নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ ‘ক’ৰোনাবিৰোধী যুঁজত জয় হ’ব ভাৰতৰ ৷ সফল হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্ব ৷’ ১৪২৭ ভাস্কৰাব্দৰ বর্ষফল গণনা প্রকাশ কৰি এইদৰে ভৱিষ্যদ্বাণী কৰিছে জ্যোতিষী ত্রিদীপ দেৱ শর্মা দলৈয়ে ৷ জ্যোতিষীগৰাকীৰ মতে বৃহস্পতি বাল্য অৱস্থালৈ ঘূৰি অহাৰ পিছত জেঠ মাহৰ পৰা শুভকাৰক আৰম্ভ হ’ব আৰু দেশত ক’ৰোনা মহামাৰীৰ প্রভাৱ হ্রাস পাব ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে সমগ্র দেশতে লকডাউন ঘোষণা কৰা হৈছে ৷ শেহতীয়াভাৱে এই লকডাউন ৩ মে’লৈ বৃৃদ্ধি কৰা হৈছে ৷ মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্রয়ো এই লকডাউন সম্পূর্ণৰূপে মানি চলিছে ৷ এই পৰিপ্রেক্ষিতত বৰপেটা সত্রত ৭ দিনীয়াকৈ পালন কৰা ‘বৈহাগৰ দমহী’ও ৰাজহুৱাভাৱে পালন নকৰাৰ সিদ্ধান্ত লয় ৷ মাত্র তিনি–চাৰিজন ভকত আৰু বংশৰাৰ লোকক লৈ সত্রত প্রচলিত নিত্য–নৈমিত্তিক প্রসংগসমূহ চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ সাধাৰণ ভক্তৰ বাবে বৰপেটা সত্রৰ দ্বাৰ বন্ধ ৰখা হৈছে ৷ আনকি বৰপেটাৰ ৰাইজে অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকা বৰপেটা সত্রৰ পৰম্পৰাগত ‘বর্ষফল গণনা’ এইবাৰ স্থগিত ৰখা হয় ৷
যিহেতু বর্ষফলৰ বাবে ৰাইজে অধীৰ আগ্রহেৰে অপেক্ষা কৰে, সেয়ে এইবাৰৰ বর্ষফল ৰাইজক জনোৱাৰ উদ্দেশ্যে বৰপেটা সত্রৰ দৈব্যজ্ঞ ত্রিদিপ দেৱ শর্মা দলৈয়ে মঙলবাৰে পহিলা ব’হাগৰ পুৱা বৰপেটা প্রেছ ক্লাবত এখন সংবাদ মেলত ১৪২৭ ভাস্কৰাব্দৰ মেষাদি দ্বাদশ ৰাশিৰ বর্ষফলসমূহ সদৰী কৰে ৷ জ্যোতিষীগৰাকীয়ে ১৪২৭ ভাস্কৰাব্দৰ বর্ষফল গণনাত অসম আৰু ভাৰত সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ ভৱিষ্যদ্বাণী কৰে৷ সংবাদ মেল সম্বোধন কৰি জ্যোতিষীগৰাকীয়ে কয় যে অসম প্রদেশৰ ৰাশি হৈছে কর্কট ৷ সেই অনুসৰি আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয় ৷ ভাৰত–সম উভয়তে চলি আছে কাল সর্প যোগ ৷ বছৰটোত অসমত বৃদ্ধি পাব পাৰে যান–বাহন, ৰে’ল, বিমান, দুর্ঘটনা, হত্যা, লুণ্ঠন, অগ্নিকাণ্ড, অপহৰণ, সন্ত্রাসবাদ ইত্যাদি ৷ ৰাজ্যখনত ধুমুহা, শিলাবৃষ্টি, ভূমিকম্প আদি প্রাকৃতিক দুর্যোগৰ বাবে প্রাণ হানিৰ আশংকা আছে ৷ বর্ষফল অনুসৰি বিদেশী বহিষ্কাৰ, জাতীয় সমস্যা সমাধানত সদৌ অসম ছাত্র সন্থা ব্যর্থ হ’ব । জ্যোতিষী শর্মা দলৈৰ ভৱিষ্যদ্বাণী মতে ৰাজনৈতিক শক্তিৰ দ্বাৰা প্রভাৱিত হ’ব আছু ৷ শনিয়ে মন্ত্রিত্বৰ ভাৰ লোৱাত অসমৰ ৰাজনৈতিক নেতাসমূহৰ মাজত সন্দেহ আৰু বিভেদৰ সৃষ্টি হ’ব ৷
ৰাজ্যখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ শাৰীৰিক–মানসিক কষ্ট বৃদ্ধি পাব । ইংৰাজী ২০২২ চনলৈ চন্দ্র আৰু বৃহস্পতিৰ দশা চলিব মুখ্যমন্ত্রীৰ ৷ আগন্তুক বছৰটোত একাধিক ৰাজনীতিবিদ তথা ৰাজনৈতিক নেতাৰ অকাল প্রাণহানিৰ যোগ দেখা যায় ৷ ইপিনে, মুছলিম মৌলবাদী শক্তিয়ে অৰাজকতাৰ সৃষ্টি কৰিব ৰাজ্যখনত ৷ আনহাতে এইবাৰ ভাৰত দেশৰ ৰাশি মকৰ ৷ ৰাশি চক্রৰ পঞ্চম স্থানত শুক্র, ষষ্ঠ স্থানত ৰাহু আৰু দ্বাদশ স্থানত চন্দ্র–কেতু অৱস্থান কৰা বাবে দেশত দুৰাৰোগ্য ৰোগত আক্রান্ত ৰোগীৰ লগতে দুর্ঘটনাজনিত আৰু অপঘাত মৃত্যুৰ হাৰ বাঢ়িব পাৰে বৃহস্পতি গ্রহৰ কুপ্রভাৱৰ বাবে দেশত মৌলবাদী, সাম্প্রদায়িক শক্তিয়ে পুনৰ গা উঠিব পাৰে আইন–শৃংখলাৰ অৱনতিৰ বাবে জনতাই বিক্ষোভ কৰিবলৈ বাধ্য হ’ব পাৰে শনি আৰু মংগলৰ কুপ্রভাৱৰ বাবে দেশত খাদ্য সংকটে দেখা দিব পাৰে৷ বর্ষফল গণনা মতে, এই বছৰত বুধ ৰজা, শনি মন্ত্রী, মংগল জলাধিপতি, শুক্র শস্যাধিপতি হিচাপে অৱস্থান কৰিছে৷ বুধ ৰজা হোৱাৰ ফলত পৃথিৱীত শস্যৰে পূর্ণ হ’ব৷ মানুহে পুণ্য কার্য কৰিব আৰু সকলোপ্রকাৰৰ উপদ্রপ বর্জন হ’ব৷ শনি মন্ত্রী হোৱাত পৃথিৱীত শস্যৰ উৎপাদন কমিব৷ চোৰ–ডকাইত আদিৰ উপদ্রপত প্রজাই কষ্ট ভোগ কৰিব৷ মংগল জলাধিপতি হোৱা কাৰণে পৃথিৱীত পানী কম হ’ব৷ অকালত বৰষুণ হ’ব আৰু বৰষুণে শস্যৰ হানি কৰিব৷ শুক্র শস্যাধিপতি হোৱাৰ বাবে গছ– গছনিয়ে সুফল দিব৷ মানুহে আনন্দময়ী জীৱন যাপন কৰিব আৰু পৃথিৱী শস্যৰে পৰিপূর্ণ হ’ব৷ সহদেৱ বৈদ্যৰ অধিপতি হোৱাৰ কাৰণে মানুহৰ ৰোগ হ’লে সহজে আৰোগ্য নহ’ব৷ মানুহৰ সুখ নাশ হ’ব৷ এই বছৰত ভীমে পানীৰ জোখ লৈছে৷ সেয়েহে ঠাই বিশেষত পানীৰ প্রকোপ বৃদ্ধি পাব ৷