নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৈৰ্যৰ বান্ধ চিঙিলঃ কোৱাৰেণ্টাইনত থকা প্ৰেমিক পলাই গ’ল প্ৰেমিকাৰ কাষলৈ

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ প্ৰেমিকাৰ সৈতে এষাৰ কথা পতা , এবাৰ চকুত চকু থ’বলৈ বৰ মন গৈছিল । ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপে সমগ্ৰ বিশ্ববাসীকে গৃহবন্দী কৰি ৰাখিছে । প্ৰেমিকৰ অৱস্থা আকৌ এখোপ চৰা । কিয়নো কোৱাৰেণ্টাইনত আছে প্ৰেমিক জনাথন ডেভিড । দেহাই সহিলেও মনে নসহে , সেয়ে কোৱাৰেণ্টাইনত থকা প্ৰেমিকে জৰুৰীকালীন গোপন পথেদি গৈ উপস্থিত হ’লগৈ প্ৰেমিকাৰ কাষত ।

অষ্ট্ৰেলিয়াৰ পাৰ্থ হোটেলত কোৱাৰেণ্টাইনত আছিল ৩৫ বছৰীয়া জনাথন ডেভিড নামৰ এইগৰাকী যুৱক । বহুদিন প্ৰেমিকাৰ পৰা আঁতৰি থকা প্ৰেমিকজনে অৱশেষত ধৈৰ্যৰ বান্ধি চিঙি পলাই গ’ল কোৱাৰেণ্টাইনৰ পৰা । কোৱাৰেণ্টাইনৰ পৰা পলাই যোৱাৰ পাচতেই পশ্চিম অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান । অৱশেষত মঙলবাৰে ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল ডেভিডক ।

আদালতত ডেভিডে স্পষ্টকৈ কয় যে প্ৰেমিকালৈ তাৰ খুব মনত পৰিছিল । প্ৰেমিকাক চাবলৈ আৰু তাইৰ সৈতে সময় কটোৱাৰ বাবে পলায়ন কৰিছিল বুলি স্পষ্টকৈ উল্লেখ কৰে জনাথনে । কোৱাৰেণ্টাইন ভঙাৰ বাবে ক্ষমা বিচাৰিছে এইজন দুৰ্ভগীয়া প্ৰেমিকে ।

২৮ মাৰ্চৰ পৰা কোৱাৰেণ্টাইন আৰম্ভ হোৱা জনাথনৰ সোমবাৰে পূৰ্ণ হোৱাৰ কথা আছিল ১৪ দিন কিন্তু তাৰ পূৰ্বেই প্ৰেমিকাক চাবৰ বাবে পলায়ন কৰে জনাথনে । দেশৰ লকডাউন আইন অমান্য কৰাৰ অপৰাধত জনাথনে ১২৮০ মাৰ্কিন ডলাৰৰ জৰিমনা বিহিব লগা হয় অষ্ট্ৰেলিয়া আৰক্ষীক ।

প্ৰায় ১০০০ জনৰো অধিক লোকক লকডাউন আইন অমান্য কৰাৰ অপৰাধত জৰিমনা বিহিছে অষ্ট্ৰেলিয়া আৰক্ষীয়ে । উল্লেখ্য যে, অষ্ট্ৰেলিয়াত ক’ৰোনা আক্ৰান্ত বৰ্তমানলৈকে মুঠ ৬,৪৪০ গৰাকী । মৃত্যু হৈছে ৬৩ জনৰ ।

You might also like