নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শনিবাৰে কৃষি বিভাগৰ ক্ষেত্র পর্যায়ৰ বিষয়া–কর্মীসকলক প্রগতিশীল কৃষককে ধৰি অন্যান্য কৃষকসকলক লগ ধৰি তেওঁলোকক সামাজিক দূৰত্ব বজাই ৰাখি কৃষিকার্য চলোৱাৰ বাবে অনুপ্রাণিত কৰাৰ পদক্ষেপ ল’বলৈ কৃষি বিভাগক নির্দেশ দিয়ে ৷ মুখ্যমন্ত্রীয়ে লগতে কৃষিকার্যৰ বাবে প্রয়োজনীয় সাৰ, কীটনাশককে ধৰি অন্যান্য সামগ্রী পর্যাপ্ত পৰিমাণে মজুত ৰখাৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে ৷ শনিবাৰে ওদালগুৰি জিলাত ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে গ্রহণ কৰা পদক্ষেপৰ পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে এই নির্দেশ দিয়ে ৷ ওদালগুৰি জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে ওদালগুৰি জিলাৰ ইতিমধ্যে ছীল হৈ থকা ভাৰত–ভূটান আন্তর্জাতিক সীমান্ত আৰু অসম–অৰুণাচল আন্তঃৰাজ্যিক সীমান্তত যাতে অনুমতিবিহীন কোনোধৰণৰ চাল–চলন ঘটিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নিৰীক্ষণ ৰখাৰ পদক্ষেপ ল’বলৈও জিলা প্রশাসনক নির্দেশ দিয়ে ৷
বৈঠকত জিলা উপায়ুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়াই লকডাউনৰ সময়ছোৱাত জিলা প্রশাসনে জিলাখনৰ জনসাধাৰণক সকাহ প্রদানৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ উপৰি ক’ভিড–১৯ৰ প্রতিৰোধকল্পে জিলাখনত গ্রহণ কৰা বিভিন্ন পদক্ষেপ সম্পর্কে মুখ্যমন্ত্রীক অৱগত কৰে৷ মুখ্যমন্ত্রী সোণোৱালে লকডাউনৰ সময়ছোৱাত জিলাখনত যাতে অত্যাৱশ্যকীয় সামগ্রী সকলো সময়তে জনসাধাৰণৰ বাবে উপলব্ধ হৈ থাকে সেই সম্পর্কে উপযুক্ত পদক্ষেপ গ্রহণৰ বাবে জিলা উপায়ুক্তক নির্দেশ দিয়ে ৷ মুখ্যমন্ত্রীয়ে এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ যাতে মূল্যবৃদ্ধি নহয় তাৰ বাবে পাইকাৰী ব্যৱসায়ীসকলৰ সৈতে এক বৈঠকত মিলিত হ’বলৈও জিলা উপায়ুক্তক নির্দেশ দিয়ে ৷ মুখ্যমন্ত্রীয়ে জিলাখনত এইখিনি সময়ত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰে উপযুক্তভাৱে মোকাবিলা কৰাৰ বাবে উপায় নির্ধাৰণৰ বাবে জিলাখনৰ দায়িত্বত থকা মন্ত্রী তথা সাংসদ আৰু বিধায়কসকলৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈও জিলা উপায়ুক্তক নির্দেশ দিয়ে ৷ মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তৰ কার্যালয়ত স্থাপন কৰা নিয়ন্ত্রণ কক্ষ যাতে দিনে নিশাই সক্রিয় হৈ থাকে তাৰ উপযুক্ত পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে ৷ এইক্ষেত্রত নিয়ন্ত্রণ কক্ষৰ দায়িভাৰ অর্পণ কৰা কর্মচাৰীসকলক ছিফ্ট ভিত্তিত দায়িত্ব অর্পণৰ ব্যৱস্থা কৰিবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে, যাতে এই কক্ষই জনসাধাৰণৰ যিকোনো ফোনকল গ্রহণ কৰি ক্ষিপ্র ব্যৱস্থা গ্রহণ কৰিব পাৰে ৷
মুখ্যমন্ত্রীয়ে শিশু, জ্যেষ্ঠ নাগৰিক আৰু গর্ভৱতী মহিলাসকলৰ বাবে ক্ষিপ্র আৰু কার্যকৰী সেৱা তাৎক্ষণিকভাৱে আগবঢ়োৱাৰ পদক্ষেপ ল’বলৈও জিলা প্রশাসনক নির্দেশ দিয়ে ৷ আজিৰ পর্যালোচনামূলক বৈঠকত মুখ্যমন্ত্রীয়ে অলপতে হোৱা ধুমুহাত জিলাখনৰ বৈদ্যুতিক সেৱাৰ ক্ষয়–ক্ষতিৰো বুজ লয় ৷ এপিডিচিএলৰ বিষয়ববীয়াসকলে এই ক্ষয়–ক্ষতিৰ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীক অৱগত কৰে ৷ মুখ্যমন্ত্রীয়ে এই লকডাউনৰ সময়ছোৱাত কোনো কাৰণতে যাতে বিদ্যুৎ সৰবৰাহত ব্যাঘাত নজন্মে তাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ এপিডিচিএলৰ বিষয়াক নির্দেশ দিয়ে ৷ পর্যালোচনা বৈঠকৰ পূর্বে মুখ্যমন্ত্রীয়ে ওদালগুৰিৰ সোণাইগাঁও কেম্পত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদর্শন কৰি ইয়াত নিয়োজিত চিকিৎসক, নার্ছ আদিৰ লগত মত বিনিময় কৰে ৷ বৈঠকত জিলাখনৰ দায়িত্বত থকা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহন দৈমাৰী, বিধায়কসকল ক্রমে বিমল বৰা, কমলী বসুমতাৰী, চৰণ বডো, মহেশ্বৰ বড়ো, বিটিএডিৰ প্রধান সচিব ৰবীনছন মুছাহাৰী, বিটিচিৰ সচিব ভাস্কৰজ্যোতি মাণ্টা, বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে ৷
পর্যালোচনামূলক বৈঠকৰ পিছতে জিলা উপায়ুক্ত কার্যালয় চৌহদত উপস্থিত থকা স্থানীয় সংবাদসেৱীসকলৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথম পর্যায়ত যি ২১ দিনীয়া লকডাউনৰ কার্যসূচী ঘোষণা কৰিছিল সেই কার্যসূচী অসমৰ জনসাধাৰণে অত্যন্ত নিষ্ঠা তথা সম্পূর্ণ শৃংখলাবদ্ধতাৰে পালন কৰিছে ৷ ইয়াৰ বাবে অসমৰ জনসাধাৰণৰ প্রতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অহা ৩ মে’লৈ চলিবলগীয়া দ্বিতীয় পর্যায়ৰ লকডাউনৰ কার্যসূচীৰ সময়ছোৱাত ৰাজ্যখনৰ জনসাধাৰণে যাতে জৰুৰীকালীন সেৱাকে ধৰি সকলোধৰণৰ অত্যাৱশ্যকীয় সেৱা লাভ কৰি থাকে ইয়াৰ নিশ্চিতিকল্পে ৰাজ্য চৰকাৰে যথাসম্ভৱ সকলো পদক্ষেপ গ্রহণ কৰিছে ৷ আনকি এই সময়ছোৱাত ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ জনসাধাৰণে যাতে প্রয়োজনীয় সেৱা সেৱা লাভ কৰি থাকে তাৰ বাবে আজি তেওঁ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে টেলিফোনযোগে কথা পাতিছে বুলিও কয়৷ মুখ্যমন্ত্রীয়ে অসমত আবদ্ধ হৈ থকা বাহিৰৰ ৰাজ্যৰ ব্যক্তিসকলৰ বাবেও অসম চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে বুলি কয়৷ ক’ভিড–১৯ৰ সংক্রমণৰ প্রতিৰোধকল্পে ৰাজ্যৰ চুকে–কোণে জনসচেতনতা সৃষ্টিৰ দিশত সংবাদসেৱীসকলে গ্রহণ কৰি থকা পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্রীয়ে আগন্তুক দিনকেইটাতো জনসাধাৰণক এই দিশত অধিক সজাগ আৰু সচেতন কৰাৰ বাবে পদক্ষেপ ল’বলৈ সংবাদসেৱীসকলৰ প্রতি আহ্বান জনায় ৷