নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড–১৯ৰ বীজাণু ক’ৰোনা ভাইৰাছবিধৰ নাম হৈছেSARS-CoV-2৷ ইতিপূর্বে আন দুবিধ ক’ৰোনা ভাইৰাছ ক্রমেSARS-CoV-1 (২০০৩) আৰুMERS (২০১৩) ভাইৰাছে এপিডেমিক কৰিছিল, কিন্তু বর্তমানৰ দৰে বিশাল ৰূপ ধৰা নাছিল৷ ইয়াৰ কাৰণ কি আলোচনা কৰিম৷ ক’ভিড–১৯ৰ আৱির্ভাৱ অপ্রত্যাশিত নহয়৷ বিশ্বৰ দেশসমূহৰ প্রস্তুতি–পৰিকল্পনা নোহোৱাটোহে অপ্রত্যাশিত৷ মই ইংলেণ্ডত মাইক্র’বায়োল’জী অধ্যয়ন কৰিবলৈ যোৱা ঠিক পিছৰ বছৰটোতেই ১৯৯৫ চনত আমেৰিকাৰCentre for Disease Control CDC)ৰ পৃষ্ঠপোষকতাতEmerging Infectious Diseases নামৰ বিজ্ঞান আলোচনীখনৰ প্রথমটো সংখ্যা ওলাইছিল৷ নগৰিকীকৰণ, অৰণ্যসমূহৰ ধ্বংসসাধন, আন্তর্জাতিক ভ্রমণ আৰু বিশ্ব–উষ্ণতা আদি মানৱকৃত প্রকৃতি ক্ষতিকাৰক কার্যৰ প্রকোপ বৃদ্ধিৰ লগে লগে যে জীৱজগতৰ পৰা বীজাণু পৰিৱর্তিত হৈ মানুহক ৰোগ কৰিব পৰা ক্ষমতা ধাৰণ কৰিব, সেয়া অনুমান কৰা হৈছিল৷ সেই অনুমান যোৱা দশককেইটাত বহুবাৰ সঁচা প্রমাণিত হৈছে৷ প্রকৃতি–ক্ষতিকাৰক মানৱ কার্যৰ পৰিণতি স্বৰূপে আত্মপ্রকাশ কৰিব পৰা নতুন বীজাণুু আৰু কোনবোৰ পৰিচিত বীজাণুৱে বিধ্বংসী ৰূপ ল’ব পাৰে এই বিষয়ে অধ্যয়ন নকৰাকৈ কোনো সংক্রমণ বিশেষজ্ঞই যোৱা দশককেইটাত পৰীক্ষা পাছ কৰিব পৰা নাই৷ ই এনে এটা জৰুৰী বিষয়৷ তেনেস্থলত চৰকাৰসমূহৰ অসহায়তা প্রত্যাশিত নহয়৷ ব্রিটেইনৰ ক্ষেত্রত কোৱা হৈছে যে প্রধানকৈ আচম্বিতে হ’ব পৰা সন্ত্রাসবাদী কার্যকলাপ প্রতিহত কৰাটোৱে বিগত সময়ছোৱাত ইমান প্রাধান্য লাভ কৰিছিল যে পেনডেমিক প্রস্তুতিৰ কার্যসূচী তল পৰিছিল৷
সি যি নহওক, প্রস্তুতিৰ অভাৱেই নহয় দেশসমূহৰ ক’ভিড–১৯ নিয়ন্ত্রণ কার্যক্রমণিকা সু–সংহত আৰু সহযোগিতামূলক হোৱা নাই৷ ফলত সমূহীয়া ক্ষতি হৈছে৷ প্রতিখন দেশে নিজা নিজা ব্যৱস্থা লৈছে৷ ভিন্ন স্থানীয় পৰিস্থিতি বা কৌশল লোৱা দেশসমূহৰ মাজত তুলনা কৰা হৈছে৷ তুলনামূলক পৰিসংখ্যাসমূহত ইখন দেশৰ সৈতে সিখন দেশৰ নিৰংকুশ সংখ্যা তুলনা কৰা হৈছে৷ অথচ বিভাজক নোহোৱাকৈ (যেনে– মুঠ জনসংখ্য) সংখ্যাৰ সৈতে সংখ্যা তুলনা যে অর্থহীন, সেই কথা পাহৰি যোৱা হৈছে৷ এই ধৰণৰ ধুৱলী–কুঁৱলী পর্যবেক্ষণৰ পৰা ভাইৰাছবিধৰ অন্তর্নিহিত বৈশিষ্ট্য আৰু স্থানীয় পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ই কি ৰূপ ল’ব অনুমান সঠিক হোৱা নাই৷ ক’ভিড–১৯ৰ সঞ্চাৰ আৰু মাৰাত্মকতা সম্পর্কে তথ্যপাতিৰ সময়ানুসৰি নির্ভৰযোগ্য বৈজ্ঞানিক বিশ্লেষণৰ অভাৱত এপিডেমিকে কি পৰিৱেশত কি ৰূপ ল’ব বিশেষজ্ঞসকলে কৰা আর্হিসমূহ নিকপকপীয়া বা আটোমটোকাৰী হোৱা নাই৷ এনেধৰণৰ খুঁত থকা অনুমানৰ ভিত্তিত লোৱা কৌশলৰ ফলপ্রসূতাত সংশয় থাকি গৈছে৷ তদুপৰি কোনো এটা আর্হিত ক’ভিড–১৯–এ কৰিব পৰা প্রত্যক্ষ ক্ষতিৰ সৈতে ইয়াৰ প্রতিৰোধৰ বাবে লোৱা ব্যৱস্থাসমূহে কৰিব পৰা পৰোক্ষ ক্ষতি বিবেচনা কৰা হোৱা নাই৷ গাণিতিক আর্হি কৰোঁতাজন বা দলটো প্রক্রিয়া এটা সমীকৰণ বা সূত্রত বন্ধাত দক্ষ৷ কিন্তু সূত্রটোত অন্তর্ভুক্ত কৰা কাৰকসমূহ সম্পর্কীয় অনুমান কৰা মাপ বা ধৰি লোৱা সিদ্ধান্ত নিৰূপণ কৰাৰ ক্ষেত্রত আন আন মতৰো প্রাসংগিকতা থাকে৷ মুঠতে ভাইৰাছ দমন Suppression) আৰু উপশম Mitigation) এই দুটা মূল কৌশলৰ সপক্ষে বা বিপক্ষে অথবা পৰিস্থিতি সাপেক্ষে কোনটো উপযুক্ত এই বিষয়ে প্রামাণিক ভিত্তি বৈজ্ঞানিকসকলে দাঙি ধৰিব পৰা নাই৷ তদুপৰি পৰিস্থিতি একোটা চম্ভালাত বৈজ্ঞানিক সিদ্ধান্ত শেষ কথা নহয়৷ ইয়াত বহু সামাজিক মাত্রা থাকে, যিসমূহৰ সুচিন্তিত ৰাজনৈতিক বিবেচনা আৰু সিদ্ধান্তৰ বিকল্প নাথাকে৷
সংক্রমিত ৰোগৰ ক্ষেত্রত বহু কাৰকৰ সংযোগক্রমে ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনা Super Spreading Event) ঘটে৷ ভাইৰাছ বা বেক্টেৰীয়া একোবিধৰ অন্তর্নিহিত বিস্তাৰ ক্ষমতা থাকে৷ যেনে– গডে এজন, দুজন বা তিনিজনক সংক্রমণ কৰিব পাৰে৷ এই ক্ষমতা অনুকূল বা প্রতিকূল পৰিৱেশ অনুযায়ী বেছি বা কম হ’ব পাৰে৷ ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাত বীজাণুুবিধে অন্তর্নিহিত ক্ষমতাতকৈ অধিকসংখ্যকক সংক্রমিত কৰাৰ সুযোগ লাভ কৰে৷ উদাহৰণস্বৰূপে– সম্প্রতি মহামাৰী হোৱা উত্তৰ গোলার্ধৰ দেশবোৰত জলবায়ু ক’ৰোনাৰ অনুকূল৷ ইয়াৰ উপৰি সেইবোৰ দেশত বয়সীয়া লোক বেছি– এইসকল বীজাণুৰ সহজ লক্ষ্য৷ এই বয়সীয়াসকলৰ বহুতৰ একাধিক আন আন ৰোগ থাকিব পাৰে, যেনে– কেঞ্চাৰ (কেতিয়াবা একাধিক, আৰোগ্য হোৱা বা চিকিৎসাধীন), হার্টৰ অসুখ (বায়পাছ ইত্যাদি), হাঁওফাঁওৰ বিভিন্ন অসুখ, ডায়েবেটিছ আৰু তেওঁলোকে আন আন কেতবোৰ ৰোগৰ বাবে দেহৰ স্বাভাৱিক প্রতিৰোধী ক্ষমতাত ঋণাত্মক প্রভাৱ পেলাব পৰা ঔষধৰ ব্যৱহাৰ কৰিব পাৰে ইত্যাদি৷ আমাৰ দৰে দেশত এনে এটা বেমাৰ লৈ ষাঠি–সত্তৰৰ দশক পাৰ কৰা কঠিন৷ এনে একাধিক বেমাৰ লৈ আশী– নব্বৈৰ দশক গৰকা মানুহৰ প্রাদুর্ভাৱ ইংলণ্ডৰ নিচিনা দেশত স্বাভাৱিক৷ পশ্চিমীয়া দেশসমূহত এয়া উন্নত আধুনিক চিকিৎসাৰ সুফল৷ ইয়াৰ কুফল বীজাণুৰ আক্রমণৰ সহজ লক্ষ্য৷ তদুপৰি অধিকসংখ্যক এনে লোক হয় সামূহিক বৃদ্ধ আৱাস, নহয় শুশ্রূষা নিৱাসত বাস কৰে৷ যিকোনো সামূহিক আৱাস ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাৰ বাবে প্রশস্ত৷ ঠিক তেনেদৰে প্রমোদ ভ্রমণ জাহাজ, জনসমাৱেশ, বস্তি বা কলনী বা তেনেদৰে নগৰৰ বহু পৰিয়াল থকা বহুমহলীয়া আৱাসসমূহ ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাৰ বাবে অনুকূল৷ স্বাভাৱিক পৰিস্থিতিত যদি অন্তর্নিহিত ক্ষমতা অনুসৰি বীজাণুৱে এজন, দুজন বা তিনিজনকহে সংক্রমণ কৰে, ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাত দহ, এশ আনকি হেজাৰ গুণ পর্যন্ত অধিক লোকক আক্রান্ত কৰে৷ ইয়াৰ বাবে অৱশ্য কেতবোৰ সংযোগ স্থাপন হ’ব লাগিব৷ যেনে– উপসর্গ নথকা বা সাধাৰণভাৱে থকা এজনে এটা বৃদ্ধ শুশ্রূষা নিৱাসত থকা বাসিন্দাৰ সংস্পর্শলৈ অহাত নিজৰ অগোচৰে তেওঁ ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ৰ বাহক হৈ পৰে৷ ক’ভিড–১৯ৰ ক্ষেত্রত এনে কেইটামান উদাহৰণ হৈছে– (১) ‘ডাইমণ্ড প্রিঞ্চেছ’ প্রমোদ জাহাজখন (অ’কহামা, জাপান), য’ত এজনে ৩,৭১১জনৰ ভিতৰত ৬৩৪ (ফেব্রুৱাৰী) (২) দক্ষিণ কোৰিয়াৰShincheonji Church of Jesusত এজনৰ পৰা ৪০ (৩) ইটালীৰ এগৰাকী মাৰাথন দৌৰবিদ যিজনে কমেও ১ আৰু (৪) এগৰাকী ব্রিটিছ ব্যৱসায়ী যি ছিংগাপুৰৰ ব্যৱসায় সংক্রান্তীয় মিটিং কৰি ফ্রান্সৰ মণ্ট ব্লেংকৰ এটা ‘স্কি ৰিজ’ট’ত বিভিন্ন দেশ (স্পেইন, ফ্রান্স, ব্রিটেইন)ৰ ১৩গৰাকীক সংক্রমিত কৰিছিল৷ এই