প্রখ্যাত আমেৰিকান অভিনেতা ব্রায়ান ডেনেহীৰ জীৱনাৱসান
নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ আমেৰিকাৰ বিশিষ্ট অভিনেতা ব্রায়ান ডেনেহীৰ দেহাৱসান ঘটিছে ৷ বিভিন্ন চৰিত্রত হৃদয়স্পর্শী অভিনয়েৰে বিশ্বজুৰি জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ডেনেহী ৷ ৪০খনতকৈ অধিক ছবিত অভিনয়েৰে জনপ্রিয়তা অর্জন কৰা ৮১ বছৰীয়া ডেনেহীৰ কানেক্টিকাটস্থিত বাসভৱনত বার্ধক্যজনিত ৰোগত মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্রই সদৰী কৰিছে ৷ উল্লেখনীয় যে ‘ফার্ষ্ট ব্লাড’ ছবিখনত ৰেম্ব’ৰ বিপৰীতে বলিষ্ঠ অভিনয় কৰিছিল ডেনেহীয়ে৷ ‘টু কেট্ছ এ কিলাৰ’ ছবিখনত জন ৱানে গেচীৰ চৰিত্রত মর্মস্পর্শী অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে৷ অভিনয়ৰ ক্ষেত্রত দেখুওৱা দক্ষতাৰ বাবেই ‘গ’ল্ডেন গ্ল’ব বঁটা’ লাভ কৰাৰ উপৰি ছবাৰকৈ এমী বঁটাৰ বাবে মনোনীত হৈছিল ডেনেহী ৷ উল্লেখনীয় যে মঞ্চতো দীর্ঘকাল ধৰি অভিনয়েৰে দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ডেনেহী৷ অভিনেতাগৰাকীৰ মৃত্যুত আমেৰিকান ছবি জগতৰ সুদক্ষ অভিনেতা তথা পৰিচালক জেমছ উড্ছে গভীৰ শোক প্রকাশ কৰিছে ৷