দুৰ্ভিক্ষৰ কবলত পৰিব এছিয়াৰ বস্ত্ৰ শিল্পৰ কৰ্মী
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে এছিয়াৰ বস্ত্ৰ শিল্পলৈ কঢ়িয়াই আনিছে ভাবুকি। শেহতীয়াকৈ এম্বাটুৰ ফেশ্বন ইণ্ডিয়াৰ অধ্যক্ষ বিজয় মাহটানীয়ে উল্লেখ কৰিছে যে বস্ত্ৰ উদ্যোগবোৰৰ কৰ্মীসকল যদি ক’ৰোনা ভাইৰাছত নমৰে তেন্তে তেওঁলোক পৰৱৰ্তী সময়ত দুৰ্ভিক্ষত মৰিব লাগিব। বস্ত্ৰ উদ্যোগত ক’ৰোনা ভাইৰাছে ভয়াৱহ প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি মাহটানীয়ে এই কথাও উল্লেখ কৰিছে যে শেহতীয়াকৈ কৰোণা সংকটৰ বাবে তেওঁলোকে বন্ধ কৰিবলগীয়া হৈছে ব্যৱসায়। বিজয় মাটানীৰ উপৰি দুই সহযোগী অমিত মাহটানী আৰু শ্বৱান ইছলামৰ বস্ত্ৰ উদ্যোগত আছে ১৮,০০০ কৰ্মী। বাংলাদেশ ভাৰত আৰু জৰ্ডানত বিস্তৃত হৈ আছে তিনিওগৰাকী ব্যৱসায়ীৰ বস্ত্ৰ ব্যৱসায়। ক’ৰোনা ভাইৰাছ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগে লগে এই ব্যৱসায়ী তিনিওগৰাকীয়ে বন্ধ কৰিব লগীয়া হৈছে সকলো প্ৰতিষ্ঠান। ঢাকাত মাত্ৰ এটা বস্ত্ৰ কাৰখানা চলি আছে যদিও ইয়াৰ বাণিজ্যত আহি পৰিছে মন্দাৱস্থা। সেয়াই নহয়, এছিয়াৰ বিভিন্ন দেশত বস্ত্ৰ শিল্পত এতিয়া আৰম্ভ হৈছে দুৰ্দশা। কাৰণ ক’ৰোনা ভাইৰাছৰ বাবে বিভিন্ন দেশে ঘোষণা কৰা তলাবন্ধৰ ফলত বন্ধ হৈ আছে কাপোৰৰ দোকান তথা শ্বপিং মলবোৰ। ক’ৰোনা মহামাৰীৰ সংকট দীৰ্ঘদিনলৈ থাকিলে থাকিলে গৰিষ্ঠসংখ্যক কৰ্মী দুৰ্ভিক্ষৰ কবলত পৰাটো নিশ্চিত।