নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ কমিউনিষ্ট চৰকাৰৰ বিৰুদ্ধে সৰৱ মার্কিন নেত্রী নিকি

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ তথ্য গোপন কৰাৰ বাবে চীনৰ কমিউনিষ্ট চৰকাৰ জগৰীয়া হ’ব বুলি উল্লেখ কৰি আমেৰিকাই ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত বুলিও মন্তব্য আগবঢ়াইছে ৰাষ্ট্রসংঘৰ প্রাক্তন মার্কিন কূটনীতিক নিকি হালেই ৷ দক্ষিণ কেৰ’লিনা প্রদেশৰ দুটাকৈ কার্যকালৰ প্রাক্তন গৱর্নৰ ৪৮ বছৰীয়া ভাৰতীয় মূলৰ মহিলা নিকি হালেই চীনৰ কমিউনিষ্ট চৰকাৰ ক’ৰোনা মহামাৰীৰ বাবে জগৰীয়া বুলি ঘোষণা কৰিছে ৷ উল্লেখনীয় যে ‘ষ্টপ কমিউনিষ্ট চাইনা’ শীর্ষক এক আবেদনৰ জৰিয়তে প্রচাৰ আৰম্ভ কৰিছে নিকিয়ে ৷ ইতিমধ্যে এই আবেদনত ৪০ সহস্রাধিক লোকে স্বাক্ষৰ কৰিছে ৷ লক্ষাধিক লোকৰ স্বাক্ষৰ এই আবেদনত গ্রহণ কৰিব নিকিয়ে ৷

You might also like