নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৰে সহযোগিতাত টীম আছাম হৈ ক’ৰোনাৰ বিৰুদ্ধে যুঁজঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ৰোনাৰ বিৰুদ্ধে অসম চৰকাৰে কিদৰে মোকাবিলা কৰিব সেই সম্বন্ধে দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান কৰে এক সৰ্বদলীয় বৈঠক । এই বৈঠকত প্ৰতিটো দলৰে নেতাই অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনাগত সময়ত সকলোৱে টীম আছাম হিচাপে ক’ৰোনা বিৰোধী এই যুঁজ অব্যাহত ৰাখিব বুলি কয় । এইক্ষেত্ৰত প্ৰতিটো দলৰে সহায় সহযোগিতাও কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে, লকডাউন বৃদ্ধি সন্দৰ্ভত বৰ্তমানলৈকে কোনো সিদ্ধান্ত লোৱা নাই বুলি কয় কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ভাৰত চৰকাৰে অনাগত সময়ত যি ঘোষণা কৰে সেই ঘোষণাকেই ৰাজ্য চৰকাৰে মানি চলিব বুলিও কয় চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ক’ৰোনা এই যুঁজখনত দুই ধৰণে মৃত্যু হয় বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । ক’ৰোনাৰ ফলত মানুহৰ অকাল মৃত্যু হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো মৃত্যু আহে বুলি কয় । সেয়েহে এইখন যুঁজত দুয়োটা পক্ষকে উদ্ধাৰ কৰিব লাগিব বুলি কয় তৰুণ গগৈয়ে । বৈঠকত উপস্থিত থাকি এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামে চৰকাৰৰ ক’ৰোনা বিৰোধী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে কৃষিভিত্তিক ৰাজ্য অসমৰ অৰ্থনীতি সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ।

You might also like