নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ লখিমপুৰৰ এজন যুৱকৰ সোমবাৰে হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যু হয় ৷ এই যুৱকজন হ’ল জিলাখনৰ পানীগাঁৱৰ চুঙাপাৰা নিৱাসী জীৱন হাজৰিকাৰ পুত্র দীপক হাজৰিকা (২০) ৷ দীপকে দুমাহমানৰ আগতে গৈ হায়দৰাবাদৰ ডি টি এছ কোম্পানীত সুৰক্ষা কর্মীৰূপে যোগদান কৰিছিল ৷ উল্লেখ্য জীৱন হাজৰিকাৰ তিনি পুত্রৰ জ্যেষ্ঠ ঋতুপর্ণ হাজৰিকা আৰু মাজু পুত্র প্রশান্ত হাজৰিকা আগৰে পৰাই হায়দৰাবাদত কর্মৰত হৈ আছিল ৷ তেওঁলোকে কনিষ্ঠ ভাতৃ দীপককো দুমাহ মানৰ পূর্বে নি কোম্পানীত সংস্থাপন দিছিল ৷ সোমবাৰে দীপকৰ ৰহস্যজনকভাৱে মৃত্যু হয় ৷ সাধাৰণতে দীপকৰ কর্তব্যৰ সময় আঠ বজালৈকে থাকে যদিও সোমবাৰে পাঁচমান বজাতে তেওঁ কর্মস্থলীৰ পৰা থকা ঠাইলৈ বুলি ওলাই আহে ৷ কিন্তু নিশালৈকে দীপক আহি থকা ঠাই নোপোৱা বাবে বিচাৰ–খোঁচাৰ কৰাৰ অন্তত তেওঁৰ কর্মস্থলীৰে এটা বিল্ডিঙত ওলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয় ৷ এই খবৰে হাহাকাৰৰ সৃষ্টি কৰিছে পৰিয়ালটোৰ মাজত ৷ কি পৰিস্থিতিত দীপকে ৰহস্যজনক মৃত্যুক আঁকোৱালি ল’বলগা হ’ল সেয়া পোহৰলৈ অহা নাই৷ আনহাতে সাম্প্রতিক লকডাউনৰ পৰিস্থিতিত দীপকৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাৰ কোনো উৱাদিহ পোৱা নাই পৰিয়ালটোৱে ৷ স্থানীয় আৰক্ষীৰে পৰিয়ালে যোগাযোগ কৰিছে যদিও এইক্ষেত্রত আৰক্ষীয়ে অসহায়তাহে প্রকাশ কৰিছে ৷ কোম্পানীয়ে ব্যৱস্থা নকৰিলে দীপকৰ মৃতদেহ ঘৰলৈ অনাৰ সম্ভাৱনা নাই৷ সাম্প্রতিক পৰিস্থিতিত কেনেদৰে দীপকৰ মৃতদেহ স্বগৃহলৈ আনিব এই লৈ চৰম দুশ্চিন্তাত পৰিছে পৰিয়ালটো ৷ এইক্ষেত্রত চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজেও আহ্বান জনাইছে ৷