৩০ এপ্ৰিলৰ পাছত মুকলি হ’ব ৰাজ্যৰ সকলো চিকিৎসালয়
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অসমৰ বাহিৰত দুৰাৰোগ্য ৰোগৰ চিকিৎসাধীন হৈ থকা ৭২০ জন লোকক দিয়া হৈছে ২৫ হাজাৰ টকাৰ সাহায্য । মুম্বাইৰ অসম ভৱনত থকা ২৫ জন কেঞ্চাৰ ৰোগীকো দিয়া হৈছে আৰ্থিক সাহায্য । এই কথা আজি এক সংবাদমেলত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ইপিনে সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই চীনৰ পৰা অনা পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট (পি পি ই) সমূহ নিম্নমানৰ বুলি একাংশ সংবাদ মাধ্যমে কৰা অপপ্ৰচাৰৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে DRDO ই অফিচিয়েলি একো এই সন্দৰ্ভত এতিয়ালৈকে কোনো PPE কীট ৰিজেক্ট কৰা নাই । কিন্তু এই বাতৰিয়ে স্বাস্থ্যকৰ্মীসকলক ভিত্তিগ্ৰস্ত কৰি তুলিব ।
ইয়াৰ লগতে অসমত এই পৰ্যন্ত ৪৪০০ জন লোকক ক’ৰোনা পৰীক্ষা কৰা হৈছে বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে ইয়াৰে ৩৪ জন লোকৰ হে ক’ৰোনা পজিটিভ পোৱা গৈছে ।
আনহাতে এই সংবাদমেলতে ৩০ এপ্ৰিলৰ পাছত ৰাজ্যৰ সকলো চিকিৎসালয় মুকলি হ’ব বুলি তেওঁ মন্তব্য কৰে ।