নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ ৰাজ্যৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তই শুকুৰবাৰে নগাঁও জিলা প্রসাশন, আৰক্ষী প্রসাশন, জিলা স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৷ নগাঁও আৱর্ত ভৱনত অনুষ্ঠিত বৈঠকখনত মন্ত্রীগৰাকীয়ে ক’ৰোনা ভাইৰাছ সংক্রমণৰ প্রতিৰোধৰ ক্ষেত্রত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ পর্যালোচনা কৰে ৷ জিলাখনত ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধৰ বাবে যাৱতীয় পদক্ষেপসমূহ অধিক সক্রিয়ভাৱে ৰূপায়ণ কৰিবলৈ মন্ত্রীগৰাকীয়ে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ বৈঠকত অংশগ্রহণ কৰি জিলা উপায়ুক্ত যাদৱ শইকীয়াই জিলাখনত ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ ব্যাখ্যা দাঙি ধৰে ৷
উল্লেখ্য যে নগাঁও জিলাত আজিলৈকে কোনো লোকৰে ক’ৰোনা ভাইৰাছৰ পজিটিভ পোৱা নাই ৷ মন্ত্রীগৰাকীয়ে ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ বাবে যুঁজ দিয়াৰ লক্ষ্যৰে চৰকাৰে ঘোষণা কৰা লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা আৰক্ষী প্রশাসনক নির্দেশ দিয়ে ৷ লকডাউনৰ সময়ত জিলাখনত খাদ্য সামগ্রীৰ যাতে নাটনি নহয়, সেই সন্দর্ভতো পর্যালোচনা কৰা হয় ৷ বৈঠকত উপস্থিত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগ, ভাৰতীয় খাদ্য নিগমৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, জিলাখনত খাদ্য সামগ্রীৰ সংকট নহয় ৷ এতিয়াও এমাহৰ খাদ্য সামগ্রী মজুত আছে ৷ মন্ত্রীগৰাকীয়ে লকডাউনৰ সুবিধা গ্রহণ কৰি ব্যৱসায়ীসকলে যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে সংশ্লিষ্ট সকলোকে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে ৷
বৈঠকত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা, জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্র পাটৰ আদি উপস্থিত থাকে৷ আনহাতে, ইয়াৰ পূর্বে জলসম্পদ মন্ত্রীগৰাকী জলসম্পদ বিভাগৰ বিষয়া–কর্মচাৰীসক লগত আন এক বৈঠকত মিলিত হয়৷ বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়৷ জিলাখনৰ আধৰুৱা হৈ থকা মথাউৰিৰ মেৰামতি আদিৰ কাম কৰিবৰ বাবে যাৱতীয় প্রস্তুতি চলাবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷ জলসম্পদ বিভাগৰ এক সূত্রই জনোৱা মতে, এনে কামৰ বাবে ৯খন আঁচনি গ্রহণ কৰা হৈছে৷ ইয়াৰে কলিয়াবৰত ২খন, ৰহাত ২খন, জুৰীয়াত ২খন, নগাঁও সদৰত ২খন আৰু ধিঙত এখন আঁচনি আছে৷ ২০ এপ্রিলৰ পিছত চৰকাৰৰ অনুমতি লাভ কৰিলেই যুদ্ধকালীন তৎপৰতাৰে সেই কাম কৰা হ’ব বুলি বৈঠকত বিষয়াসকলে জানিবলৈ দিয়ে ৷ এই আঁচনি ৰূপায়ণ কৰিবৰ বাবে প্রায় ৬৫ কোটি টকা ধার্য কৰা হৈছে বুলি জলসম্পদ বিভাগৰ সূত্রত প্রকাশ ৷