আটাইকেইটা ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাই সেইসমূহ দেশত ক’ভিড–১৯ মহামাৰী বিয়পোৱাত প্রভূত প্রভাৱ পেলাইছিল৷ কিন্তু ভাৰতৰ নিজামুদ্দিন মার্কাজৰ ঘটনাটোৱেই সম্ভৱতঃ ক’ভিড–১৯ ভাইৰাছ সংক্রমণৰ সর্ববৃহৎ ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনা৷ জামাতৰ এই সমাৱেশত ৪০খন দেশৰ ৯৬০গৰাকী বিদেশী লোককে ধৰি ৯,০০০ লোকে অংশগ্রহণ কৰিছিল৷ দিল্লী চৰকাৰে ১৩ মার্চত ৰাজহুৱা সমাৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ নিশা প্রায় ২,০০০ লোক মার্কাজৰ ঠেক সামূহিক আৱাসস্থলীত আছিল৷ ২১ মার্চ পর্যন্ত ১,৭৪৬জন লোক তাত আছিল৷ ২৫ মার্চত ‘লকডাউন’ প্রযোজ্য হোৱাৰ পাছতো তাত ১,০০০ৰো অধিক লোক অৱৰুদ্ধ হৈ আছিল৷ ইতিমধ্যে দিল্লীত ২৪ মার্চত প্রথম ৬টা সংক্রমণ ধৰা পৰিছিল৷ কিন্তু সেইপর্যন্ত হাজাৰ হাজাৰ লোক সমাৱেশৰ পৰা ভাৰতৰ প্রায় আটাইকেইখন ৰাজ্যলৈ উভতি গৈছিল৷ অংশগ্রহণকাৰী তবলিগী জামাতৰ সদস্য আৰু তেওঁলোকৰ সংস্পর্শলৈ অহা প্রায় ৪০,০০০ লোকক কোৱাৰেণ্টাইন আৰু স্ক্রীনিং কৰা হৈছিল৷ ১৮ এপ্রিলৰ পৰিসংখ্যা অনুযায়ী ভাৰতৰ ১৪,৩৭৮ সংক্রমিতৰ ভিতৰত ৪,২৯১জন, ৩%, এই এটা মাত্র ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনাৰ পৰিণতি৷ মূল বাহকজনক চিনাক্ত কৰাটো অসম্ভৱ, যিজন হয়তো বিদেশৰ পৰা অহাসকলৰ এজন৷
মন কৰিবলগীয়া যে ২৩ মার্চলৈ ভাৰতত সংক্রমিতৰ সংখ্যা আছিল নগণ্য, ৪৩৯টা৷ ‘লকডাউন’ৰ পাছত আমি সংখ্যা বঢ়া দেখিবলৈ পাইছোঁ৷ কিন্তু ভাৰতত সংখ্যা দুগুণ হোৱা ব্যৱধানটো বেছি৷ শেহতীয়াকৈ ৬ দিনৰ পৰা বাঢ়ি ৮ দিন হৈছে, যিটো শুভ৷ এই ব্যৱধানটো মহামাৰী হোৱা দেশসমূহত আৰম্ভণিৰ পর্যায়ত মাত্র দুদিন আছিল৷ বিশ্বৰ প্রতিখন দেশতে ‘লকডাউন’ দিয়াৰ কেইবা সপ্তাহ পাছতো সংখ্যা সূচকবৃদ্ধি Exponential) হৈ আছিল৷ সূচক বৃদ্ধি মহামাৰীৰ লক্ষণ৷ বহু দেশত এতিয়া গতি ক্রমে নিম্নগামী হ’বলৈ ধৰিছে৷ ভাৰতত এইপর্যন্ত সূচক বৃদ্ধি পৰিলক্ষিত হোৱা নাই৷ সূচক বৃদ্ধি হৈছে ১০০, ২০০, ৪০০, ৮০০, ১৬০০, ৩২০০ ক্রম৷ এটা নিয়মীয়া ব্যৱধানত সংখ্যা দুগুণ হৈ গৈ থাকে৷ তদুপৰিICMRৰ ১৯ এপ্রিলৰ তথ্য অনুসৰি ভাৰতত