নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ দেশত আগন্তুক তিনি মে পৰ্যন্ত লকডাউন ঘোষণা কৰা হয় । অৱশ্যে যিসমূহ ৰাজ্যত সৰ্বাধিক হাৰত ক’ৰোনা আক্ৰান্ত ৰোগী নাই সেইসমূহ ৰাজ্যৰ বাবে আগন্তুক ২০ এপ্ৰিল পৰ্যন্ত অগ্নিপৰীক্ষা বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০ এপ্ৰিললৈকে যদি সেইসমূহ ৰাজ্যত দ্ৰুত হাৰত ক’ৰোনাত আক্ৰান্ত নহয় তেন্তে সেইসমূহ ৰাজ্যৰ ক্ষেত্ৰত বিশেষ শিথিলতা দিয়া হ’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।
অসমত বৰ্তমানলৈকে ৩২ গৰাকী ৰোগ আক্ৰান্ত হৈছে যদিও ৰাজ্যখনত কোনো হটস্পট অথবা ৰেড জ’ন নথকাৰ বাবে আগন্তুক ২০ এপ্ৰিলত কিছু কিছু ক্ষেত্ৰত শিথিলতা দিয়া হ’ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি কি কি ক্ষেত্ৰত শিথিলতা থাকিব চাও আহক –
১. স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকল অথবা স্বাস্থ্য সম্বন্ধীয় প্ৰতিষ্ঠান খোলা থাকিব ।
২. পশু চিকিৎসালয় সমূহ খোলা থাকিব ।
৩. খোলা থাকিব ৰেচনৰ দোকান, ফল-মূলৰ দোকান , শাক-পাচলি পাইকাৰীৰ লগতে সকলো ধৰণৰ দোকান খোলা থাকিব ।
৪. মাছ-মাংসৰ দোকান খোলা থাকিব ।
৫. কৃষক সকল পথাৰলৈ যাব পাৰিব । কৃষি সা-সঁজুলিৰ দোকানৰ লগতে কৃষি সঁজুলি কঢ়িওৱা যান-বাহন চলিব পাৰিব পথত ।