নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি হয় ৰেড, য়েল’ আৰু গ্ৰীন জ’ন ? ১৪ এপ্ৰিলৰ পৰা প্ৰত্যেক ৰাজ্যত বলৱৎ হ’ব এই নিয়ম

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ সমগ্ৰ দেশতে ভয়ংকৰ ৰূপ লোৱা ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ থকা লকডাউনৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা আছে । বিশেষকৈ শনিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে কৰা দীঘলীয়া বাৰ্তালাপে এই সম্ভাৱনা স্পষ্ট হৈ পৰিছে ।

এক সূত্ৰ অনুসৰি ১৪ এপ্ৰিলৰ পাছত ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাসমূহক মুখ্যতঃ তিনিটা ভাগত বিভক্ত কৰা হ’ব । ৰেড, য়েল’ আৰু গ্ৰীন জ’নত জিলাসমূহক চিনাক্ত কৰা হ’ব ।

সেই অনুসৰি যিসমূহ জিলাত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ১০ জন বা তাতোকৈ বেছি আছে, তেনে জিলাসমূহ ৰেড জ’নত অন্তৰ্ভুক্ত হ’ব । একেদৰে যিসমূহ জিলাত ক’ৰোনাত আক্ৰান্ত লোকৰ সন্দেহত অধিকসংখ্যক লোকক আইছ’লেচনত ৰখা হৈছে অথবা হোম কোৱাৰেণ্টাইন কৰা হৈছে, তেনে জিলাসমূহক য়েল’ জ’নত ৰখা হ’ব । আনহাতে, যিবোৰ জিলা সম্পূৰ্ণৰূপে ক’ভিড-১৯ ৰ পৰা মুক্ত হৈ আছে, তেনেবোৰ জিলাক গ্ৰীন জ’নত ৰখা হ’ব ।

লগতে জ’ন অনুসৰিয়ে প্ৰতিখন জিলাত লকডাউনৰ নীতি-নিয়ম কঠোৰ অথবা কিছু পৰিমাণে শিথিল হ’ব । অৱশ্যে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হ’ব ।

You might also like