নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক’ৰোনা সংকটৰ সময়ত দেশৰ ভাগি পৰা অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে ৰিজাৰ্ভ বেংকে এক বৃহৎ পদক্ষেপ হাতত লৈছে । ১৪ এপ্ৰিলৰ পাছত দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰাৰ পাছত এনে পৰিস্থিতিত দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে । এনে সংকটময় কালত দেশৰ অৰ্থনৈতিক ব্যৱস্থা যাতে ভাগি নাযায়, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই । শুকুৰবাৰে পুৱা ১০ বজাত ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ গৱর্নৰ শক্তিকান্ত দাসে এখন সংবাদ মেলযোগে দেশৰ অর্থনৈতিক ক্ষেত্রত ১ লাখ কোটি টকাৰ আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে বহুকেইটা গুৰুত্বপূর্ণ ঘোষণা কৰে ৷ এই ঘোষণাসমূহৰ ভিতৰত ৰিজার্ভ ৰেপ’ৰেট কর্তনৰ ঘোষণা অন্যতম ৷
আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে কয় যে দেশৰ বজাৰত বৃহৎ উত্থান–পতন ঘটিছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য দ্রুতগতিত হ্রাস পাইছে ৷ সেই সকলো দিশ আগত ৰাখি যোৱা ২৭ মার্চৰ পাছত দ্বিতীয়বাৰৰ বাবে সংবাদ মেল সম্বোধন কৰি আৰ বি আইৰ গৱর্নৰজনে গ্রহণ কৰা পদক্ষেপসমূহ ঘোষণা কৰে ৷ সেই অনুসৰি ৰিজার্ভ বেংকে ৰিজার্ভ ৰেপ’ৰেট ২৫ বেছিক পইণ্ট কর্তন কৰাৰ সিদ্ধান্ত লয়৷ এই কর্তনৰ ফলত ৰিজার্ভ ৰেপ’ৰেট ৪ শতাংশৰ পৰা হ্রাস পাই ৩.৭৫ শতাংশ হ’লগৈ ৷ অৱশ্যে ৰেপ’ৰেটৰ কোনো সালসলনি কৰা হোৱা নাই ৷ দ্বিতীয়তে ক’ৰোনা সংকটৰ সময়ত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বাবে আর্থিক পেকেজ ঘোষণা কৰে৷ দেশৰ লাখ লাখ এনে উদ্যোগীৰ সহায়ৰ বাবে আজি ৰিজার্ভ বেংকে ৫০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ৷ তদুপৰি এছ আই ডি বিৰ বাবে ১৫ হাজাৰ কোটি টকাৰ পেকেজ, নাবার্ডৰ বাবে ২৫ হাজাৰ কোটি টকাৰ আৰু হাউছিং ফাইনেন্স বেংকক ১০ হাজাৰ কোটি টকা দিয়া হ’ব ৷
এই পেকেজসমূহৰ জৰিয়তে এন বি এফ চি, এম এছ এম ই, ৰিয়েল ইষ্টেটৰ নগদ ধনৰ অভাৱ নাইকিয়া হ’ব৷ আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে এন পি এৰ নিয়মতো বেংকসমূহক সকাহ দিবলৈ চেষ্টা কৰিছে৷ এই নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত মোৰেটৰিয়াম পিৰিয়ডৰ এন পি এ গণনা কৰা নহয়৷ ৰিজার্ভ বেংকৰ গৱর্নৰজনে জনোৱা মতে, পৰৱর্তী জাননী নিদিয়ালৈকে বেংকে ডিভিডেণ্ড ঘোষণা কৰিব নোৱাৰিব৷ লগতে বেংকেও লাভৰ পৰা ডিভিডেণ্ড দিব নালাগে ৷ আনহাতে, ৰাষ্ট্রীয়কৃত বেংক আৰু আন বিত্তীয় প্রতিষ্ঠানসমূহে অতিৰিক্ত ২০ শতাংশ প্রভিজন ৰাখিব লাগিব৷ লোন একাউণ্টৰ ৰিজ’লিউচনৰ প্রত্যাহ্বানলৈ লক্ষ্য ৰাখি ৰিজ’লিউচনৰ সময়সীমা ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে ৷ গৱর্নৰজনে টি এল টি আৰ অ’–২ৰ অধিসূচনা জাৰি কৰাৰ কথা ঘোষণা কৰি টি এল টি আৰ অ’–২ৰ আৰম্ভণি ৫০ হাজাৰ কোটি টকাৰ পৰা হ’ব বুলি মন্তব্য কৰে৷ টি এল টি আৰ অ’–২ৰ পৰা এন বি এফে ১০ হাজাৰ কোটি টকাৰ পুঁজি লাভ কৰিব ৷ ইয়াৰ ৫০ শতাংশ পুঁজি ক্ষুদ্র আৰু মজলীয়া এন বি এফ চিয়ে পাব৷ সংবাদ মেলখনত সম্বোধন কৰি আৰ বি আইৰ গৱর্নৰজনে কয় যে বর্তমান বিশ্বৰ অর্থনীতি কঠিন সময়ৰ মাজেৰে অতিবাহিত হৈছে ৷
আই এম এফে ইতিমধ্যে ইয়াক মহামন্দা পৰিস্থিতিৰ সৈতে তুলনা কৰি আর্থিক বৃদ্ধিত বৃহৎ প্রত্যাহ্বানৰ আশংকা প্রকাশ কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে বর্তমান অটোম’বাইল খণ্ড বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ তেওঁ আৰু কয় যে ভাৰতৰ সম্ভাব্য আর্থিক বৃদ্ধিৰ হাৰ ১.৯ শতাংশ৷ ২০২১–২২ বিত্তীয় বর্ষত উন্নয়নৰ সম্ভাব্য হাৰ ৭.৪ শতাংশ৷ আৰ বি আইৰ গৱর্নৰজনে জি–২০ দেশসমূহৰ ভিতৰত ভাৰতৰ উন্নয়নৰ হাৰে আটাইতকৈ বেছি বুলি উল্লেখ কৰি ক’ৰোনা ভাইৰাছ সংকট মোকাবিলা কৰাৰ ক্ষেত্রত ৰিজার্ভ বেংকে সমগ্র পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই সংকটৰ মোকাবিলা কৰিবৰ বাবে দেশৰ বেংকসমূহত নগদ ধনৰ যোগান বৃদ্ধি কৰা হৈছে৷ জি ডি পিৰ ৩.২ শতাংশ নগদ ধনৰ যোগান ধৰা হৈছে৷ এই বছৰৰ আৰম্ভণিতে বৰষুণৰ স্বাভাৱিক পৰিমাণ দেশৰ বাবে স্বস্তিৰ কাৰণ বুলিও শক্তিকান্ত দাসে মন্তব্য কৰে৷