নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ক’ৰোনা ভেকচিনৰ মানৱ পৰীক্ষা আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ বাবে সমগ্র বিশ্বই অতি উৎসুকতাৰে অপেক্ষা কৰি থকাৰ সময়তে ব্রিটেইনত বৃহস্পতিবাৰে প্রথমবাৰৰ বাবে মানৱ দেহত ক’ভিড–১৯ ভেকচিনৰ প্রয়োগ আৰম্ভ কৰা হৈছে ৷ ব্রিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্রস্তুত কৰি উলিওৱা এই ভেকচিনৰ সফলতাৰ সম্ভাৱনা ৮০ শতাংশই বুলি দাবী কৰিছে চিকিৎসা বিজ্ঞানীসকলে ৷ ‘ChAdOx1 nCoV-19’ নামৰ এই ক’ৰোনা ভাইৰাছ ভেকচিন পৰীক্ষণ প্রক্রিয়াৰ বাবে ব্রিটেইনৰ চৰকাৰে ২০ নিযুত পাউণ্ড মোকলাই দিছিল ৷ দেশখনৰ স্বাস্থ্য মন্ত্রালয়ৰ সচিব মেট হেনককে জনোৱা মতে, অত্যন্ত প্রয়োজনীয় এই ভেকচিন আৱিষ্কাৰৰ বাবে চৰকাৰে সর্বশক্তি প্রয়োগ কৰিব৷ উল্লেখ্য যে চিম্পাঞ্জীৰ ভাইৰাছৰ পৰা প্রস্তুত কৰা এই ভেকচিনৰ মানৱ পৰীক্ষণৰ বাবে ১৮ বছৰৰ পৰা ৫৫ বছৰৰ স্বাস্থ্যৱান ব্যক্তি স্বেচ্ছাই আগবাঢ়ি আহিছে ৷ যোৱা জানুৱাৰী মাহৰ পৰাই অধ্যাপক ছাৰাহ গিলবার্টৰ নেতৃত্বত অক্সফ’ড ভেকচিন প্রজেক্টত বহুকেইজন বিজ্ঞানীয়ে ক’ৰোনা ভাইৰাছ ভেকচিন আৱিষ্কাৰৰ বাবে কাম অব্যাহত ৰাখিছে ৷

You might also like