেষ্টাৰে তেওঁ ‘মোলাই কাঠনি’ গঢি তুলিছে৷ এনে উদাহৰণ আমি ল’ব লাগে৷ সকলোৰে বাবে একোখন ‘মোলাই কাঠনি’ গঢি তোলাটো সম্ভৱ নহয়৷ কিন্তু নিজৰ নিজৰ সুযোগ–সুবিধাৰ মাজতেই আমি বহু কিবা–কিবি কৰিব পাৰোঁ৷ গছপুলি এটা ৰুই প্রতিপালন কৰিবৰ অৱকাশ নাথাকিলেও আমি নিজাববীয়াকৈ প্রদূষণ সৃষ্টি কৰাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰোঁ৷ জীৱাশ্ম ইন্ধন পার্যমানে কমকৈ ব্যৱহাৰ কৰা, ৰেফ্রিজাৰেটৰ বা এয়াৰ কণ্ডিচনাৰ আদিৰ ব্যৱহাৰ যিমান পৰা যায় কমোৱা, প্লাষ্টিক প্রদূষণ কৰাৰ পৰা আঁাঁতৰি থকা আদি বিভিন্ন কাম আমি ব্যক্তিগত পর্যায়তো কৰিব পাৰোঁ৷ তাৰ বাবে বছৰেকত এটা অনুষ্ঠান পতাৰ দৰকাৰ নাই৷ প্রয়োজন মাথোঁ আমাৰ দায়বদ্ধতা আৰু সদিচ্ছাৰ৷ এতিয়া আৰু জোঁৰ পুৰি হাতত লাগিবলৈ বাকী নাই৷ তথাপি যদি আমি ‘পি–পু–সি–শো’ নীতিকে লৈ থাকোঁ, তেন্তে এই সুন্দৰ পৃথিৱীখনৰ আয়ুস আৰু বেছিদিন নাই৷ সেইবাবেই ‘বিশ্ব পৰিৱেশ দিৱস’ৰ এই বছৰৰ শ্ল’গানত আমাক প্রকৃতিৰ দ্বাৰা অনুপ্রাণিত হোৱাৰ আহ্বান জনোৱা হৈছে৷ প্রকৃতিয়ে আমাক উদাৰচিত্তে সকলোখিনিয়েই উজাৰি দিছে৷ কিন্তু আমি তাক ৰাক্ষসৰ দৰে গো–গ্রাসে গিলিবলৈ চেষ্টা কৰিছোঁ৷ ফলত নিজৰ বিপদ আমি নিজেই মাতি আনিছোঁ৷ জীৱশ্রেষ্ঠ বুলি দম্ভালি মাৰি নির্জু প্রকৃতিৰ ওপৰত বৰমতা দেখুৱাবলৈ গৈ আজি মানুহে নিজৰ সর্বনাশ মাতি আনিবলৈ ধৰিছে৷ প্রকৃতিক বশ কৰাৰ সলনি প্রকৃতিৰ সৈতে সমিলমিলেৰে সহবাস কৰাটোহে এতিয়া মানৱ জাতিৰ বাবে বুদ্ধিমানৰ কাম হ’ব৷ প্রকৃতি সকলোৰে বাবে যিদৰে উদাৰ, আমিও তেনেদৰেও প্রকৃতিৰ প্রতি দায়িত্বশীল হ’বই লাগিব৷ এই শিক্ষা বা অনুপ্রেৰণা আমাক প্রকৃতিয়েই দিছে৷ এই কথাখিনি অর্থাৎ প্রকৃতিৰ মহত্ত্বক যিদিনা মানৱ জাতিয়ে আন্তৰিকতাৰে অনুধাৱন কৰিবলৈ সক্ষম হ’ব, সিদিনাই নিজৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাৰো বাট মুকলি হ’ব৷ কিন্তু যিমান সোনকালে মানুহৰ এই বোধোদয় হয়, সিমানেই মংগলজনক৷ অন্যথা ইতিমধ্যেই অকল্পনীয় নৰকৰ পথ মুকলি হৈ গৈছে৷ ইয়াক ৰোধ কৰিব পৰাটোহে আজিৰ সময়ৰ তাগিদা৷