শেহতীয়াকৈ যথেষ্টসংখ্যক ক’ৰোনা টেষ্ট হৈছে৷ পজিটিভিটিৰ হাৰ ১৯ এপ্রিলৰ দিনা % আৰু সামগ্রিকভাৱে এইপর্যন্ত %৷ পজিটিভিটিৰ হাৰ কম হ’লে ধৰা নপৰাকৈ থকা সংক্রমণৰ সংখ্যা কম হোৱাটো বুজায়৷ ভাৰতৰ এই শেহতীয়া পজিটিভিটি হাৰ দক্ষিণ কোৰিয়াৰ সমপর্যায়ৰ, য’ত মহামাৰী নিয়ন্ত্রণ হৈছে৷ যোৱা দুই–এদিনত দৈনিক সংখ্যাটো বঢ়িছে, সেইটো পর্যাপ্ত টেষ্ট কৰাৰ ফল৷ কিন্তু পজিটিভিটিৰ হাৰ কম হোৱাটো প্রত্যয়জনক৷
কিন্তু এটা কথা নিশ্চিত যে ভাৰতৰ কেইখনমান ৰাজ্য (যেনে– মহাৰাষ্ট্র), য’ত জামাতৰ ঘটনাটোৰ বিশেষ প্রভাৱ নাই, সেইকেইখনৰ অতি ঘন জনবসতি বিশিষ্ট ঠাইবিশেষত ভাইৰাছবিধে বিস্তাৰ কৰিছে৷ প্রতিকূল জলবায়ু বা আন যি কাৰণতেই নহওক কিয়, মহামাৰী কৰিব পৰা সূচক বৃদ্ধি গতিবেগ ল’ব নোৱাৰিলেও ক’ভিড–১৯ ভাইৰাছৰ অন্তর্নিহিত যি ক্ষমতা, তাৰ বলতে ই সংক্রমণ কৰি আছে৷ ঘন জনবসতি যিকোনো ঠাই বিশেষকৈ শ্বাসজনিত সংক্রমণৰ কাৰণে প্রশস্ত৷ ইংলেণ্ডৰ প্রায় ৪,০০০ বৃদ্ধ শুশ্রূষা নিৱাসত ক’ৰোনাৰ সংক্রমণ হৈছে৷ পশ্চিমীয়া দেশসমূহত ই এটা ডাঙৰ সমস্যা, যিটো ভাৰতত নাই৷ কিন্তু পৰিৱর্তে অস্বাস্থ্যকৰ ঘন বসতি আছে, য’ত বিস্তাৰ ঘটিছে আৰু ‘লকডাউন’ৰ কোনো সহায়ক প্রভাৱ পৰা নাই৷
ক’ভিড–১৯–এ সংক্রমণ কৰাৰ পাছত গড হিচাপত ৫ দিন কিন্তু ১৪ দিনপর্যন্ত (‘ইনকিউবেছন পিৰিয়ড’) লক্ষণ দেখুৱাবলৈ সময় লয়৷ দেখা হৈছে যে সংক্রমিতজনে লক্ষণ দেখুৱাৰ ২ দিনমান আগৰ পৰাই আনক সংক্রমণ কৰিবলৈ সক্ষম হয়৷ সৰহসংখ্যকৰে লক্ষণ ইমান কম যে সাৱধান হ’বলৈ তাগিদা অনুভৱ নকৰে৷ এওঁলোকে নজনা–নভবাকৈ সংক্রমণ কৰি থাকে৷ এইক্ষেত্রত ইয়াৰ বৈশিষ্ট্য ইনফ্লুয়েঞ্জাৰ সৈতে একে৷ ইয়াৰ বিপৰীতে পূর্বে উল্লিখিতSARS-CoV-1–এ গুৰুতৰ ৰোগ কৰিছিল, সেয়ে বেমাৰীজনে নজনা–নভবাকৈ আনক সংক্রমণ কৰাৰ সুযোগ কম পাইছিল৷ তদুপৰি উপসর্গ নোহোৱাকৈ ই সংক্রমণ কৰিব নোৱাৰিছিল৷ সেয়ে ই ব্যাপক মহামাৰী কৰিব পৰা নাছিল৷ তথাপিSARS-CoV-1ৰ ক্ষেত্রতো ‘সংখ্যা–তিৰিক্ত বিস্তাৰ’ ঘটনা ঘটিছিল, বিশেষকৈ চিকিৎসালয়সমূহত৷ ক’ভিড–১৯ৰ ‘ইনকিউবেছন পিৰিয়ড’ৰ পৰিপ্রেক্ষিতত ‘লকডাউন’ৰ কেইবা সপ্তাহৰ পাছতো মহামাৰীৰ গতিত সংক্রমণ হৈ থকা কথাটোৱে কি সূচায়? যদি ১৪ দিনৰো অধিক দিন ধৰি ঘৰতে থকা লোক এজনৰ সংক্রমণ হৈছে, তেনেহলে তেওঁ সংক্রমণ ক’ৰ পৰা পালে? নিশ্চয় ঘৰতে পালে৷ পৰিয়ালৰে কোনোবা এজন বা সামূহিক নিৱাসৰ কোনো এজন সদস্যৰ পৰা পালে৷ এইটো চিন্তা কৰিবলগীয়া৷ অলপতে এটা ‘ৰিভিউ’ত আলোচনা কৰা হৈছে যে মানুহ এজনে সাধাৰণ পৰিস্থিতিত ৯% সময় নিজা ঘৰ বা অফিচ বা আন কোনো ধৰণৰBuilt Environmentত কটায়৷ ‘লকডাউন’ৰ সময়ত মানুহ প্রায় ১০০ শতাংশই নিজা আৱাসতেই আছে৷ সেয়েBuilt Environmentত কেনেকৈ ভাইৰাছৰ সংক্রমণ ৰোধ কৰিব পাৰি সেই বিষয়টোৱে গুৰুত্ব পাইছে৷ ৰাইজৰ মাজত যি ধাৰণা গঢ়ি উঠিছে যে বাহিৰত ওলালেহে ভাইৰাছে ধৰিব আৰু ঘৰখনেই নিৰাপত্তাৰ একমাত্র স্থান, সেই কথা সত্য নহয়৷ বতাহৰ চলাচল Ventilation) আৰু চকী–মেজ বা আন যিকোনো হাতৰ সংস্পর্শলৈ আহিব পৰা সমান্তৰাল পৃষ্ঠভাগ ‘ডিছইনফেকটেণ্ট’ৰে নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰখা অতি প্রয়োজনীয়৷ অফিচ, চিকিৎসালয় বা বাণিজ্যিক বিল্ডিং আদিৰ ক্ষেত্রতো বতাহৰ সুচল চলাচল আৰু সমান্তৰাল পৃষ্ঠভাগ সহজে পৰিষ্কাৰ কৰিব পৰা বিধৰ হোৱাটো বিবেচনাৰ বিষয়৷
‘লকডাউন’ৰ মূল উদ্দেশ্য হৈছে সংক্রমণৰ অভিকেন্দ্রৰ পৰা যাতে এজন সংক্রমিতই বীজাণু আন অঞ্চললৈ লৈ যাব নোৱাৰে৷ ভ্রমণ নিষেধাজ্ঞা ‘লকডাউন’ৰ অবিচ্ছেদ্য অংশ৷ এই উদ্দেশ্যৰ উপৰি বহু বিশেষজ্ঞই ‘লকডাউন’ ভাইৰাছ দমন Suppression)ৰ কৌশল অর্থাৎ সংক্রমণশূন্য কৰি ৰখাৰ উপায় হিচাপে দিছে৷ লগতে ‘কোৱাৰেণ্টিং’, ‘কনটেক্ট ড্রেচিং’ আৰু ‘স্ক্রীনিং’ ভাইৰাছ সঞ্চাৰ ৰোধ কৰাৰ কাৰণে অতি প্রয়োজনীয় (যিটো ভাৰতত কৰি থকা হৈছে)৷ কিন্তু সংখ্যা বাঢ়িবলৈ ধৰিলে কনটেক্ট ড্রেচিং’ আৰু ‘স্ক্রীনিং’ ব্যয়বহুল আৰু কষ্টসাধ্যই নহয় বাস্তৱিকতে অসম্ভৱ হৈ পৰে৷ ইয়াৰ বিপৰীতে সামাজিক দূৰত্ব, ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ, কাঁহোতে লোৱা সাৱধানতা আৰু হাত ধোৱাৰ প্রতি সচেতনতা, দূর্বলী বা বয়সীয়াসকলক সংক্রমণৰ পৰা ৰক্ষণাবেক্ষণ আৰু বেমাৰীসকলৰ বাবে প্রয়োজনীয় চিকিৎসা সেৱাৰ অতিৰিক্ত ব্যৱস্থা আদি উপশমকাৰী ব্যৱস্থা Mitigation) ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে পর্যাপ্ত৷ এই কৌশলত ‘লকডাউন’ অপৰিহার্য নহয়৷ বহু দেশে মানুহে সামাজিক দূৰত্ব বা ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ মানি নচলিব বুলি সাৱধনতাপূর্বক ‘লকডাউন’ দিছে৷ দমন কৌশল লোৱা দেশসমূহত উপশমকাৰী ব্যৱস্থাৰো প্রয়োজন হৈছে৷ কাৰণ দমন কৌশলে বিশেষ কাম কৰা নাই৷ ইয়াৰ কাৰণ কৌশল লোৱাত পলম হোৱা বা কটকটীয়া নোহোৱা বুলি সমর্থকসকলে কৈছে৷ মহামাৰীগ্রস্ত ইউৰোপৰ দেশসমূহৰ ছুইডেনে দমন কৌশল লোৱা নাই৷ কেৱল কেতবোৰ উপশমকাৰী ব্যৱস্থাহে লৈছে৷
সামাজিক দূৰত্ব, ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ বা মানুহৰ আচাৰৰ পৰিৱর্তন আদি উপশমকাৰী ব্যৱস্থাসমূহ মধ্যৱর্তীকালীন আনকি দীর্ঘকালীন হ’ব পাৰে৷ কিন্তু ‘লকডাউন’ অধিক দিন চলিব নোৱাৰে৷ কিমান দিন, সপ্তাহবা মাহ ‘লকডাউন’ দিলে ভাইৰাছ নির্মূল হ’ব বিশেষজ্ঞই বাস্তৱ ক্ষেত্রত ক’ব পৰা নাই৷ ‘লকডাউন’ উঠাই দিলে ভাইৰাছে পুনৰ মূৰ দাঙি উঠিব নেকি? ই আন এটা প্রশ্ণ৷ ইয়াৰ উত্তৰ একপ্রকাৰে সহজ৷ সংক্রমণৰ মৌলিক তত্ত্বৰ পৰা ইয়াৰ উত্তৰ পোৱা যায়৷ যেতিয়ালৈ বীজাণুবিধ থাকিব Source), সংক্রমণ কৰিব পৰা মানুহ Susceptible hosts) আৰু এজনৰ পৰা আন এজনলৈ বীজাণুবিধ যাব পৰা সুযোগ Mode of Transmission) থাকিব, তেতিয়ালৈ সংক্রমণ চলি থাকিব৷ ক’ভিড–১৯ ভাইৰাছৰ বাহক জীৱন্ত মানুহ৷ ই সংক্রমণ কৰিব পৰা মানুহৰ সংখ্যা যথেষ্ট৷ ইজনৰ পৰা সিজনলৈ পাৰ হৈ যাব পৰা উপায় সহজ আৰু সুযোগো বহুত৷ সেয়ে ই প্রথমে পর্যাপ্ত সংখ্যক মানুহক সংক্রমণ কৰিব লাগিব যাতে প্রাকৃতিকভাৱে (বা প্রতিষেধকৰ জৰিয়তে) সমূহীয়া প্রতিৰোধ ক্ষমতা গঢ়ি উঠে Herd Immunity) তেতিয়াহে ই ক্ষান্ত হ’ব৷ আমাৰ আচৰণ (যেনে– সামাজিক দূৰত্ব, হাত ধোৱা, কাঁহোতে লোৱা সাৱধানতা ইত্যাদি) আৰু ঔষধে সংক্রমিতজনক সোনকালে ভাইৰাছমুক্ত কৰি সংক্রমণৰ সুযোগ হ্রাস কৰে আৰু নির্মূল কৰিব নোৱাৰিলেও মহামাৰীৰ গতিবেগ হ্রাস কৰাত সহায় কৰিব পাৰে৷ ক’ভিভ–১৯ৰ ক্ষেত্রত প্রতিষেধক আৰু ঔষধ অনতিপলমে নাহে৷ সেয়ে সাতে–পাঁচে প্রাকৃতিকভাৱে গঢ়ি উঠা সমূহীয়া প্রতিৰোধ ক্ষমতাৰ বিকল্প নাই৷ আমাৰ সাৱধানী আচৰণ সহায়ক৷ যিসমূহ দেশত ক’ভিড–১৯ৰ মহামাৰী হৈছে, সেইসমূহ দেশতহে সমূহীয়া প্রতিৰোধ ক্ষমতাৰ কথাটো প্রযোজ্য৷ যিসমূহ দেশত ই মহামাৰীৰ গতিবেগ ল’ব পৰা নাই, তাত প্রাকৃতিকভাৱে সমূহীয়া প্রতিৰোধ গঢ়ি উঠাৰ প্রশ্ণ নুঠে বা ই জৰুৰীকালীনভাৱে প্রয়োজনীয়ও নহয়৷
এইপর্যন্ত সংক্রমণৰ ক্ষেত্রত ক’ভিড–১৯ ভাইৰাছৰ বৈশিষ্ট্য ইনফ্লুয়েঞ্জাৰ দৰে দেখা গৈছে৷ ক’ভিড–১৯ ভাইৰাছে মহামাৰী কৰা দেশসমূহত প্রতিবছৰে ইনফ্লুয়েঞ্জাৰ মহামাৰী হয়, যদিও এই সম্পর্কে জনসচেতনা নাই কাৰণ ই এক গতানুগতিক ঋতুগত ঘটনা আৰু প্রকোপ কোনোবা এটা বছৰতহে লক্ষণীয়ভাৱে অধিক হয়৷ ইনফ্লুয়েঞ্জা শীতত আহে, বসন্তৰ লগে লগে আঁতৰিবলৈ ধৰে৷ কিয়? বসন্তৰ লগে লগে জলবায়ু ইনফ্লুয়েঞ্জাৰ কাৰণে ক্রমে প্রতিকূল হ’বলৈ ধৰে আৰু শীতৰ প্রকোপত ঘৰত সোমাই থকা মানুহ ক্রমে মুকলিলৈ ওলাব ধৰে৷ মুকলিলৈ ওলাই অহাটো ইনফ্লুয়েঞ্জাৰ ক্ষেত্রত সহায়ক৷ ক’ভিড–১৯ ভাইৰাছৰ ক্ষেত্রত ই সহায়ক নহ’ব নেকি? মুকলিত হাতেৰে স্পর্শ কৰিব পৰা ধৰণৰ সমান্তৰাল পৃষ্ঠভাগ নাথাকে, যিটো আৱাসত থাকে৷ কাঁহোতে বায়ুত সাময়িকভাৱে ওপঙি পৰা ভাইৰাছৰ কণিকাবোৰো মুকলিত তৎক্ষণাত পাতল হৈ পৰে যে সংক্রমণ কৰিব পৰা ঘনত্ব নাথাকে৷ সেয়ে শ্বাসজনিত বেমাৰৰ কাৰণে বন্ধ কোঠালীতকৈ মুকলি বাতাৱৰণ সহায়ক৷ বহুজন একেলগে থকা বন্ধ কোঠালীত সংক্রমণৰ সম্ভাৱনা বাঢ়ে৷
মহামাৰী হোৱা দেশসমূহত ‘লকডাউন’ৰ লেখীয়া ‘ভাইৰাছ দমন’ কৌশলে সংক্রমণৰ হাৰ হ্রাস কৰাত আংশিক সফল হৈছে৷ মহামাৰীয়ে নিজস্ব গতিবেগ অব্যাহত ৰাখিছে যে অৱশেষত ই সংক্রমণ কৰিব পৰা প্রায় সৰহসংখ্যককেই সংক্রমণ কৰিহে এৰিব৷ ইনফ্লুয়েঞ্জাৰ দৰে বসন্তৰ আগমনৰ সৈতে ইয়াৰ গতিবেগ হ্রাস পাব– ই এক সম্ভাৱনা৷ ইতিমধ্যে ‘লকডাউন’ ক্রমে শিথিল কৰা প্রক্রিয়া আৰম্ভ হৈছে৷ কটকটীয়া ‘লকডাউন’ৰ সুফল কিমান পোৱা গ’ল, নে উপশমকাৰী ব্যৱস্থাসমূহেই পর্যাপ্ত হ’লহেঁতেন আৰু পৰোক্ষ ক্ষয়–ক্ষতি কম হ’লহেঁতেন– উপলব্ধ সকলো তথ্য–পৰিসংখ্যা আৰু বিভিন্ন দেশৰ তুলনামূলক পৰিণতি আদিৰ ভিত্তিত পুংখানুপুংখ পর্যালোচনা হ’লেহে ভৱিষ্যতৰ বাবে শিকনি লাভ হ’ব৷