নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ হোটেলত গোপনে আশ্ৰয় লৈ থকা ৬ জনক আটক 

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ মহানগৰীৰ হেদায়েৎপুৰত আত্মগোপন কৰা ত্ৰিপুৰাৰ ৫ জন লোকক আৰক্ষীয়ে আটক কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে । মহানগৰীৰ লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই জনোৱা মতে, বহিঃৰাজ্যত কাম কৰা ত্ৰিপুৰাৰ পাঁচজন লোকে লকডাউনৰ পূর্বে ৰে’লযোগে আহি গুৱাহাটীত উপস্থিত হৈছিল ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে লকডাউন ঘোষণা কৰাত লোককেইজন পল্টন বজাৰৰ বিজেতা হোটেলত আশ্রয় গ্রহণ কৰে ৷ গোপেন হোটেলত থকাৰ পাছত লোককেইজনৰ টকা–পইচাৰ অভাৱ হয় ৷ এনে পৰিস্থিতিত লোককেইজনে মহানগৰীৰ হেদায়েৎপুৰৰ মৌলবী আব্দুল বছিৰৰ সৈতে যোগাযোগ কৰে ৷

মৌলানাজনে ত্রিপুৰাৰ লোককেইজনক হোটেলখনৰ পৰা আনি প্রশাসনক নজনোৱাকৈ তথা স্বাস্থ্য পৰীক্ষা নকৰাকৈ জামাত–ই–ইছলামি হিন্দ সংগঠনৰ কার্যালয়ত গোপনে আশ্রয় দিয়ে ৷ সংগঠনটোৰ হেদায়েৎপুৰৰ কার্যালয়ত লোককেইজনক থাকিবলৈ দিয়াৰ কথা জানিব পাৰি স্থানীয় লোকে লতাশিল থানাত খবৰ দিয়ে ৷ এই খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দল গৈ লোককেইজনক কার্যালয়টোৰ পৰা আনি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত লোককেইজনক চিকিৎসকৰ পৰামর্শমর্মে সৰুসজাইৰ কোৱাৰেণ্টাইন গৃহলৈ প্রেৰণ কৰা হয় ৷

ত্রিপুৰাৰ এই লোককেইজন হ’ল ইয়াকুব আলী, মনোৱাৰ হুছেইন, মহম্মদ আলী, আব্দুল হুছেইন আৰু ছিৰাজ আলী৷ উল্লেখ্য যে লকডাউনৰ নীতি–নির্দেশনা উলংঘা কৰি জামাত–ই–ইছলামি হিন্দৰ কার্যালয়ত আত্মগোপন কৰি থকা এই লোককেইজন ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে ৰে’ল ষ্টেচনত চিকিৎসা কর্মীয়ে আটাইকেইজনৰে হাতত হোম কোৱাৰেণ্টাইন ষ্টাম্প মাৰি দিছিল ৷

কিন্তু বহিঃৰাজ্যৰ শ্রমিক হিচাপে নিয়োজিত হৈ থকা লোককেইজনে হোম কোৱাৰেণ্টাইন কৰাৰ পৰিৱর্তে হোটেলত আশ্রয় গ্রহণ কৰি আছিল৷ লতাশিল আৰক্ষীয়ে এই লোককেইজনৰ লগতে মৌলবীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০/১৮৮/২৭১ আৰু দুর্যোগ প্রশমনৰ আৰ ডব্লিউ ৫১ (বি) ধাৰাত ১০৬/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰি বহিঃৰাজ্যৰ লোকক গোপনে আশ্রয় দিয়াৰ অভিযোগত আৰক্ষীয়ে মৌলানা আব্দুল বছিৰক গ্রেপ্তাৰ কৰে৷

You might also like