নিউ জার্ছী ভ্রমণ কৰা ইভানকাৰ পক্ষত হোৱাইট হাউছ
নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীক প্রতিৰোধ কৰিবলৈ ভ্রমণৰ ক্ষেত্রত থকা বিভিন্ন নিষেধাজ্ঞা উলংঘা কৰি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কন্যা ইভানকাই যোৱা সপ্তাহত ব্যক্তিগত ভ্রমণসূচী লৈ উপস্থিত হৈছিল নিউ জার্ছীত ৷ যি সময়ত সাধাৰণ আমেৰিকান নাগৰিকসকলক ঘৰতে থাকি ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰৰ নির্দেশাৱলী মানিবলৈ আহ্বান জনোৱা হৈছে, সেই সময়ত হোৱাইট হাউছৰ বিষয়ববীয়া তথা ৰাষ্ট্রপতিৰ দুহিতাই কেনেদৰে ব্যক্তিগত ভ্রমণসূচী লৈ নিউ জার্ছীত উপস্থিত হ’ব পাৰে তাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল দেশখনত৷ কিন্তু শেহতীয়াকৈ হোৱাইট হাউছ প্রশাসনে ইভানকাৰ পক্ষত থিয় দিছে৷ ইভানকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৱাশ্বিংটন ডিচিৰ পৰা নিউ জার্ছীত গৈ উপস্থিত হৈছিল যদিও এয়া কোনো বাণিজ্যিক ভ্রমণ নাছিল বুলি হোৱাইট হাউছে সদৰী কৰিছে৷ ইভানকাই পৰিয়ালৰ সদস্যসকলৰ সৈতে নিউ জার্ছীত এটা দিন উদ্যাপন কৰাৰ বাবেহে গৈছিল বুলি যুক্তি দর্শাইছে হোৱাইট হাউছে ৷