নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাচীন আয়ুর্বেদেৰে ভাৰতত চলিব ক’ভিড–১৯ৰ চিকিৎসা

কেন্দ্রীয় আয়ুস মন্ত্রালয়ে জাৰি কৰিলে অধিসূচনা

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ যীশুখ্রীষ্টৰ জন্মৰ প্রায় এহেজাৰ বছৰ পূর্বেই মহামুনি চৰকে ভাৰতীয় আয়ুর্বেদ শাস্ত্রত বীজাণুনাশৰ ভেষজ উপায় উল্লেখ কৰি গৈছে ৷ সম্প্রতি সমগ্র বিশ্বতে বিভীষিকা সৃষ্টিকাৰী ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ প্রতিৰোধৰ প্রসংগত চর্চালৈ আহিছে ভাৰতীয় আয়ুর্বেদ শাস্ত্র তথা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিষয়ে ৷ ক’ভিড–১৯ প্রতিৰোধত আয়ুর্বেদ শাস্ত্রৰ ব্যৱহাৰেৰে চীন আৰু শ্রীলংকাই সফলতা লাভ কৰাৰ ইতিমধ্যে দাবী কৰিছে ৷ চীনৰ ‘হেইলংঝিয়াং ইউনিভার্ছিটী অৱ চাইনিজ মেডিচিন’ৰ তিনিজনকৈ বিজ্ঞানী ক্রমে ঝান–লিং ৰেন, আই হুৱা ঝাং আৰু ঝিং জান অ’ৱাংৱেৰৰ শেহতীয়াভাৱে প্রকাশিত সন্মিলিত এক গৱেষণা–পত্রত আয়ুর্বেদিক ঔষধ ব্যৱহাৰৰ জৰিয়তে ক’ভিড–১৯ আক্রান্ত ৰোগীক সুস্থ কৰি তোলাৰ সফলতা অর্জনৰ দাবী কৰা হৈছে ৷

‘ভল্যুনটিয়াৰী ৰিছার্চ প্রজেক্ট অৱ ২০১৯–এণ্ড ক’ভিড নিউমোনিয়া’ শীর্ষক গৱেষণা–পত্রখনত গৱেষকসকলৰ ভাষ্য এনেধৰণৰ– ‘চীনৰ নাগৰিকসকল প্রধানতঃ পৰম্পৰাগত আৰু প্রচলিত ঔষধৰ ওপৰতেই বিশ্বাসী৷ যাৰ গৰিষ্ঠসংখ্যকেই ভেষজ৷ এই ভেষজ দ্রব্যসমূহে মানৱ শৰীৰত ৰোগ প্রতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে৷ এনেধৰণৰ প্রায় ১২টা ভেষজক একত্রিতভাৱে লৈ প্রস্তুত কৰা ঔষধ ক’ভিড–১৯ পজিটিভ ৭০১জন ব্যক্তিৰ ক্ষেত্রত প্রয়োগ কৰা হৈছে ৷ ঔষধে আক্রান্ত ৰোগীসকল সুস্থ হৈ উঠাত কাম কৰিছে যাদুৰ দৰে৷’ গৱেষণা–পত্রখনত উল্লেখ কৰা মতে, ঔষধ প্রয়োগ কৰা ৭০১জন ৰোগীৰ ভিতৰত ১৩০জন সম্পূর্ণৰূপে আৰোগ্য হোৱাৰ বিপৰীতে ৫১জনৰ শৰীৰত ৰোগৰ উপসর্গ নাইকিয়া হৈছে৷ সেইদৰে শাৰীৰিক অৱস্থা উন্নত হৈছে ২৬৮জনৰ ৷ মুঠৰ ওপৰত ৯০ শতাংশ ৰোগীৰ ক্ষেত্রতেই সফলতা লাভ কৰা এই ঔষধত জ্যেষ্ঠমধু, আদা, হালধি আদিকে ধৰি ১২বিধ ভেষজ ব্যৱহাৰ কৰা হৈছিল বুলি গৱেষণা–পত্রখনত উল্লেখ কৰা হৈছে ৷

ইফালে, প্রাচীন ভাৰতৰ আয়ুর্বেদ শাস্ত্রৰ ওপৰত নির্ভৰ কৰি শ্রীলংকাই ক’ভিড–১৯ পজিটিভ ৰোগীক সুস্থ কৰি তোলাৰ বাতৰিয়ে ইতিমধ্যে শিৰোনাম দখল কৰিছে সংবাদ মাধ্যমৰ৷ চীন আৰু শ্রীলংকাই দেখুওৱা পথেৰে আগবাঢ়ি গৈ এইবাৰ প্রায় চাৰে তিনি হাজাৰ বছৰ পুৰণি আয়ুর্বেদ শাস্ত্রক কার্যতঃ মান্যতা প্রদান কৰিলে কেন্দ্রীয় চৰকাৰে৷ অতি শেহতীয়াকৈ এই সন্দর্ভত কেন্দ্রীয় আয়ুস মন্ত্রালয়ে এখন গুৰুত্বপূর্ণ অধিসূচনা জাৰি কৰিছে৷ স্বাস্থ্য আৰু চিকিৎসা বিষয়ক সংবাদ–পত্র ‘মেডিকেল ডায়েলগছ’ত প্রকাশিত অনুসৰি এই অধিসূচনাৰ জৰিয়তে ন’ভেল ক’ৰোনা ভাইৰাছৰ গৱেষণা তথা ‘ক্লিনিকেল ট্রায়েল’ত আয়ুর্বেদিকৰ উপৰি আয়ুস মন্ত্রালয়ৰ অধীনস্থ যোগ–নেচাৰ’পেথি, সিদ্ধ, ইউনানি আৰু হোমি’পেথিক চিকিৎসা পদ্ধতিয়েও লাভ কৰিলে অনুমতি৷ উল্লেখ্য যে সমগ্র বিশ্বৰ লগতে দেশতো ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ অব্যাহত থকাৰ মাজতে যোৱা ২৮ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘আয়ুস’ চিকিৎসকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে মত বিনিময় কৰিছিল ৷

