ডিএনচিৰ চিই’ পদ এৰিলে সীমা নন্দাই
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ আমেৰিকান ডেম’ক্রেটিক নেচনেল কমিটী (ডিএনচি)ৰ মুখ্য কার্যবাহী বিষয়া (চিই’)ৰ পৰা পদত্যাগ কৰিছে ভাৰতীয় মূলৰ অধিবক্তা সীমা নন্দাই৷ ২০১৮ৰ জুন মাহত ডি এন চিৰ চি ই অ’ হিচাপে নিযুক্তি লাভ কৰিছিল ৪৮ বছৰীয়া সীমা নন্দাই৷ কালি ডি এন চিৰ এই গুৰুত্বপূর্ণ পদ মহিলাগৰাকীয়ে ত্যাগ কৰিছে৷ ইয়াৰ সবিশেষ কাৰণ সদৰী কৰা নাই৷ স্মর্তব্য যে ডেম’ক্রেটিক দলৰ এয়া এক গুৰুত্বপূর্ণ পদবী৷ বিশেষকৈ আমেৰিকাৰ মূল বিৰোধী দলটোৰ শীর্ষ প্রশাসনীয় পদ লাভ কৰাৰ পিছতো সীমা নন্দাই এই পদ কিয় ত্যাগ কৰিলে তাক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত চর্চা৷ আগন্তুক নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ডেম’ক্রেটিক দলৰ অভ্যন্তৰত মতানৈক্য ঘটা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ এই মতানৈক্যৰ বাবে সীমা নন্দাই পদত্যাগ কৰা বুলিও একাংশ সংবাদ মাধ্যমে প্রকাশ কৰিছে৷