নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Tom and Jarry ৰ স্রষ্টা অস্কাৰ বিজয়ী নির্মাতা জিন ডেইটছৰ পৰলোক

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  অস্কাৰ বিজয়ী প্রসিদ্ধ এনিমেটৰ তথা চলচ্চিত্র পৰিচালক আৰু প্রযোজক জিন ডেইটছৰ ৯৫ বছৰ বয়সত দেহাৱসান ঘটিছে৷ আমেৰিকান এই প্রসিদ্ধ পৰিচালকজনৰ চেক গণৰাজ্যৰ ৰাজধানী প্রাগুইৰ নিজা এপার্টমেণ্টত যোৱা বৃহস্পতিবাৰৰ নিশা মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্রই শেহতীয়াকৈ জানিবলৈ দিছে৷ শিশু আৰু কিশোৰৰ সর্বাধিক আকর্ষণীয় এনিমেচন ছিৰিজ টম এণ্ড জেৰীৰ পৰিচালনাৰে জিন ডেইটছে বিশ্বজোৰা খ্যাতি আৰু জনপ্রিয়তা অর্জন কৰিছিল৷

চলচ্চিত্র মুনৰোৰ বাবে ১৯৬০ চনত জিন ডেইটছে এনিমেটেড শ্বর্ট ফিল্মৰ কেটেগৰী অস্কাৰ লাভ কৰিছিল৷ তদুপৰি দুবাৰকৈ এই একাডেমী বঁটাৰ বাবে জিন ডেইটছে নমিনেচন লাভ কৰিছিল৷ ২০০৪ চনত এনিমেচন চিনেমাৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে উইনছ’ৰ মেককে বঁটাৰে সন্মানিত কৰা হৈছিল৷ ১৯২৪ চনৰ ৮ আগষ্টত চিকাগোত জন্মগ্রহণ কৰা জিনে ১৯৫৯ চনত চেকোশ্লোভেকিয়ালৈ আহে৷ তেওঁৰ জীৱনৰ অন্যতম খ্যাতি হ’ল টম এণ্ড জেৰী এনিমেটেড ছিৰিজৰ ১৩টাকৈ এপিছডৰ নির্দেশনা৷ লছ এঞ্জেলছৰ পৰা স্নাতক ডিগ্রী লাভ কৰা জিন ডেইটছে নর্থ আমেৰিকান এভিয়েচনৰ বাবে স্কেটছ আর্টিষ্ট হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল৷

You might also like