নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নাই ৰঙালীৰ উছাহঃ নিষ্প্ৰাণ ব’হাগ, নিস্তেজ বিহুতলী

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ কপৌৰ সুবাস নহয়, বতাহত ভাহিছে বিষাক্ত বীজাণু । নতুনকৈ খেতি মাটিডৰা চহোৱাৰ কোনো প্ৰস্তুতি নাই, উৎপাদিত শস্যবোৰ এতিয়াও ছেদেলি-ভেদেলি হৈ পৰি আছে পথাৰত । চাৰিওপিনে গোমা-নিষ্প্ৰাণ পৰিৱেশ । তাৰ মাজতে কেলেণ্ডাৰৰ পাত বাগৰি আহিছে ব’হাগ ।

আজি গৰু বিহু । অসমীয়াৰ বাপতি সাহোন সাত বিহুৰ প্ৰথমটো দিন । বিহু বুলিলেই গা সাতখন-আঠখন হৈ পৰা ৰাইজৰ মনবোৰ এইবাৰ বিষণ্ণ । হেন্দোলিত ব’হাগৰ প্ৰাণ প্ৰাচুৰ্য উপভোগ কৰাৰ মানসিক আয়োজনো নাই । মহামাৰীৰ মৃত্যু ধুমুহাই চেঁচা-শান্ত কৰি অনা পৃথিৱীয়ে পাৰ কৰিছে দুৰ্বিষহ সময় । স্বাভাৱিকতে কৃষিভিত্তিক উৎসৱ বিহুৰ আনন্দ-উল্লাসো ম্লান পৰি গৈছে । পথাৰ, তাঁতশাল, আখল ক’তো নাই ব্যস্ততা । বিহুৱা বিহুৱতীৰো মনবোৰ সেমেকা ।

আনহাতে, এই সময়ছোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দলদোপ-হেন্দোলদোপ হৈ পৰা বিহুতলীসমূহো এইবাৰ নিজম পৰি ৰ’ব । আৰক্ষী প্ৰশাসনে বান্ধি দিছে কঠোৰ নিৰ্দেশাৱলী । বিহুৰ পতাকা উত্তোলনৰ বাহিৰে আন কোনো কাৰ্যসূচী ৰূপায়ন কৰিব নোৱাৰিব । ইয়াৰ সমান্তৰালকৈ বিহু আয়োজনসকলেও চৰকাৰৰ এই নিৰ্দেশনাক আদৰণি জনাইছে ।

সেয়ে এই ব’হাগ অসমীয়া ৰাইজৰ বাবে তেনেই অচিনাকী- এয়া মহামাৰীৰ সময়ৰ ব’হাগ ।

You might also like