অসম–নাগালেণ্ড সীমান্তত অব্যাহত নগা আগ্ৰাসন, সীমান্তবাসীৰ নিৰাপত্তাহীনতা আৰু সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বুধবাৰে সৰুপথাৰত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ধনশিৰি মহকুমা ছাত্ৰ সন্থা, অসম জনজাতি ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত শতাধিক লোকে অংশগ্ৰহণ কৰি অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
প্ৰতিবাদকাৰীসকলে অসম–নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান, নগা আগ্ৰাসন বন্ধ, অসমৰ ভূমিৰ ভৌগোলিক অখণ্ডতা ৰক্ষা আৰু সীমান্তবাসীৰ জীৱন-সম্পত্তিৰ পূৰ্ণ সুৰক্ষাৰ দাবী জনায়। সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়াই সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।
প্ৰতিবাদী সংগঠনসমূহে সীমান্ত এলেকাত নাগালেণ্ডে চৰকাৰী কাৰ্যালয়, আৰক্ষী শিবিৰ স্থাপন কৰাৰ লগতে শান্তিপুৰ, মাজগাঁও, চেতিয়াগাঁও আদি অসমৰ কেইবাখনো গাঁৱত জৰীপ চলাইছে। অথচ এই গুৰুতৰ ঘটনাসমূহৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনসমূহে তীব্ৰ অসন্তোষ প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা ৪ জুলাই ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে নগালেণ্ডৰ জৰীপৰ সময়ত অসমৰ বাসিন্দাসকলৰ ঘৰত লিখি থোৱা জৰীপ নম্বৰসমূহ কলা ৰঙেৰে মচি পেলাইছিল।
কিন্তু তাৰ পিছতো সীমান্তত নগালেণ্ডৰ আগ্ৰাসন অব্যাহত থকাত ক্ষুব্ধ হৈ সংগঠনসমূহে পুনৰ ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত সৰুপথাৰ সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত সীমান্তৱৰ্তী অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিক অতি উদ্বেগজনক বুলি অভিহিত কৰি তাৎক্ষণিক আৰু কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।
স্মাৰক পত্ৰত উল্লেখ কৰে যে, সংৰক্ষিত বনাঞ্চলৰ পৰা সন্দেহযুক্ত নাগৰিক উচ্ছেদৰ পিছৰে পৰা সীমান্তত নাগালেণ্ডৰ আগ্ৰাসন আৰু বিভিন্ন বে-আইনী কাৰ্যকলাপ বৃদ্ধি পাইছে। বিশেষকৈ ‘বি’ চেক্টৰৰ ১ নং আৰু ২ নং ৰজাপুখুৰী গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা দুটা নগা বিদ্ৰোহী সংগঠনে ১১০ টকাকৈ কৰ দাবী কৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে ধন নিদিলে ভয়ংকৰ পৰিণতিৰ ভাবুকি প্ৰদান কৰে।
ইয়াৰ ফলত সীমান্তবাসীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হোৱা বুলিও সংগঠনসমূহে উল্লেখ কৰে। ইয়াৰ উপৰিও অসমৰ ভূমিত গভ্ট অফ নাগালেণ্ড লিখা ফলক স্থাপন, উচ্ছেদিত এলেকাত অসম চৰকাৰৰ অস্থায়ী বন শিবিৰত অগ্নিসংযোগ, উৰিয়ামঘাট অঞ্চল নাগালেণ্ডৰ অংশ বুলি দাবী কৰি চৰকাৰী নিৰ্দেশনাপত্ৰ জাৰি, চৰকাৰী গছপুলি ৰোপণ আৰু হাতডুবী অঞ্চলত নাহৰ উদ্যান স্থাপনৰ কামত বাধা প্ৰদান কৰাৰ দৰে ঘটনাৰো স্মাৰক পত্ৰত উল্লেখ কৰে।
যোৱা ৩ জুলাই নাগালেণ্ড প্ৰশাসনৰ লোকে অসমৰ চেতীয়া গাঁৱত প্ৰৱেশ কৰি জৰীপ চলোৱা ঘটনাকো তীব্ৰ গৰিহণা দি সংগঠনসমূহে কয় যে, এনে কাৰ্যই অসমৰ ভৌগোলিক অখণ্ডতা আৰু সীমান্ত সুৰক্ষাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
সংগঠনকেইটেই স্মাৰক পত্ৰত চৰকাৰৰ ওচৰত চাৰিটা মুখ্য দাবী উত্থাপন কৰিছে। ইয়াৰ ভিতৰত ৰজাপুখুৰী গাঁৱৰ বাসিন্দাসকলৰ পৰা ধনদাবী কৰা ঘটনাৰ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, সীমান্তত চিআৰপিএফৰ পক্ষপাতিত্বমূলক আচৰণ বন্ধ কৰা, অসমৰ ভূমিত নাগালেণ্ডৰ নামত স্থাপন কৰা সকলো অবৈধ ফলক আঁতৰোৱা আৰু অসম–নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান কৰি সীমান্তবাসীৰ জীৱন, সম্পত্তি আৰু অসমৰ ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰাৰ দাবী অন্তৰ্ভুক্ত কৰে।
স্মাৰক পত্ৰৰ প্ৰতিলিপি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু গোলাঘাট জিলা আয়ুক্তলৈও প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে দাবীসমূহ অনতিপলমে কাৰ্যকৰী নকৰিলে সীমান্তবাসীক লগত লৈ পৰৱৰ্তী সময়ত বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে।
নিয়মীয়া বাৰ্তা, চুঙাজান, ৮ জুলাই