সম্পাদকীয় : উচ্চ শিক্ষা
শিক্ষা জাতিৰ মেৰুদণ্ড৷ যাৰ জৰিয়তে এখন সমাজৰ ভৱিষ্যৎ গঢ় লৈ উঠে৷ সম্প্রতি ৰাজ্যখনত উচ্চ শিক্ষাৰ প্রসাৰ ঘটিছে৷ আইআইটি, এনআইটি, এইমছকে ধৰি অসমত প্রায় ২৫খন বিশ্ববিদ্যালয় আছে৷ ৩০খনতকৈ অধিক স্নাতক–স্নাতকোত্তৰ মহাবিদ্যালয় আছে৷ এই শিক্ষানুষ্ঠানবোৰত প্রতি বছৰে লাখ লাখ শিক্ষার্থীয়ে উচ্চ শিক্ষাগ্রহণ কৰি আছে৷ বর্তমান ৰাষ্ট্রীয় শিক্ষানীতি ২০২০–এ উচ্চ শিক্ষাক অধিক Skill-based, Research-based কৰিছে৷ কিন্তু এই বিশাল পৰিকাঠামোৰ ভিতৰত এটা গভীৰ সমস্যাই দেখা দিছে, সেই সমস্যাটো হ’ল– শিক্ষকৰ অভাৱ৷ শিক্ষকৰ অভাৱৰ বাবে শিক্ষার্থীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ ২০২৫ৰ শেহতীয়া তথ্য অতি উদ্বেগজনক৷ ৰাজ্যৰ মহাবিদ্যালয়সমূহত হাজাৰ হাজাৰ পদ খালী হৈ আছে৷ বহু মহাবিদ্যালয়ৰ বহু বিভাগত স্থায়ী শিক্ষকেই নাই৷ কেৱল মহাবিদ্যালয়সমূহত যে এনে অৱস্থা তেনে নহয়৷ বিশ্ববিদ্যালয়তো বহু পদ এতিয়াও খালী হৈ আছে৷ ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিকতো শিক্ষকৰ পদ খালী হৈ আছে৷ এই অভাৱ সকলো বিষয়তে নহয় যদিও কিছুমান বিষয়ত শিক্ষকৰ অভাৱ৷ অলপতে বাতৰিকাকতত কেইখনমান মহাবিদ্যালয়ত শিক্ষকৰ অভাৱ সম্পর্কে বাতৰি প্রকাশ হৈছে৷ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত শিক্ষা বিভাগ, ইতিহাস বিভাগত শিক্ষকৰ অভাৱ৷ শিক্ষা বিভাগত শিক্ষার্থী অনুপাতে শিক্ষক নাই৷ ৰঙিয়া মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়তো কেইটামান বিষয়ত শিক্ষকৰ অভাৱ৷ ৰঙিয়া মহাবিদ্যালয়খনত গণিত বিভাগ, পদার্থ বিজ্ঞান, অসমীয়া, অর্থনীতি, বাণিজ্য, আৰবী, ৰসায়ন, বাংলা, ইংৰাজী বিভাগত শিক্ষকৰ অভাৱ৷ নলবাৰী মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান, পৰিসংখ্যা, ভূগোল, অসমীয়া, সংস্কৃতি বিভাগত শিক্ষকৰ অভাৱ৷ এই তিনিখন মহাবিদ্যালয় উদাহৰণহে মাত্র৷ এই খালী পদসমূহ পূৰাবলৈ কলেজসমূহে ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰিব লাগে৷ এই ঠিকাভিত্তিক শিক্ষকসকলৰ বেতনো কম৷ এনে বহু সমস্যাৰ মাজেৰে অসমত চলি আছে উচ্চ শিক্ষা৷ শিক্ষকৰ অভাৱে যে শিক্ষাৰ গুণগত মান নিম্ন কৰে, এই বিষয়ে গভীৰভাৱে ভাবি চোৱা উচিত৷ শিক্ষকৰ অভাৱৰ প্রত্যক্ষ প্রভাৱ শ্রেণীকোঠাত পৰে৷ ৬ মাহৰ পাঠ্যক্রম কম শিক্ষক থাকিলে শেষ কৰিবলৈ অসুবিধা হয়৷ শেষ কৰিবলৈ হ’লে অতি সোনকালে পঢ়ুৱাই শেষ কৰিব লাগে৷ তদুপৰি এজন শিক্ষকে ৮০–১০০জন ছাত্রক পঢ়ুৱাবলগীয়া হ’লে ব্যক্তিগতভাৱে কোনো এজনকে গুৰুত্ব দিয়া সম্ভৱ নহয়৷ তেতিয়া দুর্বল ছাত্রসকল অধিক দুর্বল হৈ যায়৷
