নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সৰুসজাইত কোৱাৰেণ্টাইনত থকা লোকে ফেচবুক লাইভ কৰা প্ৰসংগত বুধবাৰে সৰৱ হৈ পৰা দেখা গ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । স্বাস্থ্যবিভাগে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ লগতে উন্নত মানদণ্ডৰ খাদ্য যোগান ধৰাৰ পাচতো যদি এইদৰে ফেচবুক লাইভত প্ৰতিবাদ কৰি থাকে তেন্তে কোৱাৰেণ্টাইন কক্ষক অস্থায়ী জেললৈ ৰূপান্তৰ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
ফেচবুক লাইভ কৰিলে পুনৰ ১৪ দিনৰ কোৱাৰেণ্টাইনত যোৱাৰ লগতে ৩ মাহৰ বাবে জামিনবিহীন গোচৰ ৰজু কৰিবলৈ বাধ্য হৈ পৰিম বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, কোৱাৰেণ্টাইনত থকা একাংশই কোনো নীতি-নিয়ম পালন নকৰাকৈ সমবেত হৈ ফেচবুক লাইভ কৰাৰ পাচতেই ভাইৰেল হৈ পৰিছিল এই ভিডিঅ’।