নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকট বাতিলঃ ৩৪ কোটি ঘূৰাই দিলে এনএফ ৰে’লৱেই

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ২৪ মার্চৰ পৰা দেশজুৰি লকডাউন নিষেধাজ্ঞা জাৰি কৰাৰ ফলত বন্ধ হৈ পৰে যাত্রীবাহী ৰে’লৰ চলাচল৷ সমগ্র ভাৰতবর্ষৰ লগতে অসমকে ধৰি উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষৰ পৰিসৰৰ ভিতৰত থকা হাজাৰ হাজাৰ যাত্রীৰো ইয়াৰ বাবে যাত্রা বাতিল হয়৷ এই সন্দর্ভত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে, ২৪ মার্চত লকডাউন আৰম্ভ হোৱাৰ পিছত এন এফ ৰে’লৱে কর্তৃপক্ষই টিকট বাতিলকৰণৰ বাবদ যাত্রীক ৩৪ কোটিৰো অধিক টকা ঘূৰাই দিছে৷ ইয়াৰ ভিতৰত ১৪ এপ্রিল পর্যন্ত ২,৪৩,৯৩৯টা টিকটৰ বিপৰীতে ২২.৪১ কোটি টকা আৰু ১৫ এপ্রিলৰ পৰা কালিলৈকে ১,২৩,৭১৬টা টিকটৰ বিপৰীতে ১১.৪০ কোটি টকা ঘূৰাই দিছে৷ তেনেদৰে ১১৪৬টা ই–টিকটৰ বিপৰীতে প্রায় ১২.৮৮ লাখ টকা যাত্রীক ঘূৰাই দিছে৷ যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ থাকিলেও খাদ্যকে ধৰি নিত্য ব্যৱহূত আৰু পেট্র’লিয়ামজাত সামগ্রী কঢ়িওৱা ৰে’লৰ চলাচল নিয়মীয়াকৈ হৈ থকা বুলি মুখ্য জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like