নিয়মীয়া বার্তা, ২৮ এপ্রিলঃ সমগ্র দেশত চলি থকা লকডাউনৰ সময়ছোৱাত গৃহবন্দী হৈ থাকি অবাবতে সময় নষ্ট নকৰি তথা একাংশ ব্যক্তিৰ দৰে লকডাউন অমান্য কৰি বাটে–পথে ঘূৰি ফুৰাৰ পৰিৱর্তে নিৰঞ্জন নায়ক নামৰ এজন যুৱকে এক অপূর্ব সৃষ্টিৰে সকলোৰে প্রশংসা আদায় কৰাৰ লগতে তেওঁ এতিয়া হৈ পৰিছে সকলোৰে আকর্ষিত ব্যক্তি ৷ বহুতে ভবাতকৈ অলপ ব্যতিক্রমী চিন্তাৰে কৰা এটা নতুন কাম, যি কাম দেখি প্রশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্রণী সংগঠনে৷ প্রকৃতিপ্রেমী এই যুৱকজনৰ হাতৰ পৰশত নির্জীৱ শিলত প্রাণ পাই উঠিছে এটাৰ পাছত আনটো ভাস্কর্য শিল্প ৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্রৰ অন্তর্গত ৰূপাই চাইডিঙৰ মানখোৱা চাহবাগিচাৰ বন্যপ্রাণী ভালপোৱা নিৰঞ্জন নায়ক নামৰ এই যুৱকজনে এটুকুৰা শিলত অংকন কৰিছে বিভিন্ন পখিলা আৰু পক্ষীৰ চিত্র ৷
লকডাউনৰ এই জটিল সময়ত ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙৰ মানখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত বন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু–বৰ শিলত প্রকৃতি আৰু চৰাইৰ মনোমোহা চিত্র অংকনত৷ নদীৰ বুকুৰ পৰা বুটলি অনা মসৃন শিলবোৰক পৰিষ্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পাছত এটা মনোমোহা চৰাই আৰু প্রকৃতিৰ মনোমোহা ছবি৷ নিৰঞ্জনৰ এই ব্যতিক্রমী কার্যই ছ’চিয়েল মিডিয়াতো ইতিমধ্যেই যথেষ্ট জনপ্রিয়তা লাভ কৰিছে ৷ আনহাতে, আন্তঃৰাষ্ট্রীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখায়ো মান্যতাৰে প্রশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক৷ চাহ বাগিচাৰ যুৱক নিৰঞ্জন ডিগবৈ মহাবিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক তৃতীয় বর্ষৰ ছাত্র ৷ তেওঁ এতিয়া কলেজীয়া পাঠ্যক্রম অধ্যয়নৰ লগতে ব্যস্ত হৈ পৰিছে অসমত পোৱা বিভিন্ন চৰাইৰ চিত্র অঁকা কার্যত ৷