নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ শাসনঃ ২৭ এপ্রিলত উকলিব কার্যকাল ৰাজ্যপালৰ সিদ্ধান্তত নির্ভৰ হাগ্রামাৰ গাদী

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ  নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত বিটিচিৰ শাসনভাৰ কোনে চম্ভালিব, তাক লৈ চর্চা তুংগত উঠিছে৷ ইয়াৰ মূলতে অহা ২৭ এপ্রিল হৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বর্তমানৰ বিটিচি চৰকাৰৰ কার্যকালৰ অন্তিম সময়৷ কার্যকাল উকলি যোৱাৰ পূর্বে সকলো ধৰণৰ প্রস্তুতি সম্পূর্ণ কৰিও নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে ৰাজ্যিক নির্বাচন আয়োগে৷

যোৱা ৪ এপ্রিলত বিটিচি নির্বাচনৰ বাবে আয়োগে দিন ধার্য কৰিছিল৷ কিন্তু সমগ্র বিশ্বকে বিপর্যয়ৰ গৰাহলৈ ঠেলি দিয়া ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ (ক’ভিড–১৯)ৰ সংক্রমণৰ পৰিপ্রেক্ষিতত আয়োগে সাময়িকভাৱে এই নির্বাচন স্থগিত ৰাখে৷ প্রধানতঃ নির্বাচন স্থগিত ৰখাৰ সিদ্ধান্তই বিটিচিৰ শাসন ক্ষমতাক লৈ নতুন সমীকৰণ সৃষ্টি কৰিছে৷ সাংবিধানিক বিধি অনুসৰি নির্বাচিত চৰকাৰৰ কার্যকাল উকলি যোৱাৰ পাছত ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ ক্ষমতা অৱধাৰিতভাৱে ৰাজ্যপালৰ হাতলৈ যায়৷ নতুনকৈ নির্বাচন নোহোৱা পর্যন্ত সেই ক্ষমতা নিজৰ হাততে ৰাখি থ’ব পাৰে অথবা পূর্বৰে পৰা কার্যনির্বাহ কৰা চৰকাৰখনকে ৬ মাহ পর্যন্ত কার্যকাল বৃদ্ধিৰে দায়িত্বভাৰ চলাই যোৱাৰ কর্তৃত্ব প্রদান কৰিব পাৰে৷ বিটিচিৰ ক্ষেত্রত এতিয়া ইয়াৰে কোনটো কার্যকৰী হোৱাৰ সম্ভাৱনা আছে, তাক লৈ বড়োভূমিৰ ৰাজনীতিত ব্যাপক চর্চা হৈছে৷

লক্ষণীয়ভাৱে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে ২৭ এপ্রিলৰ পাছত বিটিচিৰ ক্ষমতা ৰাজ্যপালে পৰিচালনা কৰাৰ পোষকতা কৰিছে ইতিমধ্যে৷ অনুৰূপ দাবীৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক পত্র প্রদান কৰিছে৷ সমগ্র বিষয়টোক লৈ তৎপৰতা অব্যাহত ৰাখিছে পি পি একেও৷ দলটোৰ শীর্ষ নেতা তথা মন্ত্রী চন্দন ব্রহ্মই এই সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰে বৈঠকত মিলিত হৈছে৷ বি পি এফে স্বাভাৱিকতে বর্তমান বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধিৰ হকে মুখ্যমন্ত্রী সোণোৱালৰ ওচৰত যুক্তি প্রদর্শন কৰা বুলি জানিব পৰা গৈছে৷

