‘অনিচ্ছাসত্ত্বেও মই ভেণ্টিলেটৰ বন্ধ কৰিলোঁ, যাতে তেওঁ শান্তিৰে মৰিব পাৰে’
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নিকট মৃত্যুৰ সন্মুখত ৰৈও মানুহে জীৱনৰ প্রার্থনা কৰে৷ বিচাৰে আত্মীয়জনৰ ক্ষণিক সান্নিধ্য৷ কিন্তু এটা মাত্র ভাইৰাছৰ উপস্থিতিত জীৱনৰ শেষ ইচ্ছাও হৈ পৰিছে তুচ্ছ৷ জীয়াই থকাৰ আকুতি হৈ পৰিছে মূল্যহীন৷ ক্ষীণ হৈ আহিছে জীৱন–মৃত্যুৰ সীমাৰেখাডাল৷ মৃত্যুমুখলৈ খুপি খুপি আগবাঢ়ি যোৱাজনক নির্দয় সিদ্ধান্তৰে দ্রুত বিদায় দিবলগীয়া হৈছে চিকিৎসকে৷ মানৱ সভ্যতাৰ এক অকল্পনীয় দুর্যোগৰ মুহূর্ত৷ হাজাৰ হাজাৰ বিজ্ঞানী, গৱেষকৰ অক্লান্ত পৰিশ্রমেও কঢ়িয়াই আনিব পৰা নাই সামান্য সকাহৰ খবৰ৷ নিঃশব্দ কোর্হালে যেন কাণ তাল মাৰি ধৰিছে চিকিৎসালয়বোৰৰ ৱার্ডত৷ এহাতে চিকাৰৰ সন্ধানত হামৰাও কাঢ়ি অহা মৃত্যুদূতৰূপী ক’ৰোনা, আনহাতে ঈশ্বৰৰ সামান্য সুদৃষ্টি বিচাৰি কৰা জীৱনৰ কৰুণ প্রার্থনা– তাৰ মাজতে দেশে দেশে চিকিৎসক–চিকিৎসা কর্মীসকলে দেৱদূতৰ ৰূপ লৈছে৷ অহর্নিশে মাৰাত্মক ভাইৰাছত আক্রান্ত ৰোগীক সেৱা আগবঢ়াইছে, সর্বোচ্চ চেষ্টাৰে ক’ৰোনা ৰোগীক সুস্থ কৰি তোলাৰ চেষ্টা কৰিছে৷ অথচ তেওঁলোকৰ সন্মুখত আহি পৰে এনে একোটা দোমোজাৰ সময়, য’ত সিদ্ধান্ত ল’বলগীয়া হয় কাক বিদায় দিব, কিদৰে বিদায় দিব আৰু কাৰ জীৱন ৰক্ষাৰ বাবে আর্জিত সকলো জ্ঞান–কৌশল ব্যয় কৰিব৷ লণ্ডনত কর্মৰত এগৰাকী ভাৰতীয় মূলৰ নার্ছে বর্ণনা কৰিছে সেই মর্মন্তুদ সময়ৰ কাহিনী৷ তেওঁৰ নাম জুৱেনিতা নিতলা৷ দক্ষিণ ভাৰতৰ এইগৰাকী চিকিৎসা কর্মীয়ে বিগত ১৬ বছৰ ধৰি ইংলেণ্ডৰ নেচনেল হেল্থ ছার্ভিচৰ ইনটেনচিভ কেয়াৰ স্পেচিয়েলিষ্ট নার্ছ হিচাপে কাম কৰি আহিছে৷ বর্তমান তেওঁ লণ্ডনৰ ৰয়েল ফ্রী হাস্পতালৰ আই চি ইউৰ চীফ নার্ছ৷ ক’ৰোনাৰ কঠিন সময়তো সাহসেৰে আই চি ইউত ভর্তি প্রতিগৰাকী ৰোগীৰ পৰিচর্যা কৰি আহিছে৷ নিৰাশাৰ দুর্বিষহ ধুমুহাৰ মাজতো এটা আশাৰেই নার্ছসকল আই চি ইউত প্রৱেশ কৰে প্রতিগৰাকী ৰোগীয়েই যেন সুস্থ হৈ সোনকালে ঘৰলৈ উভতি যায়৷ কোনো সঠিক দৰবৰ উদ্ভাৱন নোহোৱা এই মহামাৰীৰ বিৰুদ্ধে চিকিৎসক–চিকিৎসা কর্মীসকলৰ অভিজ্ঞতাই এতিয়া মূল অস্ত্র৷ জুৱেনিতা নিতলাৰ দৰে নার্ছসকল এই যুঁজৰ প্রথমশাৰীৰ সৈনিক৷ লণ্ডনৰ ৰয়েল ফ্রী হাস্পতালত নিতলাৰ লগত আছে ১৭৫গৰাকী সহকর্মী৷ পূর্বৰ ৩৪খন বিছনা থকা আই চি ইউত নতুনকৈ স্থাপন কৰা হৈছে আৰু ২৬খন বিছনা৷ পূর্বতে আই চি ইউত ভর্তি প্রতিগৰাকী ৰোগীৰ বিপৰীতে আছিল এগৰাকী নার্ছ৷ এতিয়া এগৰাকী নার্ছেই চোৱাচিতা কৰে তিনিজনকৈ ৰোগীক৷ দায়িত্ব তিনিগুণ বঢ়াৰ পাছতো কোনেও মনোবল হেৰুওৱা নাই, ভাগৰা যেন অনুভৱ কৰা নাই৷ একোটা ছিফ্ট আৰম্ভ কৰাৰ পূর্বে নার্ছসকলে সকলোৰে হাত সন্মুখলৈ আগবঢ়াই দিয়ে, পৰস্পৰৰ সুস্থতা কামনা কৰে৷ আই চি ইউৰ ভিতৰতো তেওঁলোকে ইজনৰ ওপৰত সিজনে চকু ৰাখে৷ যাতে পার্ছনেল প্রটেকচন ইকুইপমেণ্ট সঠিকভাৱে পৰিধান কৰা থাকে৷ পৃথিৱীৰ এই চৰম দুর্যোগৰ মুহূর্তত মানুহৰ জীৱনৰ বাবেই যেন নিজৰ জীৱন উৎসর্গা কৰিছে জুৱেনিতা নিতলাৰ দৰে চিকিৎসা কর্মীসকলে৷ এপ্রিলৰ দ্বিতীয় সপ্তাহৰ ঘটনা৷ পূর্বনির্ধাৰিত দায়িত্ব অনুসৰি পুৱাই চিকিৎসালয়ত উপস্থিত হ’ল জুৱেনিতা নিতলা৷ নির্দিষ্ট ৰেজিষ্টাৰত তেওঁলোকৰ দায়িত্ববোৰ ভগোৱা থাকে৷ কিন্তু সেই দিনা পুৱা ৰেজিষ্টাৰ খুলি চাই এক মুহূর্তৰ বাবে স্তব্ধ হৈ ৰ’ল নিতলা৷ কাৰণ তেওঁৰ বাবে সিদিনা কোনো ৰোগীৰ চিকিৎসাৰ এছাইনমেণ্ট লিখা হোৱা নাছিল৷ জুৱেনিতা নিতলাক দিয়া হৈছিল এগৰাকী ক’ভিড–১৯ আক্রান্ত ৰোগীৰ চিকিৎসা বন্ধ কৰাৰ দায়িত্ব৷ ৰোগীগৰাকীও তেওঁৰ দৰেই চিকিৎসা বৃত্তিত জড়িত নার্ছ৷ বয়স ৫০৷ যাক মৃত্যুমুখলৈ ঠেলি দিয়াৰ দায়িত্ব দিয়া হৈছে ৪২ বছৰীয়া জুৱেনিতাক৷ এনে এটা কঠিন কাম কৰিবলৈ গৈ বাৰে বাৰে থমকি ৰ’ল তেওঁ৷ গধুৰ মন লৈ সেই ক’ৰোনা আক্রান্ত ৰোগীৰ কন্যাক এই নির্দয় সিদ্ধান্তৰ বিষয়ে অৱগত কৰিলে৷ তাৰ পাছত প্রৱেশ কৰিলে আই চি ইউত৷ আগবাঢ়ি গ’ল বিছনাখনৰ ফালে৷ য’ত ৰোগীগৰাকী অক্সিজেন মাস্ক লৈ শুই আছে৷ ইতিমধ্যে তেওঁৰ মৃত্যু পৰোৱানা জাৰি হৈ গৈছে৷ জুৱেনিতা কিছু সময়ৰ বাবে বিছনাখনৰ কাষত থিয় হৈ ৰ’ল৷ উঠাই থোৱা সেউজীয়া পর্দাবোৰ নমাই দিলে৷ ভেণ্টিলেটৰত সংলগ্ণ কম্পিউটাৰত বজাই দিলে ৰোগীৰ পছন্দৰ এটা মৃদু সংগীত, যাৰ বিষয়ে তেওঁৰ কন্যাই জানিবলৈ দিছিল৷ এইবাৰ জুৱেনিতাই ক’ৰোনা ৰোগীগৰাকীৰ এখন হাতত নিজৰ হাত থ’লে৷ আনখন হাতেৰে তেওঁৰ কন্যালৈ ফোন লগালে৷ ফোনটো ৰোগীৰ কাণৰ কাষত থ’লে– জীয়েকে শেষ বিদায় জনালে৷ আৰু শেষত ভেণ্টিলেটৰৰ ছুইছ অফ কৰি দিলে৷ এটা এটাকৈ লাইটবোৰ নুমাই আহিল৷ আই চি ইউত কর্মৰত আন নার্ছসকল কিছু সময়ৰ বাবে মূক–মৌন