নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ হ’ব আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ প্ৰতি ভাবুকিঃ ৰাষ্ট্ৰসংঘ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ভিড-১৯ ৰ সংক্ৰমণে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে প্ৰথমবাৰৰ বাবে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে । মহামাৰী ভাইৰাছক লৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক আয়োজন কৰাৰ পাছত সচিবপ্ৰধান গুটেৰেছে ক’ভিড-১৯ মহামাৰীয়ে আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষালৈ ভাবুকি কঢ়িয়াই আনিব বুলি সকীয়নি দিছে । এক বিবৃতিত সচিবপ্ৰধানগৰাকীয়ে কয় যে মহামাৰী ভাইৰাছটোৰ বিৰুদ্ধে যুঁজাৰ সক্ষমতা হেৰুৱালে বিশ্বজুৰি সামাজিক অস্থিৰতা আৰু হিংসা বৃদ্ধি কৰিব । ইয়ে আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব । মহামাৰী ভাইৰাছটোৰ সংক্ৰমণৰ সময়তে সন্ত্ৰাসবাদী সংগঠনে সুযোগ গ্ৰহণ কৰি বিভিন্ন দেশত আক্ৰমণ সংঘটিত কৰিব পাৰে । তদুপৰি জৈৱিক সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰো সম্ভাৱনা আছে । ইয়াৰ উপৰি মানৱ অধিকাৰৰ ক্ষেত্ৰত বিভিন্ন দেশত প্ৰত্যাহ্বান আহিব বুলিও বিবৃতিত উল্লেখ কৰা হৈছে ।

You might also like