বহু শিক্ষার্থীয়ে কেৰিয়াৰৰ বাবে ভাল দিশ নির্ণয় কৰিব নোৱাৰে শিক্ষকৰ অভাৱৰ বাবে৷ সেয়ে সম্প্রতি বহু শিক্ষার্থীৰ হাতত ডিগ্রী থাকিলেও এটা ভাল কেৰিয়াৰ নাই৷ ইউজিচিৰ মতে এজন শিক্ষকে সপ্তাহত ১৬ ঘণ্টা পঢ়ুৱাব লাগে, কিন্তু শিক্ষকৰ অভাৱৰ বাবে বহু শিক্ষকে ২০–২৫ ঘণ্টা পর্যন্ত পঢ়ুৱাবলগীয়া হয়, এজন শিক্ষকে প্রয়োজনতকৈ অধিক পঢ়ুৱাবলগীয়া হ’লে তেওঁৰ পঢ়ুওৱাৰ মান হ্রাস হোৱাৰো সম্ভাৱনা থাকে৷ তদুপৰি বহি চোৱা, পৰীক্ষা ডিউটী, নামভর্তি, NAACৰ নথি–পত্র প্রস্তুত, চৰকাৰৰ নির্দেশনা থাকেই৷ বিশ্ববিদ্যালয়সমূহত শিক্ষকৰ অভাৱৰ বাবে বহু বিভাগত গৱেষণাৰ বাবে নামভর্তি বন্ধ হৈ থাকে নতুবা আসনৰ সংখ্যা হ্রাস পায়৷ অসমত গৱেষণাৰ পৰিৱেশ নাই বুলিয়ে ক’ব পাৰি৷ নতুন জ্ঞান সৃষ্টি নহ’লে এটা জাতিয়ে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে৷ গতিকে, এই দিশবোৰত চৰকাৰে গুৰুত্ব দিয়া উচিত৷ চৰকাৰে এই সমস্যাসমূহ দূৰ কৰিবলৈ অচিৰেই কলেজ, বিশ্ববিদ্যালয়ত শিক্ষক নিযুক্তি দিব লাগে৷ বহু শিক্ষকে গ্রামাঞ্চলৰ মহাবিদ্যালয়ত চাকৰি কৰিবলৈ নিবিচাৰে, বিশেষকৈ ইণ্টাৰনেট বা যোগাযোগ ব্যৱস্থাৰ বাবে, তেনে ঠাইত যোগদান কৰা শিক্ষকৰ বাবে বিশেষ সুবিধা প্রদান কৰিব লাগে৷ তথ্য–প্রযুক্তিৰ ব্যৱহাৰ, উচ্চ শিক্ষাৰ বাবে বাজেট বৃদ্ধি কৰিব লাগে৷ শিক্ষকৰ কেৱল এপিআই স্ক’ৰৰ নামত কাগজী গৱেষণাত গুৰুত্ব দিয়াতকৈ শ্রেণীকোঠাত পঢ়ুওৱাৰ মান আৰু শিক্ষার্থীৰ মতামতকহে গুৰুত্ব দিব লাগে৷ শ্রেণীকোঠাত শিক্ষকৰ অভাৱ বিষয়টো এতিয়া লাহে লাহে কেৱল বিভাগীয় সমস্যা নহৈ সামাজিক সংকটলৈ ৰূপান্তৰিত হৈছে৷ কেৱল অট্টালিকা সাজি, ডিজিটেল ব’ৰ্ড লগাই শিক্ষাৰ মান উন্নত কৰিব নোৱাৰি৷ শিক্ষাৰ মান উন্নত কৰিবলৈ উপযুক্ত–পর্যাপ্ত শিক্ষক নিযুক্তি দিব লাগিব৷ এজন ভাল শিক্ষকে সমাজ সলনি কৰি দিব পাৰে৷ সেয়ে শিক্ষকক অৱহেলা কৰা মানে সমাজখনক দুর্বল কৰা৷ গতিকে, সময় থাকোঁতেই চৰকাৰে শিক্ষক নিযুক্তি দিয়ক, সমাজে শিক্ষকক উচিত সন্মান দিয়ক, শিক্ষকেও নিজৰ দায়িত্বক গভীৰভাৱে অনুধাৱন কৰক নহ’লে অসমৰ ভৱিষ্যৎ প্রজন্ম সংকটত পৰিব৷