ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ৫ জুলাই : সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘কাব্য দিন’ আজি মাৰ্ঘেৰিটা জয়ানগৰস্থিত জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়।
তিনিচুকীয়া জিলা কবি সন্মিলন আৰু মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ যৌথ উদ্যোগত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আয়োজন কৰা হয়। তিনিচুকীয়া জিলা কবি সন্মিলনৰ উপ-সভাপতি অশ্বিনী গগৈয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ সভাপতি শশীধৰ শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত মূল কাৰ্যসূচী তথা কবি সন্মিলনখনি সঞ্চালনা কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰুণজুন শইকীয়াই।
অনুষ্ঠানৰ আৰম্ভণিতে মিতালী গগৈৰ পৰিচালনাত মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ সদস্যসকলে সমৱেত কণ্ঠত সন্মিলনৰ সংগীত পৰিৱেশন কৰে। এই বিশেষ অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক কৃষ্ণ দৈমাৰী, কেন্দ্ৰীয় সাধাৰণ সম্পাদক পাৰভিচ হুছেইন, তিনিচুকীয়া জিলা কবি সন্মিলনৰ সম্পাদক পুলক গগৈ, উপ-সভাপতিদ্বয় সুনীল বৰগোহাঁই আৰু সুৰেন বৰুৱা উপস্থিত থাকে। ইয়াৰ উপৰি ‘কাব্যনন্দনী’ৰ আহ্বায়ক মানসী গগৈ, হিতৈষী সদস্য পৰাণ জ্যোতি ভূঞা, ডিগবৈ শাখা কবি সন্মিলনৰ সভাপতি ইলা বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
গ্ৰন্থ উন্মোচন কাৰ্যসূচী : অনুষ্ঠানত তিনিখনকৈ গুৰুত্বপূৰ্ণ কাব্যগ্ৰন্থ আৰু পত্ৰিকা উন্মোচন কৰা হয় : (১) মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক সমীৰণ বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশিত বাৰ্ষিক কাব্য পত্ৰিকা ‘থুপিতৰা’ উন্মোচন কৰে ধেমাজি জিলা কবি সন্মিলনৰ সভাপতি নবীন কামানে। (২) মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ সভাপতি শশীধৰ শ্যামৰ ৰচিত কাব্যগ্ৰন্থ ‘ইয়াত এখন দলং লাগে’ উন্মোচন কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পাৰভিচ হুছেইনে। (৩) কবি ববী বৰাৰ ৰচিত কাব্যগ্ৰন্থ ‘কজলা সপোনৰ জলঙাৰে’ উন্মোচন কৰে বিশিষ্ট কবি তথা ‘কাব্য নন্দিনী’ৰ আহ্বায়ক মানসী গগৈয়ে।
এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঢ়ৈ কুৰি (প্ৰায় ৫০গৰাকী) কবিয়ে অংশগ্ৰহণ কৰি নিজৰ স্বৰচিত কবিতা পাঠেৰে প্ৰেক্ষাগৃহ জীপাল কৰি তোলে। ইয়াৰ উপৰি মাৰ্ঘেৰিটা অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই অনা তিনিগৰাকী কৃতী মহিলা ক্ৰমে পাৰুল শইকীয়া দুৱৰী, বৰ্ণালী গগৈ আৰু উৰ্মিলা ৱাখেতক অনুষ্ঠানত চেলেং চাদৰ, স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষৰ ফালে কণমানি অৰণ্যা গগৈয়ে পৰিৱেশন কৰা এটি গীতে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়।