আমেৰিকাত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য হ্রাস ৩৭.৬৩ ডলাৰলৈ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিশ্বজোৰা সংক্রমণ আৰু তাৰ পৰিপ্রেক্ষিতত দেশসমূহে লকডাউন বলৱৎ কৰাৰ বাবে ক্রমাৎ গতিহীন হৈ পৰিছে বিশ্বৰ অর্থনীতি৷ পৰিবহণ ব্যৱস্থাকে ধৰি উদ্যোগ, কৃষি, ব্যৱসায়–বাণিজ্য বন্ধ হৈ পৰাত এতিয়া চাহিদাহীন হৈ পৰিছে খাৰুৱা তেল৷ বিশ্বৰ এই মহামন্দাৰ বাবে প্রভাৱ পৰিছে খাৰুৱা তেলৰ মূল্যৰ ওপৰত৷ আমেৰিকাৰ ৱেষ্ট টেক্সাছত তেলৰ মূল্য নামিল প্রতি বেৰেলত ৩৭.৬৩ ডলাৰলৈ৷ ১৯৯৯ চনৰ মন্দাৱস্থাৰ পাছত আন্তঃৰাষ্ট্রীয় বজাৰত প্রথমবাৰৰ বাবে এনেদৰে হুৰাহোৰে কমিল খাৰুৱা তেলৰ দাম৷ বিশেষজ্ঞসকলৰ মতে এনেদৰে মূল্য হ্রাস পোৱাৰ কাৰণ হৈছে বিশ্বৰ বজাৰত চাহিদা কমি যোৱা আৰু তেল জমা কৰি ৰখাৰ ঠাইৰ নাটনি৷ লকডাউন আৰু মহামন্দাৱস্থাৰ বাবে তেলৰ ভাণ্ডাৰসমূহ পূর্ণ হৈ পৰিছে৷ এনে অৱস্থা চলি থাকিলে কিছুদিন পাছত তেল থ’বলৈ স্থানৰ অভাৱ ঘটিব৷ যাৰ ফলত খাৰুৱা তেলৰ মূল্য আৰু হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় বজাৰত সাধাৰণতে এমাহৰ মূৰে মূৰে তেলৰ দাম নির্ধাৰণ কৰা হয়৷ অহা মে’ মাহত তেল বিক্রীৰ বাবে যি চুক্তি কৰা হৈছিল, তাৰ ম্যাদ আজি অন্ত পৰিছে ৷ বিক্রেতাসকলে এতিয়াৰ পৰা দুসপ্তাহৰ পাছত যি খাৰুৱা তেল বিক্রী কৰিব, সেয়া যদি এতিয়া সংৰক্ষণাগাৰত ৰাখিব বিচাৰে, তেন্তে তেওঁলোকে সেই তেলখিনি সংৰক্ষণৰ বাবে অতিৰিক্ত মূল্য বহন কৰিব লাগিব ৷ এনে কাৰণতেই তেলৰ মূল্য হ্রাস কৰি সংৰক্ষণাগাৰৰ খৰচ হ্রাস কৰাৰ চেষ্টা কৰিছে৷
ইফালে, তেলৰ আন্তঃৰাষ্ট্রীয় মূল্য হ্রাস পোৱাৰ এই বার্তা ভাৰতৰ বাবে আশীর্বাদৰ কাৰণ হ’ব পাৰে৷ যি সময়ত তেলৰ দাম হ্রাস পোৱাৰ লগতে অত্যধিক যোগানৰ বাবে সংৰক্ষণাগাৰৰ অভাৱ ঘটিছে, তেনে সময়ত ভাৰতে কৌশলগতভাৱে খাৰুৱা তেল মজুত কৰাৰ ব্যৱস্থা ল’লে আৰু অব্যৱহূত ষ্ট’ৰেজসমূহত বৃহৎ পৰিমাণৰ তেল সংৰক্ষণৰ সুযোগ ল’লে ক’ভিড–১৯ বিপর্যয়ৰ পাছত ইয়াৰ সুবিধা ল’ব পাৰিব৷