নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ লৈ মানিব লাগিব সামাজিক দূৰত্ব

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ মাৰাত্মক ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্ববাসীয়ে ২০২০চনলৈকে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় হৈ পৰিব। শেহতীয়াকৈ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে। ক’ভিড-১৯ মহামাৰীৰ নতুনকৈ বিস্তাৰ ঘটাৰ ক্ষেত্ৰত প্ৰতিৰোধ কৰিবলৈ হ’লে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰধান কৰ্তব্য হ’ব পৃথিৱীবাসীৰ। গৱেষকসকলৰ মতে সামাজিক দূৰত্ব মানি চলা নিয়ম শীঘ্ৰে প্ৰত্যাহাৰ কৰিলে এই ভাইৰাছ নতুনকৈ বিস্তাৰ ঘটিব পাৰে। অকল সেয়াই নহয়, দ্বিতীয় পৰ্যায়ত ক’ৰোনাই অধিক মহামাৰীৰ ৰূপ ধাৰণ কৰিব বুলি গৱেষকসকলে সাৱধানবাণী কৰিছে। হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ টি এইছ ছান বিদ্যালয়ৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত থকা গৱেষকসকলৰ এই তথ্যক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে।

You might also like