বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাৰ সাহায্য পুঁজি বন্ধ
ড’নাল্ড ট্রাম্পক সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ ভাবুকি দিয়া অনুসৰিয়েই বিশ্ব স্বাস্থ্য সংস্থা (হু)লৈ সাহায্য বন্ধ কৰিছে আমেৰিকান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৷ ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধ কৰাৰ ক্ষেত্রত হু ব্যর্থ হোৱা বুলি অভিযোগ কৰাৰ উপৰি ৰাষ্ট্রসংঘৰ সংস্থাটো চীনৰ পক্ষপাতী হৈ পৰা বুলিও ঘোষণা কৰিছিল ট্রাম্পে ৷ চীনৰ পৰা মাৰাত্মক ভাইৰাছবিধৰ বিশ্বজুৰি বিস্তাৰ ঘটাৰ ক্ষেত্রত হুৱে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই বুলিও ট্রাম্পে ঘোষণা কৰিছে ৷ আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ এই সাহায্য পুঁজি বন্ধ কৰাৰ লগে লগে পৃথিৱীজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া ৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে ট্রাম্পক এই সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ উপৰি এই মহাদুর্যোগৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থালৈ পুঁজি কর্তন কৰাটো উচিত নহয় বুলি যুক্তি দর্শাইছে৷ লক্ষণীয়ভাৱে আমেৰিকাত ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত সঠিক ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই ট্রাম্প৷ ইয়াৰ বাবে গৃহভূমিত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্রপতিগৰাকী৷ ট্রাম্পৰ মতে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পৰা মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ঘটাৰ পাছতো ইয়াৰ প্রতিৰোধৰ ক্ষেত্রত দ্রুত পদক্ষেপ গ্রহণ কৰাত ব্যর্থ হৈছে৷ চীনৰ প্রতি সংস্থাটোৰ পক্ষপাতিত্ব থকাৰ বাবেই সমগ্র বিশ্ব এতিয়া মহামাৰীৰ সন্মুখীন হোৱা বুলিও ট্রাম্পে ঘোষণা কৰিছে৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাই ২০১৯ বর্ষটোত ৪০০ নিযুত ডলাৰতকৈ অধিক ধন আগবঢ়াইছিল৷ পৃথিৱীৰ ভিতৰতে বিশ্ব স্বাস্থ্য সংস্থালৈ বৃহৎ ধনৰাশি সাহায্য পুঁজি আগবঢ়োৱা দেশ হিচাপে চিহ্ণিত হৈছে আমেৰিকা৷ শেহতীয়াকৈ সংস্থাটোৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্রহণ কৰি ৰাষ্ট্রপতি ট্রাম্পে উল্লেখ কৰিছে যে ৬০ দিনৰ পৰা ৯০ দিন পর্যন্ত বিশ্ব স্বাস্থ্য সংস্থাই আমেৰিকাৰ পৰা কোনো ধৰণৰ সাহায্য পুঁজি নাপাব পাৰে৷ অর্থাৎ এই মহাদুর্যোগৰ সময়ত ট্রাম্পে সৃষ্টি কৰিছে নতুন এক প্রত্যাহ্বান ৷