নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্ত বিভাগৰ নিৰ্দেশনাঃ দৰমহাসহ অন্য শিতানৰো পুঁজি মুকলি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ লকডাউনৰ বাবে ৰাজ্যখনত উন্নয়নমূলক কাম-কাজ তথা আঁচনিৰ ৰূপায়ণ যাতে স্থবিৰ হৈ পৰাৰ সলনি নিয়মিত ৰূপত অব্যাহত থাকে , তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিত্ত বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । বিত্ত বিভাগে শনিবাৰে এক তাঁৰবাৰ্তাযোগে ( নং বি চি ২০৭/২০১২/২৩৬) প্ৰতিগৰাকী কোষাগাৰ বিষয়াক ২০২০-২১ বিত্তীয় বৰ্ষৰ দৰমহা শিতানৰ লগতে আন নন-ছেলাৰী শিতানৰ পুঁজিও মোকলাই দিয়াৰ নিৰ্দেশ দিয়ে । শুকুৰবাৰে এই সংক্ৰান্তত বিভাগৰ তৰফৰ পৰা বাজেট কমিউনিকেচন দিয়া হৈছে । নিৰ্দেশনাটোত বিত্ত বিভাগে বাটজেট কণ্ট্ৰলিং অফিচাৰ আৰু ড্ৰয়িং এণ্ড ডিছবাৰ্ছমেণ্ট অফিচাৰসকলক ২০২০-২১ বিত্তীয় বৰ্ষৰ দৰমহা শিতানৰ লগতে নন-ছেলাৰী শিতানৰ পুঁজি ব্যয়ৰ অনুমতি প্ৰদান কৰে । অৱশ্যে বাজেট কণ্ট্ৰলিং অফিচাৰ আৰু ড্ৰয়িং অণ্ড ডিছবাৰ্ছমেণ্ট অফিচাৰ সকলে পুঁজি আহৰণৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট বিধি আৰু প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগিব । সেই বিধি আৰু প্ৰক্ৰিয়া অৱলম্বন কৰি সকলো বিল, চেক কোষাগাৰ বিষয়াসকলক পাছ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে । মন কৰিবলগীয়া এয়ে যে বিত্ত বিভাগে ইতিপূৰ্বে আন এক নিৰ্দেশনাযোগে ৰাজ্যিক কৰ্মচাৰী-বিষয়া-পেন্সনাৰসকলক দৰমহা, পেন্সন মোকলাই দিছে । যোৱা ৮ এপ্ৰিলৰ পৰাই কৰ্মচাৰী, পেন্সনাৰসকলে দৰমহা, পেন্সনৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে । স্মৰ্তব্য যে চলিত বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ এসপ্তাহ পূৰ্বেই ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ স্বাৰ্থতে সমগ্ৰ দেশত বলৱত কৰা হয় লকডাউন ।

You might also like