ইয়াৰ মাজতে দিছপুৰৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া মতে, বর্তমানৰ বিটিচি চৰকাৰকে নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অন্তর্ৱর্তীকালীনভাৱে দায়িত্ব চলোৱাৰ প্রস্তাৱ সন্নিৱিষ্ট কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজভৱনলৈ ফাইলৈ প্রেৰণ কৰা হৈছে৷ একেটা ফাইলত উল্লেখ কৰা হৈছে ৰাজ্যপালে বিটিচিৰ ক্ষমতা নিজৰ হাতত ৰাখিব পৰাৰ প্রসংগও৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রস্তাৱ প্রেৰণ কৰিলেও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট কম বুলি দাবী কৰিছে সূত্রটোৱে৷ এই সন্দর্ভত সূত্রটোৱে উল্লেখ কৰা মতে ৰাজ্যিক নির্বাচন আয়োগে বিটিচি নির্বাচন বাতিল কৰা নাই, সাময়িকভাৱে স্থগিতহে ৰাখিছে৷

ইতিমধ্যে জাৰি হৈছে নির্বাচনৰ অধিসূচনা৷ সেইমর্মে বি টি এ ডিত নির্বাচনী আচৰণবিধিও বলৱৎ আছে৷ সেই দিশৰ পৰা এইবাৰো নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা বি পি এফ চৰকাৰৰ কার্যকাল বৃদ্ধি হোৱাৰ সম্ভাৱনা ক্ষীণ৷ অৱশ্যে এইক্ষেত্রত ৰাজভৱনে আইনী বিশেষজ্ঞৰ মতামত বিচাৰিছে বুলি সূত্রটোত প্রকাশ৷ যদিহে ৰাজ্যপালে কার্যকাল বৃদ্ধিত অনুমোদন নজনায়, তেন্তে হাগ্রামা মহিলাৰীয়ে অহা ২৭ এপ্রিলৰ পাছত বিটিচিৰ গাদী হেৰুওৱাটো প্রায় নিশ্চিত৷ তদপুৰি পৰৱর্তী নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত বড়োভূমিৰ শাসন ৰাজ্যপালৰ হাতলৈ যাব৷ ৰাজ্যপালে প্রশাসক নিযুক্তি দি প্রত্যক্ষভাৱে শাসন চলাব বিটিচিৰ৷

ইফালে, বর্তমানৰ বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধি নকৰি যদিহে ৰাজ্যপালে ক্ষমতা নিজৰ হাতলৈ নিয়ে, তেন্তে বড়োভূমিৰ ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা প্রকট৷ বিশেষকৈ বর্তমানৰ শাসকীয়– বি পি এফে অনাগত নির্বাচনত অধিক প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি ইতিমধ্যে চর্চা হৈছে৷

স্মর্তব্য যে ৰাজ্যৰ শাসকীয় বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অন্যতম অংশীদাৰ হৈছে বি পি এফ৷ কিন্তু এইবাৰ বড়োভূমিৰ ৰাজনীতিত অকলশৰীয়াকৈ অৱতীর্ণ হৈছে দুয়োটা মিত্রদলে৷ মন কৰিবলগীয়া যে বিজেপিয়ে বিটিচিৰ নির্বাচনী অংকত বি পি এফ আৰু ইড পি পি এলৰ পৰা সমদূৰত্ব বজাই ৰাখিছে৷ আটাইতকৈ গুৰত্বপূর্ণ কথাটো হ’ল– পৰিৱর্তিত ৰাজনৈতিক প্রেক্ষাপটত বি পি এফৰ বহুকেইজন জ্যেষ্ঠ নেতাই হাগ্রামা মহিলাৰীৰ সংগ ত্যাগ কৰাৰ গোপন প্রস্তুতি অব্যাহত ৰাখিছে৷ চর্চা অনুসৰি এইসকল জ্যেষ্ঠ নেতাৰ তালিকাত মন্ত্রী–বিধায়কো আছে৷ সকলো ঠিকে–ঠাকে থাকিলে বি পি এফ ত্যাগ কৰি তেওঁলোকে বিজেপিত যোগদান কৰাৰ কথা–বতৰা চলি আছে৷ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে ৰাজ্যত লকডাউন বলৱৎ হৈ থকাৰ মাজতো এনেদৰে ‘সক্রিয়’ হৈছে বড়োভূমিৰ ৰাজনীতি৷ অৱশ্যে এই সকলো বিষয় অহা ২৭ এপ্রিলৰ পাছতহে ক’ব পৰা যাব৷

You might also like