নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমাগত বর্ষাকালত ভাৰতত বাঢ়িব পাৰে ক’ৰোনাৰ সংক্রমণ ৷ দেশত এই সময়ছোৱাতে শক্তিশালী হৈ উঠিব পাৰে দ্বিতীয় সংক্রমণ ৷ এই আশংকা প্রকাশ কৰিছে দেশৰ একাংশ বিজ্ঞানীয়ে ৷ তেওঁলোকৰ মতে, অহা জুলাই মাহৰ পৰা আগষ্টলৈকে বৃদ্ধি পাব দেশত ক’ৰোনা সংক্রমণ ৷ উত্তৰ প্রদেশৰ শিৱ নদৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সমিত ভট্টাচার্যই কয়– ‘জুলাইৰ পৰা আগষ্টলৈকে বাঢ়িব পাৰে ক’ৰোনা সংক্রমণৰ মাত্রা৷ ফলত এই সময়ছোৱাত দেশত ভাইৰাছৰ সংক্রমণে মহামাৰীৰ ৰূপ ল’ব পাৰে আৰু এই সংক্রমণকেই দ্বিতীয় অধ্যায় বুলি ধৰা হ’ব৷’ বাংগালুৰুৰ আই আই এছ চিৰ অধ্যক্ষ ৰাজেশ সুন্দৰেছানেও পশ্চিমবংগৰ বিজ্ঞানী সমিত ভট্টাচার্যৰ সৈতে ক’ৰোনা সংক্রমণৰ বিষয়ত সহমত পোষণ কৰিছে৷ সুন্দৰেছানে কয়– ‘দেশৰ পৰা এবাৰ লকডাউন উঠি যোৱাৰ পাছত সকলোৱে আগৰ দৰে জীৱন আৰম্ভ কৰিলে সেই সময়ছোৱাত ক’ৰোনা ভাইৰাছে নতুনকৈ সংক্রমণ বৃদ্ধি কৰিব৷ আৰু সেই সময়ত সংক্রমণৰ আশংকা বাঢ়িব সর্বাধিক৷ চীনত দেখা গৈছে যি লোক এবাৰ সুস্থ হৈ উঠিছে, তেওঁ থকা অঞ্চলৰ পৰা নতুনকৈ সংক্রমণৰ ঘটনা ঘটিছে যাৰ বাবে তেনে অঞ্চলত ভ্রমণ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷’ উল্লেখ্য যে দেশত দীঘলীয়া লকডাউনৰ বাবে মানুহৰ মাজত ক্ষোভ বৃদ্ধি পাইছে৷ চাকৰি হেৰুৱাই বহু লোক নিবনুৱা হৈছে৷ যাৰ বাবে এবাৰ লকডাউন প্রত্যাহাৰ কৰিলে মানুহে সামাজিক দূৰত্ব বজাই ৰাখিব নে নাই, তাত সন্দেহৰ থল আছে৷ আনহাতে, বর্ষাকালত চলা বতাহৰ বাবে ক’ৰোনা অধিক আক্রমণাত্মক হৈ উঠিলে দেশ সর্বদিশতে ক্ষতিগ্রস্ত হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰে ৷