নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ সমস্যা সমাধানত পদক্ষেপ গ্রহণৰ আশ্বাস ড০ হিমন্ত বিশ্ব শর্মাৰ

গুৱাহাটী, ৫ জুলাই : অসমত কর্মৰত সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এখন সুকীয়া আইন প্রণয়নৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে অসম বার্তাজীৱী সংঘই৷ শনিবাৰে দিছপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি সংঘৰ এটা প্রতিনিধি দলে ৰাজ্যখনৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি সাংবাদিকৰ সকলো প্রকাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰক এখন সুকীয়া আইন প্রণয়নৰ দাবী জনায়৷

অসম বার্তাজীৱী সংঘৰ উপদেষ্টা মুকুট ৰাজ শর্মা, উপ–সভাপতি ভাস্কৰ শর্মা, সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শর্মা, কোষাধ্যক্ষ নৱনীতা কলিতা আৰু ৰাজ্যিক কার্যনির্বাহক সদস্য তৰণীচৰণ কলিতাক লৈ গঠিত সংঘৰ প্রতিনিধি দলটোৱে মুখ্যমন্ত্রী ড০ শর্মাৰ হাতত ৰাজ্যখনৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই এখন বাৰদফীয়া স্মাৰক–পত্র প্রদান কৰে৷

এই স্মাৰক–পত্রখনত সাংবাদিকৰ বাবে এখন সুকীয়া আইন প্রণয়নৰ লগতে কর্মৰত সাংবাদিকসকলৰ বাবে প্রস্তাৱিত স্বাস্থ্য বীমা আঁচনিখন কার্যকৰী কৰা, মাঝিথিয়া দৰমহা ব’ৰ্ডৰ পৰামর্শৰ ভিত্তিত অসমৰ সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিক–সংবাদকৰ্মীৰ প্রাপ্য আদায়ৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰা, অসমত অৱসৰপ্রাপ্ত সাংবাদিকক দিয়া পেন্সনৰ ধনৰাশিৰ পৰিমাণ মাহেকত বর্তমানৰ ৮,০০০ টকাৰ পৰা কমেও ২৫,০০০ টকালৈ বৃদ্ধিৰ লগতে হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰা, সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত সাংবাদিকক চিকিৎসাৰ বাবে দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে চিকিৎসাধীন অৱস্থাতে সেই ধন আদায়ৰ ব্যৱস্থা কৰা, জনসংযোগ বিভাগৰ প্রেছ এক্রিডিয়েচন কমিটী আৰুJournalist’s Medical Welfare Scheme Selection Committeeত অসম বার্তাজীৱী সংঘৰ সভাপতি–সম্পাদকক স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰা, দূৰণিবটীয়া ৰে’লগাড়ীত জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত সাংবাদিকৰ বাবে প্রায় দুই শতাংশ আসন সংৰক্ষণ আৰু টিকট ক্রয়ৰ ক্ষেত্রত ৰেহাইৰ ব্যৱস্থা পুনৰ প্রৱর্তন কৰা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত সাংবাদিকৰ বাছ ভাৰাৰ ক্ষেত্রত পূর্বতে থকা ৰেহাইৰ ব্যৱস্থা পুনৰ প্রৱর্তন কৰা, জিএমচিএইচকে ধৰি ৰাজ্যখনৰ প্রতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ স্বীকৃতিপ্রাপ্ত সাংবাদিকৰ চিকিৎসাত ৰেহাইৰ লগতে চিকিৎসা ব্যৱস্থা সৰলীকৰণ কৰা, কর্মৰত সাংবাদিকে যাতে বিচাৰিলেই সহায় লাভ কৰে, তাৰ বাবে অসম আৰক্ষীৰ এটি টোল ফ্রী নম্বৰ মুকলি কৰা, গুৱাহাটীত এটা জার্নেলিষ্ট গেষ্ট হাউছ নির্মাণৰ ব্যৱস্থা কৰা, সাংবাদিকৰ মেধাৱী সন্তানক অধ্যয়নৰ ক্ষেত্রত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা আৰু অসমত বন্ধ হৈ থকা সাংবাদিকৰ বাবে মিডিয়া ফেল’শ্বিপ, গুডউইল মিছন, ‘One Time Grant for Media Personality’ পুনৰ প্রৱর্তন কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনোৱা হয়৷ গুৱাহাটী প্রেছ একাডেমীৰ প্রস্তাৱিত প্রকল্প নির্মাণৰ কাম–কাজো আগবঢ়াই নিবলৈ সংঘই মুখ্যমন্ত্রী ড০ শর্মাক অনুৰোধ জনায়৷

বার্তাজীৱী সংঘৰ প্রতিনিধি দলটোৰে সৌহার্দ্যপূর্ণ আলোচনাত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ সাংবাদিকসকলৰ সমস্যাসমূহ সমাধানত ইতিবাচক পদক্ষেপ গ্রহণৰ আশ্বাস দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁৰ হাততেই এইবাৰ জনসংযোগ বিভাগ আছে আৰু অতি সোনকালে বিভাগটোৰ কাম–কাজৰ লগতে বার্তাজীৱী সংঘই প্রদান কৰা স্মাৰক–পত্রৰ দাবীসমূহৰ বিষয়ে বিভাগীয় উচ্চপদস্থ বিষয়াৰ লগত আলোচনা কৰি পদক্ষেপ গ্রহণ কৰা হ’ব৷

মুখ্যমন্ত্রীগৰাকীৰ এনে আন্তৰিকতাপূর্ণ পদক্ষেপক অসম বার্তাজীৱী সংঘৰ সভাপতি মধুসূধন মেধি আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শর্মাই আদৰণি জনাই তেওঁৰ নেতৃত্বত ৰাজ্যখনৰ সাংবাদিকসকলৰ মৌলিক সমস্যাসমূহ সমাধান হ’ব বুলি আশা প্রকাশ কৰে৷

উল্লেখ্য যে সংঘৰ প্রতিনিধি দলটোৱে মুখ্যমন্ত্রীৰ প্রধান প্রেছ সচিব আৰু জনসংযোগ বিভাগৰ সঞ্চালকগৰাকীকো সাক্ষাৎ কৰি ৰাজ্যৰ সাংবাদিকসকলৰ সমস্যা সমাধানৰ বিষয়টো আলোচনা কৰে৷

You might also like