নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৱেষণাই পাইছে ইতিবাচক ফল; ছেপ্টেম্বৰত আৱিষ্কাৰ হ’ব ক’ভিড-১৯ ৰ প্ৰতিষেধক ছিটা

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ  প্ৰাণঘাতী ন’ভেল ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীৰ দলে নিৰন্তৰ গৱেষণা অব্যাহত ৰাখিছে । কিন্তু বৰ্তমান পৰ্যন্ত এই ভাইৰাছৰ প্ৰতিৰোধ কৰিব পৰাকৈএনে গৱেষণাই সুনিৰ্দিষ্ট তথা ফলপ্ৰসূ সমাধানত উপনীত হোৱা নাই ।

ইয়াৰ মাজতে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ জেষ্ঠ বিজ্ঞানী ছাৰা গীলবাৰ্টে এই মহামাৰীৰ প্ৰতিষেধক আৱিষ্কাৰক লৈ ইতিবাচক ফল পোৱাৰ গুৰুতপূৰ্ণ তথ্য সদৰী কৰিছে । বিট্ৰিছ সংবাদপত্ৰ দ্য ডেইলী মেইল ৰ আগত ইতিপূৰ্বে গীলবাৰ্টে সদৰী কৰিছিল যে তেওঁৰ নেতৃত্বাধীন গৱেষকৰ দলে ২০২০ চন অৰ্থাৎ চলিত বৰ্ষৰ শেষভাগত ক’ভিড-১৯ ৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ব ।

লক্ষণীয়ভাৱে যিকোনো ৰোগৰ নতুন কোনো প্ৰতিষেধক কাৰ্যকৰী হোৱাৰ বাবে কমেও ১৮ মাহ সময় লাগে বুলি গৰিষ্ঠসংখ্যক গৱেষকে মত পোষণ কৰি আহিছে । ইয়াৰ বিপৰীতে কিন্তু গীলবাৰ্টৰ নিশ্চিত দাবী যে ছেপ্টেম্বৰৰ ভিতৰতেই তেওঁলোকে আৱিষ্কাৰ কৰিবলগীয়া প্ৰতিষেধকৰ সুফল পাবলৈ সক্ষম হ’ব । অকল সেয়াই নহয়, অহা দুসপ্তাহৰ ভিতৰতেই তেওঁলোকৰ প্ৰতিষেধক হিউমেন ট্ৰায়েল কৰা সন্দৰ্ভতো সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁজানিবলৈ দিয়ে ।

You might also like