নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ বাবে দোষী প্রমাণিত হ’লে চীনে পৰিণাম ভুগিব লাগিব

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছ সংক্রমণৰ দোষী প্রমাণিত হ’লে চীনে ইয়াৰ ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি দেশখনক সকীয়নি দিয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ক’ভিড–১৯ৰ সংক্রামক হিচাপে চীনক ইতিমধ্যে দোষাৰোপ কৰি থকা মার্কিন ৰাষ্ট্রপতি ট্রাম্পে যোৱানিশা হোৱাইট হাউছত এখন সংবাদ মেলত প্রত্যক্ষভাৱে ক’ৰোনা ভাইৰাছ সংক্রমণৰ বাবে চীনে পৰিণাম ভুগিব লাগিব বুলি কঠোৰ সকীয়নি দিয়ে৷ ক’ৰোনা ভাইৰাছক লৈ চীনৰ ভূমিকাত অসন্তুষ্ট মার্কিন ৰাষ্ট্রপতি ট্রাম্পে চীনে ভাইৰাছটোক লৈ স্বচ্ছতা নেদেখুওৱা বুলি অভিযোগ কৰাৰ লগতে প্রাৰম্ভিক অৱস্থাত বেইজিঙে ৱাশ্বিংটনৰ সৈতে সংকটৰ সময়ত সঠিক লেনদেন কৰা নাই বুলিও দোষাৰোপ কৰে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ সাংবাদিকক ৰাষ্ট্রপতি ট্রাম্পে কয় যে যদি দেশখনে জানি–বুজিয়ে এই সংক্রমণৰ দায়ী হয়, তেতিয়াহ’লে ভয়াৱহ পৰিণাম ভুগিব লাগিব৷ ১৯১৭ চনৰ পাছত সম্ভৱতঃ এনেধৰণৰ ভাইৰাছৰ সংক্রমণ হোৱা নাই৷ ক’ভিড–১৯এ বিশ্বজুৰি সংহাৰ সৃষ্টি কৰাৰ সময়লৈকে চীনৰ সৈতে আমেৰিকাৰ সম্পর্ক অতি ভাল বুলি উল্লেখ কৰিলেও ভাইৰাছটোক লৈ চীনৰ ভূমিকাত ক্ষোভ প্রকাশ কৰে ৰাষ্ট্রপতি ট্রাম্পে৷ মন কৰিবলগীয়া যে চীনে ক’ভিড–১৯ৰ সংক্রমণ প্রায় নিয়ন্ত্রিত কৰিলেও আমেৰিকা যুক্তৰাষ্টকে ধৰি ইউৰোপ মহাদেশত এই ভয়াৱহ ভাইৰাছটোৱে সংহাৰী ৰূপ লৈছে৷ ভাইৰাছটোৰ প্রাদুর্ভাৱ ঘটা চীনৰ য়ুহান প্রদেশৰ লেবৰেটৰীৰ পৰাই এই ভাইৰাছটোৰ সংক্রমণে সমগ্র বিশ্বক ত্রাহি মধুসূদন দেখুৱাই থকাৰ লগতে বিধ্বস্ত হৈ পৰা আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ক’ভিড–১৯ক চীনা ভাইৰাছ বুলি আখ্যা দিছে৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাকো ক’ভিড–১৯ৰ বাবে দায়ী চীনক লৈ পক্ষপাতমূলক দৃষ্টিভংগী গ্রহণ কৰাৰ বাবে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাই নহয়, পুঁজি সাহায্য বন্ধ কৰি দিছে৷ উনুকিয়াব পাৰি যে ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সংখ্যা চীনে গোপন কৰা বুলিও মার্কিন ৰাষ্ট্রপতিয়ে ইতিমধ্যে অভিযোগ কৰিছে৷ দেশখনৰ চোৰাংচোৱা সংস্থা চি আই এৰ দ্বাৰা চীনৰ য়ুহান প্রদেশত ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সঠিক তথ্য সংগ্রহ কৰাত ব্যস্ত হৈ পৰিছে৷ তদুপৰি য়ুহানৰ লেবৰেটৰীৰ পৰাই যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রথমে চীন আৰু পাছত সমগ্র বিশ্বতে বিয়পি পৰিছে, তাক লৈও অনুসন্ধান চলাই আছে৷ তথ্য মতে, চি আই এয়ে এই সন্দর্ভত চীনৰ গোপন তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিড–১৯ক লৈ চীনৰ ভূমিকাক লৈ ক্ষুণ্ণ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে চি আই এৰ প্রতিবেদন লাভ কৰাৰ পাছতেই চীনৰ বিৰুদ্ধে পদক্ষেপ গ্রহণৰ সম্ভাৱনা আছে৷ চীনক লৈ ক্ষুণ্ণ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কালি মুকলিকৈ ক’ভিড–১৯ৰ বাবে চীন দায়ী হ’লে দেশখনে ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি সকীয়নি দিয়া বার্তাই বিশ্ববাসীৰ বাবে অনাগত সময়ত অশনি সংকেত কঢ়িয়াই আনিব পাৰে৷

You might also like