হৈ ৰ’ল৷ এসময়ত কম্পিউটাৰত উঠা–নমা কৰি থকা ৰেখাডাল স্থিৰ হৈ পৰিল৷ জুৱেনিতা নিতলাই সঠিকভাৱে তেওঁৰ ওপৰত ন্যস্ত দায়িত্ব পালন কৰিলে, কিন্তু নার্ছৰ দায়িত্ব তাতেই শেষ নহয়৷ তাৰ পাছত অতি সহজভাৱে মৃতদেহটো বিছনাৰ পৰা নমালে৷ বগা এটা কফিনত ভৰালে আৰু ব’ডী বেগেৰে কফিনটো ছীল কৰি দিলে৷ তাৰ পূর্বে মৃত ৰোগীজনৰ কপালত আঙুলিৰে আঁকি দিলে এটা ক্রছ চিহ্ণ৷ জুৱেনিতাৰ বাবে এয়া আছিল মেডিকেল কর্তৃপক্ষই নির্দেশ দিয়া এটা দায়িত্ব৷ যিটো পালন কৰিবই লাগিব৷ কিন্তু এই ঘটনাই বাৰুকৈয়ে আহত কৰিলে লণ্ডনত কর্মৰত ভাৰতীয় নার্ছগৰাকীক৷ নিদ্রাহীনতা তেওঁৰ সহচৰ হৈ পৰিল৷ আশংকাই খুলি খুলি খাবলৈ ধৰিলে৷ নিশাৰ পাছত নিশা উজাগৰে থাকি ভাবিবলৈ ল’লে তেওঁৰ দেহতো যদি ক’ৰোনাৰ সংক্রমণ হয় আৰু এদিন হাস্পতালত অকলশৰে…৷ পিছমুহূর্ততে নিজক সাত্ব্ন্না দিয়াৰ চেষ্টা কৰে– সাহস হেৰুৱাই পেলোৱাটো উচিত নহয়৷ এই ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰি জুৱেনিতা নিতলাই কয়– যেতিয়া কোনো এগৰাকী ৰোগীয়ে নিজে উশাহ লোৱাত কষ্ট পায়, তেতিয়া ভেণ্টিলেটৰৰ সহায়ত তেওঁক অক্সিজেন দিব পাৰি৷ কিন্তু কেৱল ভেণ্টিলেটৰৰ সহায়ত ক’ৰোনা আক্রান্ত ৰোগীক সুস্থ কৰি তোলটো সম্ভৱ নহয়৷ সেই বাবেই দেশে দেশে চিকিৎসালয়সমূহে কিছু কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে৷ যদিহে এগৰাকী ৰোগী সুস্থ হৈ উঠাৰ সম্ভাৱনা ক্ষীণ হৈ আহে, তেতিয়া তেওঁৰ ভেণ্টিলেটৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ যাতে আন এগৰাকী ৰোগীক আই চি ইউৰ সুবিধা প্রদান কৰিব পৰা যায়৷ তাৰ পূর্বে চিকিৎসাধীন ৰোগীগৰাকীৰ বয়স, স্বাস্থ্যৰ অৱস্থা, চিকিৎসাৰ প্রভাৱ আৰু সুস্থ হৈ উঠাৰ সম্ভাৱনাৰ বিষয়ে বিশ্লেষণ কৰা হয়৷ লণ্ডনৰ ৰয়েল ফ্রী হাস্পতালত ৫০ বছৰীয়া ৰোগীজনৰ সুস্থ হোৱাৰ সম্ভাৱনা ক্রমাৎ নোহোৱা হৈ আহিছিল৷ যাৰ বাবে চিকিৎসালয় কর্তৃপক্ষই লৈছিল এক কঠিন সিদ্ধান্ত৷ যাক বাস্তৱায়িত কৰাৰ দায়িত্ব জুৱেনিতা নিতলাৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু জুৱেনিতাই সেই নির্দয় দায়িত্ব নিষ্ঠাৰে শেষ কৰি উঠি ক’লে– ‘মই ভেণ্টিলেটৰটো বন্ধ কৰি দিলোঁ, যাতে তেওঁ শান্তিৰে মৰিব পাৰে…৷ কিন্তু এইদৰে এজন মানুহ অকলে মৰিবলৈ লোৱা দৃশ্যটো অত্যন্ত হূদয়বিদাৰক৷’