নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ পর্যটন উদ্যোগত চাকৰি হেৰুৱাব কেইবানিযুতো কর্মীয়ে

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ গোলকীয় পর্যটন উদ্যোগত ক’ভিড–১৯ৰ সংকটৰ বাবে কেইবানিযুতো লোকে কাম হেৰুৱাব ৷ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে এতিয়া পর্যটন উদ্যোগলৈ ভয়াৱহ পৰিস্থিতি নমাই আনিছে বুলি ৰাষ্ট্রসংঘই ঘোষণা কৰিছে ৷ ৰাষ্ট্রসংঘৰ বিশ্ব পর্যটন সংস্থা (ইউএনডব্লিউটি’)ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি বিশ্বজুৰি ৯৬ শতাংশ পর্যটন ক্ষেত্র বন্ধ হৈ আছে৷ ক’ৰোনা মহামাৰীৰ প্রতিৰোধৰ বাবে বিভিন্ন দেশে ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি পর্যটন ক্ষেত্রসমূহত মানুহৰ সমাৱেশ বন্ধ কৰাৰ লগে লগে এই উদ্যোগত বৃহৎ ক্ষতিৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে বিভিন্ন দেশৰ পর্যটন শিল্পত এতিয়া দেখা দিছে বিৰাট শূন্যতাই৷ গতিকে ৰাষ্ট্রসংঘই এই শিল্পৰ সৈতে জড়িত কেইবানিযুতো লোকে চাকৰি হেৰুৱাব বুলি আশংকা প্রকাশ কৰিছে ৷

You might also like