প্রধানমন্ত্রী মোদীৰে হোৱা মত বিনিময়ৰ পিছত ক’ভিড–১৯ৰ সম্ভাব্য চিকিৎসাক লৈ বিভিন্নজনৰ পৰা আয়ুস মন্ত্রালয়ে দুহাজাৰতকৈও অধিক প্রস্তাৱ লাভ কৰে৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল, ড্রাগ্ছ এণ্ড কছমেটিক ৰুল্ছ–১৯৪৫ৰ অধীনত ঔষধৰ বিকল্প চিকিৎসা ব্যৱস্থাৰ ক্ষেত্রত ক্লিনিকেল ট্রায়েলৰ কোনোধৰণৰ অনুমতিৰ ব্যৱস্থা নাই৷ তদুপৰি ক্লিনিকেল ট্রায়েল চিটিআৰআই অর্থাৎ ক্লিনিকেল ট্রায়েল্ছ ৰেজিষ্ট্রী অৱ ইণ্ডিয়াৰ পঞ্জীভুক্ত হোৱাটো বাধ্যতামূলক৷ পিছে অতি অতি শেহতীয়াকৈ কেন্দ্রীয় আয়ুস মন্ত্রালয়ে জাৰি কৰা অধিসূচনাৰ লগে লগে এই বাধা কার্যতঃ আঁতৰিছে৷ অধিসূচনাখনত কোৱা হৈছে যে ভাৰতীয় পৰম্পৰাগত ঔষধৰ প্রচুৰ সম্ভাৱনা আছে৷ এই সম্পর্কে বিভিন্ন বিজ্ঞান–ভিত্তিক আলোচনীত ইয়াৰ কার্যকৰী ভূমিকাৰ বিষয়ে প্রকাশ পাইছে৷ কিন্তু একে সময়তে ক’ভিড–১৯ প্রতিৰোধ তথা ব্যৱস্থাপনাত আয়ুর্বেদিক, ইউনানি, সিদ্ধ বা হোমি’পেথিকৰ ব্যৱহাৰৰ বিজ্ঞানসন্মত প্রমাণৰ আৱশ্যক ৷

সেয়েহে ড্রাগ্ছ এণ্ড কছমেটিক্ছ এক্ট ১৯৪০ৰ অধীনত পঞ্জীভুক্ত আয়ুস পদ্ধতিৰ যিকোনো ঔষধ উদ্ভাৱনত যথেষ্ট গুৰুত্ব প্রদান কৰা হৈছে৷ এই সন্দর্ভত আয়ুস মন্ত্রালয়ে ডিচিজিআই, চিডিএছচি’ৰ লগতে অন্যান্য গৱেষক তথা বিশেষজ্ঞৰ সৈতে বিভিন্ন পর্যায়ত মিলিত হৈছে আলোচনাত৷ অধিসূচনাখনত উল্লেখ কৰা মতে, চিডিএছচি’ৰ সৈতে হোৱা আলোচনাৰ ভিত্তিতেই কেন্দ্রীয় আয়ুস মন্ত্রীৰ অনুমোদনমর্মে বিজ্ঞানী–গৱেষক–আইএ এক্ট–এইচচিচি এক্ট– এনএমচি এক্টৰ অধীনত পঞ্জীভুক্ত যিকোনো চিকিৎসকে আয়ুর্বেদিক, সিদ্ধ, ইউনানি আৰু হোমি’পেথিক চিকিৎসা পদ্ধতিত ক’ভিড–১৯ৰ প্রতিষেধকমূলক ব্যৱস্থা তথা জৰীপ, পৰীক্ষাগাৰ–ভিত্তিক গৱেষণা আদি কৰিব পাৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিশ্বৰ দেশে দেশে ক’ভিড–১৯ৰ প্রতিষেধক তথা ঔষধ আৱিষ্কাৰৰ বাবে গৱেষণা অব্যাহত আছে যদিও বর্তমান পর্যন্ত কোনো ধৰণৰ ফলপ্রসূ সমাধানসূত্র ওলোৱা নাই৷ তাৰ মাজতে আয়ুষ মন্ত্রালয়ে প্রাচীন ভাৰতীয় আয়ুর্বেদিক শাস্ত্রৰ লগতে পৰম্পৰাগত পদ্ধতিক প্রাণঘাতী ভাইৰাছত আক্রান্তৰ চিকিৎসাৰ বাবে দুৱাৰ মুকলি কৰি দিয়াটো যথেষ্ট গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷

You might also like