নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ দেশব্যাপী অব্যাহত আছে৷ এই সংক্রমণৰ চিকাৰ হৈছে ক’ভিড–১৯ৰ যুঁজাৰু চিকিৎসা কর্মী৷ মধ্যপ্রদেশৰ ইণ্ডোৰত দুগৰাকী চিকিৎসকে ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাবলগীয়া হোৱাৰ পাছত মুম্বাইৰ যশলোক হাস্পতালত ক’ভিড–১৯ৰ যুঁজাৰু ২১গৰাকী নার্ছ ভাইৰাছটোত আক্রান্ত হৈছে৷ তদুপৰি নতুন দিল্লীৰ লেডী হৰডিংগে হাস্পতালত কর্মৰত দুগৰাকী চিকিৎসক আৰু ৬গৰাকী নার্ছ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ৰোনাত ভয়াৱহভাৱে আক্রান্ত মহাৰাষ্ট্রৰ মুম্বাইৰ যশলোক হাস্পতালত এগৰাকী নার্ছ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত পিছলৈ সুস্থ হৈছিল যদিও সেই নার্ছগৰাকীৰ সংস্পর্শলৈ অহা বাবেই আন ২১গৰাকী নার্ছ বর্তমান ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আটাইকেইগৰাকী নার্ছকে হাস্পতালৰ হোষ্টেলত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল৷ তেনেদৰে নতুন দিল্লীৰ লেডী হৰডিংগে মেডিকেল কলেজৰ ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসা কৰা কর্মৰত দুগৰাকী চিকিৎসক আৰু ৬গৰাকী নার্ছৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হৈছে৷ স্বাস্থ্যকর্মীৰ দেহত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাটোৱে সাম্প্রতিক সময়ত দেশৰ ক’ভিড–১৯ৰ যুঁজত প্রতিবন্ধকতা সৃষ্টি কৰিব পাৰে৷ ইপিনে আজি নতুন দিল্লীত ৪৫ দিনীয়া কেঁচুৱা এটি ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ কালাৱতী চৰণ শিশু হাস্পতালত প্রাণ হেৰুওৱা শিশুটিয়েই হ’ব দেশৰ সবাতোকৈ কনিষ্ঠ ৰোগী৷ এই শিশুটিৰ মৃত্যুৰ পাছত দেশত ক’ভিড–১৯ত আক্রান্ত হোৱা মৃতকৰ সংখ্যা আজি ৫৫৬লৈ বৃদ্ধি পাইছে৷ আনপিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই ১৭ হাজাৰ অতিক্রম কৰিছে৷ দেশব্যাপী সংক্রমণৰ মাত্রা তুলনামূলক দৃষ্টিত নিম্নগামী হোৱা বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে যদিও বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা প্রতিদিনে হাজাৰতকৈ অধিক৷ লক্ষণীয় যে হিমাচল প্রদেশত ক’ভিড–১৯ত আক্রান্ত ৰোগী এজন সুস্থ হৈ উঠাৰ পাছত পুনৰ ভাইৰাছটোত আক্রান্ত হোৱাত চিকিৎসকসকলৰ মাজত উদ্বিগ্ণতা বৃদ্ধি পাইছে৷ তবলিগী জামাতৰ সদস্য ৰাজ্যখনৰ মন্দি জিলাৰ বাসিন্দা ব্যক্তিজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত চিকিৎসালয়ত ভর্তি কৰায়৷ চিকিৎসালয়ত থকাৰ পাছত সেই ব্যক্তিজনৰ দেহত ক’ভিড–১৯ নিগেটিভ হোৱাত ঘৰলৈ যাবলৈ অনুমতি দিয়ে যদিও আশ্চর্যজনকভাৱে পিছলৈ পুনৰ ব্যক্তিজন ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰা মতে, দেশত বিগত ৫ দিনত ক’ৰোনা ভাইৰাছত আক্রান্তৰ হাৰ তুলনামূলকভাৱে নিম্নগামী হৈছে৷ পূর্বৰ ৮ শতাংশ বৃদ্ধিৰ পৰা ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা ৬.৬ শতাংশলৈ নামি আহিছে৷ এনেদৰে আক্রান্তৰ বৃদ্ধিৰ হাৰ দুগুণ হ’বলৈ ১১ দিনৰ সময়সীমা লৈছে৷ ইয়াৰ পূর্বে আক্রান্তৰ সংখ্যা দুগুণ হ’বলৈ ৮ দিন লাগিছিল৷ এই তথ্যৰ আধাৰতেই দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাৰ হাৰ নিম্নগামী হৈছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷ গুৰুত্বপূর্ণ যে দেশত আক্রান্তৰ মৃতকৰ হাৰ সম্প্রতি ৩.২ শতাংশৰ বিপৰীতে সুস্থ হৈ উঠাৰ হাৰ ১৪.২ শতাংশ৷ ইপিনে দিল্লী আৰু মহাৰাষ্ট্রত লক্ষণহীনভাৱে ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সদৰী কৰিছে৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কালি ৰাজ্যখনত আক্রান্ত হোৱা ১৮৬জন লোকৰ দেহত কোনো লক্ষণ পোৱা নাছিল বুলি উল্লেখ কৰিছে৷ ঠিক তেনেদৰে দেশৰ ভিতৰতে সর্বাধিক ক’ৰোনাত আক্রান্ত মহাৰাষ্ট্রতো প্রায় ৭০ শতাংশ লোক লক্ষণহীনভাৱে ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেই ঘোষণা কৰিছে৷ দিল্লীত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত লকডাউনত কোনো শিথিলতা অনা নহয় বুলি সংবাদ মেলত ঘোষণা কৰিছে মুখ্যমন্ত্রী কেজৰিৱালে৷ উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে আজি কাইলৈৰ পৰা উদ্যোগৰ পৰা কৃষিখণ্ডলৈ, বিত্তীয় প্রতিষ্ঠানৰ পৰা বিভিন্ন সেৱাৰ ক্ষেত্রত লকডাউন শিথিলৰ নির্দেশনা প্রকাশ কৰাৰ পাছতে মুখ্যমন্ত্রী কেজৰিৱালে দিল্লীৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নিজ ৰাজ্যত লকডাউন শিথিল নকৰে বুলি ঘোষণা কৰিছে৷ অৱশ্যে পৰৱর্তী সপ্তাহত পৰিস্থিতি নিৰীক্ষণৰ অন্ততহে বিষয়টো বিবেচনা কৰিব বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ ঠিক তেনেদৰে মহাৰাষ্ট্রতো লকডাউন শিথিল কৰা নহয় বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী থাক্ৰেই৷