নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত খাদ্য যোগান হ্রাস কিয়: আছু

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ  অসম ৰাজ্যিক চিৰিয়াখানত হোৱা খাদ্য সংকটৰ বাবে চিৰিয়াখানাৰ হৰিণা জনাৰণ্যলৈ খাদ্যৰ সন্ধানত ওলাই অহা প্রসংগটোৱে ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সভাপতি কুশ ৰংপি আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে কয় যে অসমত বিয়াগোম বন বিভাগ এটা থাকোঁতে অসমৰ একমাত্র ৰাজ্যিক চিৰিয়াখানাৰ জীৱকূল খাদ্য সংকটৰ সন্মুখীন হোৱাটো অত্যন্ত দুর্ভাগ্যজনক৷ খাদ্যৰ অভাৱ হোৱা বাবেই সম্ভৱতঃ যোৱা ১৭ এপ্রিলত চিৰিয়াখানাৰ সমীপৱর্তী অঞ্চললৈ এটা হৰিণা ওলাই গৈছিল৷ যোৱা ১৬ এপ্রিলৰ পৰা ডিএফ’ তেজস মাৰিস্বামীয়ে খাদ্য যোগান ধৰোঁতাসকলক প্রায় ৭০ শতাংশ খাদ্য কমকৈ যোগান ধৰিবলৈ নির্দেশ দিছিল আৰু তাৰ পিছদিনাই এই ঘটনা সংঘটিত হয়৷ সমগ্র বিষয়টোৱে চিৰিয়াখানাৰ সুৰক্ষাৰ সম্পর্কতো যথেষ্ট প্রশ্ণৰ অৱতাৰণা কৰিছে৷ তাৎপর্যপূর্ণ কথাটো হ’ল বর্তমানলৈ সমগ্র বিষয়টো সন্দর্ভত বনমন্ত্রী অথবা বন বিভাগে স্থিতি স্পষ্ট নকৰাটোৱে বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে৷ উল্লেখ্য যে ২০১৭ চনৰ মে’ মাহত চিৰিয়াখানাত ডিএফ’ হিচাপে যোগদানৰ পিছৰে পৰা বর্তমানলৈ এহেজাৰো অধিক চিৰিয়াখানাৰ জীৱ–জন্তুৰ মৃত্যু হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এই সন্দর্ভত বন বিভাগৰ স্থিতি ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে চিৰিয়াখানাৰ খাদ্য সংকট সন্দর্ভতো স্থিতি স্পষ্ট কৰিব লাগে৷ ২ মার্চতে স্বাক্ষৰিত পত্রখন কিয় হঠাৎ ১৬ এপ্রিল প্রদান কৰা হ’ল তাকে লৈ প্রশ্ণৰ অৱতাৰণা কৰাৰ লগতে নতুন খাদ্যৰ তালিকা কোন কোন বিশেষজ্ঞৰ দ্বাৰা অনুমোদিত সেয়া ৰাজহুৱা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ছাত্র সন্থাই৷

You might also like