নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ দিনত ৭৮ জিলাত নাই নতুন সংক্রমণ

দেশত ক’ৰোনাত আক্রান্ত ৭ শতাধিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ভাৰতত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৷ বুধবাৰে ২৪ ঘণ্টাত ১,৪০৯জন নতুনকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত আজিও সংক্রমিত লোকৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত এতিয়ালৈকে ২৩,০১৯জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৷ বৃহস্পতিবাৰে ৪০জন লোকৰ মৃত্যুৰ পিছত মৃতকৰ সংখ্যা ৭২১জনলৈ বৃদ্ধি পালে ৷ বৃহস্পতিবাৰৰ দিনটোতে সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পায় ১,৬৪৭জনলৈ ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জনোৱা মতে ভাৰতত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ আৰোগ্যৰ হাৰ ১৯ শতাংশ ৷ স্বাস্থ্য মন্ত্রালয়ে সংবাদ মেলযোগে জানিবলৈ দিয়া মতে, দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত যোৱা ২৮ দিনে এটাও নাই নতুন ক’ৰোনা ভাইৰাছ কেছ ৷

আনহাতে, যোৱা ১৪ দিনত ২৩খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৭৮খন জিলাত ক’ৰোনাত সংক্রমিত লোকৰ তথ্য অহা নাই৷ স্বাস্থ্য মন্ত্রালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই জনোৱা মতে যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনা আক্রান্ত লোকৰ মুঠ সংখ্যা ২১,৩৯৩জনলৈ বৃদ্ধি পাইছিল৷ আনহাতে ৪,২৫৭জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছিল৷ আৰোগ্যৰ হাৰ হ’ল ১৯.৮৯ শতাংশ৷ তেওঁ জনোৱা মতে ভাৰতে সংক্রমণ হ্রাস কৰি এই ভাইৰাছ বিয়পাত বাধা দিবলৈ সক্ষম হৈছে৷ তথাপি মহাৰাষ্ট্র, গুজৰাট, দিল্লী, অন্ধ্রপ্রদেশ, জম্মু–কাশ্মীৰ, মধ্যপ্রদেশ, পশ্চিমবংগ, ৰাজস্থান আদি ৰাজ্যত সংক্রমণৰ সংখ্যা বৃদ্ধি পাই আছে ৷

You might also like