নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেনিছ গাৰ্ডেনৰ পৰা আৰম্ভ ৰেপিড টেষ্টিং

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ পৰা আজি অসমত আৰম্ভ কৰা হ’ব ক’ৰোনাৰ ৰেপিড টেষ্টিং । স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰেৱাল ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাচতেই সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছিল মহানগৰীৰ এই অভিজাত এপাৰ্টমেণ্টটো । মনীষ তিব্ৰেৱাল সংস্পৰ্শলৈ অহা সকলো লোকৰে পৰীক্ষাৰ অন্তত নিগেটিভ ফলাফল আহিছিল ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ অৱস্থিতি জানিবৰ বাবে বৰ্তমান সময়ত ৰেপিড টেষ্টিং কিট হৈছে অতি সহজ । কিয়নো এই কিটৰ সহায়ত মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে ক’ৰোনা পজিটিভ নে নিগেটিভ গম পোৱা যাব । মহানগৰীৰ অভিজাত স্পেনিছ গাৰ্ডেনতো বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হ’ব ৰেপিড টেষ্টিং কিটৰ ।

You might also like