নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়াৰলেণ্ডত অসমীয়া প্রৱাসীৰ অনলাইনযোগে বিহু উদযাপন

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ প্রতিজন অসমীয়াৰ সিৰাই সিৰাই প্রৱাহিত হৈ আছে, তেওঁ পৃথিৱীৰ য’তে নাথকক কিয়, এই বিহু সদায়ে আদৰণীয়৷ সেই কথা প্রতিপন্ন কৰিলে সদূৰ আয়াৰলেণ্ডত৷ যোৱা ১৮ এপ্রিলত অসম ছ’চাইটী অৱ আয়াৰলেণ্ডৰ উদ্যোগত দ্বিতীয় বার্ষিক ৰঙালী বিহু উদযাপন কার্যসূচী অনুষ্ঠিত হয়৷ চৰকাৰী নির্দেশ অনুসৰি লকডাউন আৰু সামাজিক দূৰত্ব পালন কৰি আয়াৰলেণ্ডৰ প্রৱাসী অসমীয়াসকলে দেশখনৰ বিভিন্ন প্রান্তৰ পৰা অনলাইনযোগে জুম Zoom) মিটিঙত বিয়লি ৩ বজাত একলগ হয়৷ কর্ম আৰু শিক্ষাসূত্রে বর্তমান ইউৰোপৰ আয়াৰলেণ্ডত বসবাস কৰা প্রায় ৩০গৰাকী অসমীয়াই অনুষ্ঠানটোত অংশগ্রহণ কৰা বুলি জয়দ্বীপ ডেকাই জানিবলৈ দিছে৷ প্রায় ৩.৫ ঘণ্টাজোৰা অনুষ্ঠানটোৰ আৰম্ভণি কৰা হয় অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশনেৰে৷ চৰকাৰী অনুশাসন মানি চলি নিজৰ নিজৰ বাসগৃহৰ পৰা যোগদান কৰা আটায়ে বিহু গীত, বিহু নৃত্য, যাদু, কবিতা আবৃত্তি, কুইজ, আধুনিক গীত আদি পৰিৱেশন কৰি অসম ছ’চাইটী অৱ আয়াৰলেণ্ডৰ সদস্যসকলে উলহ–মালহেৰে এইবেলি ৰঙালী বিহু অনলাইনযোগে উদযাপনৰে বিহুৰ মাদকতা ৰক্ষা কৰে৷

You might also like